২৮-২৯ মাৰ্চত গুৱাহাটীত জয়ৰঙ্গম নাট্য উৎসৱ

- Advertisement -
নিউজ ডেস্ক, গুৱাহাটী, ২৭ মাৰ্চঃ জয়ৰঙ্গম ফ্ৰিঞ্জেছ অসম ২০২৬ অহা ২৮ আৰু ২৯ মাৰ্চ, ২০২৬ তাৰিখে গুৱাহাটীৰ পূব বামুনীমৈদানস্থিত অনুৰাধা চিনেপ্লেক্স কমপ্লেক্সৰ ২য় মহলাত অৱস্থিত অগোৰা: দ্য স্পেচত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানটো জয়ৰঙ্গম নাট্য উৎসৱৰ অংশ হিচাপে ৩ এম ডট বেণ্ডছ থিয়েটাৰ ফেমিলি ছ’চাইটি এ উপস্থাপন কৰিছে। ২০০১ চনত স্থাপিত জয়পুৰভিত্তিক এই সংগঠনটো দেশজুৰি নাট্য প্ৰদৰ্শন, কৰ্মশালা, বাটৰ নাট আৰু বিভিন্ন সামাজিক সচেতনতা কাৰ্যসূচীৰ জৰিয়তে সাংস্কৃতিক ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে।
২৮ মাৰ্চ সন্ধিয়া ৭:০০ বজাত অসমীয়া নাটক “Men in a Box,” ৰচনা আৰু পৰিচালনা কৰিছে ৰিপাম ভৰদ্বাজে আৰু গুৱাহাটীৰ সৃষ্টি ইউনাইটিং কালচাৰ এণ্ড ছ’চাইটিৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব। নাটকখনত সমকালীন সমাজত ব্যক্তিৰ ভয়, নিঃসঙ্গতা আৰু অন্তৰ্দ্বন্দ্বৰ বিষয়বস্তু উপস্থাপন কৰা হৈছে। মঞ্চায়নৰ পিছতেই সন্ধ্যা ৮ বজাৰ পৰা “Theatre of Tomorrow” শীৰ্ষক নাট্যভিত্তিক এক আলোচনাচক্ৰ অনুষ্ঠিত হ’ব। আলোচনাত অংশগ্ৰহণ কৰিব ৰবিজিতা গগৈ, আশা কোঠাৰী চৌধুৰী আৰু ৰিপম ভৰদ্বাজে, আৰু সঞ্চালনা কৰিব ৰাইনা ভট্টাচাৰ্য্যাই। আলোচনাত নাট্যকলাৰ ভৱিষ্যৎ, প্ৰত্যাহ্বান আৰু নতুন সম্ভাৱনাসমূহৰ বিষয়ে মত বিনিময় কৰা হ’ব।
২৯ মাৰ্চ সন্ধিয়া ৭:০০ বজাত হিন্দী নাটক “Letters to the Unborn Children of Fatima Jahan,” ড° গৌৰৱ দাসৰ পৰিচালনাত কলকাতাৰ সন্তোষপুৰ অনুচিন্তনৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব। নাটকখনত দুখ-কষ্ট, ক্ষতি আৰু জীৱনসংগ্ৰামৰ মাজেৰে আগবাঢ়ি যোৱা এগৰাকী যুৱতীৰ আবেগিক জীৱনযাত্ৰা চিত্ৰিত কৰা হৈছে। দুদিনীয়া এই অনুষ্ঠানত দেশৰ ভিন্ন অঞ্চলৰ নাট্যদলসমূহে অংশগ্ৰহণ কৰি সমকালীন ভাৰতীয় নাট্যধাৰাৰ বৈচিত্ৰ্যপূৰ্ণ বিষয়বস্তু আৰু অভিনয়শৈলী দর্শকৰ আগত উপস্থাপন কৰিব।
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,251FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
27 ° C
27 °
27 °
75%
2.2m/s
100%
Wed
28 °
Thu
30 °
Fri
27 °
Sat
29 °
Sun
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23

শেহতীয়া আপডেটঃ