অসমত ম’হ যুঁজক লৈ পুনৰ ন্যায়িক সংঘাত

- Advertisement -
- Advertisement -
- Advertisement -

● অসমত ম’হ যুঁজক লৈ পুনৰ ন্যায়িক সংঘাত
● গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ পেটা ইণ্ডিয়া (PETA India)
● ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘাৰে অনুষ্ঠিত ম’হ যুঁজৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
● আৰক্ষীৰ নীৰৱতাৰ বিৰুদ্ধে ক্ষীপ্ৰ ন্যায়িক হস্তক্ষেপৰ দাবী পেটা ইণ্ডিয়াৰ

অসমত মাঘ বিহুৰ সময়ত অনুষ্ঠিত হোৱা পৰম্পৰাগত ম’হ যুঁজক কেন্দ্ৰ কৰি পুনৰ ন্যায়িক সংঘাতৰ সৃষ্টি হৈছে। ‘পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ’ চমুকৈ পেটা ইণ্ডিয়াই (PETA India) শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ চলিত বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত ম’হ যুঁজসমূহক বেআইনী আখ্যা দিছে আৰু ইয়াৰ জৰিয়তে জীৱ-জন্তুৰ ওপৰত চলোৱা নিষ্ঠুৰতাৰ বিৰুদ্ধে ক্ষীপ্ৰ ন্যায়িক হস্তক্ষেপৰ দাবী জনাইছে। পেটা ইণ্ডিয়াই প্ৰকাশ কৰা আনুষ্ঠানিক প্ৰতিবেদন অনুসৰি, মৰিগাঁও আৰু নগাঁও জিলাত অনুষ্ঠিত এই যুঁজসমূহত প্ৰায়ে ম’হবোৰক নাকৰ ৰছীৰে টানি অনা হৈছিল আৰু লাঠীৰে নিৰন্তৰ প্ৰহাৰ কৰা হৈছিল। যাৰ ফলত জীৱবোৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেজত লুতুৰি-পুতুৰি হোৱাৰ লগতে পলায়নৰ চেষ্টা কৰা এটা ম’হৰ আক্ৰমণত এজন ব্যক্তিও বেয়াকৈ আহত হোৱাৰ ভয়ংকৰ দৃশ্য সন্মুখলৈ আহিছে।

এই সমগ্ৰ বিষয়টোৱে ৰাজ্যখনৰ প্ৰশাসনিক আৰু আইনী ব্যৱস্থালৈও আঙুলি টোৱাইছে, কিয়নো উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনাৰ পিছতো এই যুঁজসমূহ মুকলিকৈ অনুষ্ঠিত হৈছিল। উল্লেখ্য যে, ২০১৪ চনত উচ্চতম ন্যায়ালয়ে ‘এনিমেল ৱেলফেয়াৰ ব’ৰ্ড অৱ ইণ্ডিয়া বনাম এ. নাগৰাজ’ গোচৰত জীৱ-জন্তুক নিষ্ঠুৰতা প্ৰদৰ্শন কৰা এনে খেলসমূহ নিষিদ্ধ কৰিছিল। এই ৰায়দানৰ আধাৰতেই পেটা ইণ্ডিয়াৰ আবেদন মৰ্মে ২০২৪ চনৰ ডিচেম্বৰ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২৩ চনত অসম চৰকাৰে ম’হ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিবলৈ জাৰি কৰা এছ. অ’. পি. (SOP) খন বাতিল কৰিছিল। শেহতীয়া বাতৰি অনুসৰি, এই কঠোৰ আইনী বাধা থকাৰ পিছতো একাংশ লোকে প্ৰশাসনৰ নাকৰ তলতে চলিত বৰ্ষত পুনৰ এই যুঁজসমূহৰ আয়োজন কৰাটোৱে আদালতৰ অৱমাননা আৰু জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ ৰ চৰম উলংঘন বুলি সংস্থাটোৱে দাবী কৰিছে।

ঘটনা সন্দৰ্ভত আগতীয়া সতৰ্কবাণী আৰু একাধিক আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষী-প্ৰশাসনৰ ফালৰ পৰা আশানুৰূপ সঁহাৰি নোপোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পেটা ইণ্ডিয়াৰ তথ্য মতে, এই বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে কেৱল শিৱসাগৰ আৰু নগাঁও জিলাতহে ভাৰতীয় ন্যায় সংহিতা আৰু জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ অধীনত মাত্ৰ দুখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। কিন্তু মৰিগাঁৱৰ আহঁতগুৰি, গৰমৰি গাঁও, মিকিৰভেটা, ৰহা, মাজৰহলা দ’ল পথাৰ আৰু ডিব্ৰুগড়ৰ দৰে স্থানসমূহত মুকলিকৈ যুঁজ অনুষ্ঠিত হোৱাৰ নিৰ্দিষ্ট অভিযোগ থকাৰ পিছতো আৰক্ষীয়ে কোনো গোচৰ ৰুজু কৰা নাই বুলি সংস্থাটোৱে জানিবলৈ দিছে। এই নিষ্ক্ৰিয়তাই সমগ্ৰ বিষয়টোক লৈ প্ৰশাসনৰ ভূমিকা সন্দেহৰ আৱৰ্তলৈ ঠেলি দিয়াৰ লগতে জীৱ-জন্তুৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ প্ৰশ্নবোধক সৃষ্টি কৰিছে।

নিউজ ডেস্ক ৰিপৰ্ট,নতুন সময়

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,948FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
22.4 ° C
22.4 °
22.4 °
83 %
1.6kmh
50 %
Wed
22 °
Thu
33 °
Fri
35 °
Sat
35 °
Sun
32 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15
Video thumbnail
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি | Successful NASA's Artemis-2 Mission | #notun_somoy
03:15
Video thumbnail
আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি || #notun_somoy
03:37
Video thumbnail
ঘোষিত হ’ল ২০২৬ বৰ্ষৰ মেট্ৰিকৰ ফলাফল | উত্তীৰ্ণৰ হাৰ ৬৫.৬২% | SEBA 10th Result 2026 | #notun_somoy
03:12
Video thumbnail
বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব || #notun_somoy
03:30
Video thumbnail
আমেৰিকা-ইৰাণৰ মাজত আকস্মিক যুদ্ধবিৰতি | Ceasefire between America and Iran | #notun_somoy
02:50
Video thumbnail
কম বয়সতে কৰ্কট ৰোগৰ বলি হৈছে নগৰীয়া মহিলা || #notun_somoy
03:56
Video thumbnail
শিৱসাগৰত ৰাইজৰ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ || #notun_somoy
04:20
Video thumbnail
৯ এপ্ৰিলত ভাগ্য নিৰ্ণয় হ'ব ৭২২ গৰাকী প্ৰাৰ্থীৰ | Assam Election 2026 | #notun_somoy
04:54
Video thumbnail
CBSE-ৰ নতুন ত্ৰি-ভাষিক নীতি || #notun_somoy
03:37

শেহতীয়া আপডেটঃ