২৮ মাৰ্চৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ

- Advertisement -
- Advertisement -
- Advertisement -

● ২৮ মাৰ্চৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ
● নতুন নিয়ম আৰু অভিলেখ সৃষ্টিকাৰী নিলামৰে সাজু আই পি এল ২০২৬
● নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰথম ২০ খন মেচৰ সূচী প্ৰকাশ
● ৰাজস্থান ৰয়েলছৰ নেতৃত্বত অসম সন্তান ৰিয়ান পৰাগ

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ফ্ৰেঞ্চাইজি ক্ৰিকেট টুৰ্ণামেণ্ট ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৬ বৰ্ষৰ সংস্কৰণ অহা ২৮ মাৰ্চৰ পৰা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজৰ মেচখনৰ জৰিয়তে আৰম্ভ হ’ব । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰথম পৰ্যায়ত কেৱল ২০ খন খেলৰ সূচীহে প্ৰকাশ কৰিছে। এইবাৰৰ প্ৰতিযোগিতাখনত বি চি চি আইৰ কেইবাটাও নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে, যাৰ ভিতৰত ‘ইমপেক্ট প্লেয়াৰ’ নিয়মৰ শেহতীয়া সালসলনি অন্যতম। নতুন নিয়ম অনুসৰি, দলসমূহে এতিয়া কেৱল দুটা ইনিংছৰ মাজৰ সময়ছোৱাতহে খেলুৱৈ সলনি কৰিব পাৰিব আৰু এই সুবিধা কেৱল বেটিং শক্তিশালী কৰাৰ বাবেহে প্ৰযোজ্য হ’ব। ইয়াৰ উপৰিও, প্ৰতিটো দলকে অনুশীলনীৰ বাবে সুকীয়া  পিচ আৰু নেট প্ৰদানৰ দৰে কঠোৰ নিৰ্দেশনাই খেলুৱৈসকলৰ প্ৰস্তুতিত পেছাদাৰিত্বৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে।

শেহতীয়াকৈ আবুধাবিত অনুষ্ঠিত হৈ যোৱা খেলুৱৈ নিলাম আৰু ট্ৰেডিং প্ৰক্ৰিয়াই সমগ্ৰ প্ৰতিযোগিতাখনৰ দৃশ্যপট সলনি কৰি দিছে। কলকাতা নাইট ৰাইডাৰ্ছে অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ কেমেৰণ গ্ৰীণক  ২৫ কোটি ২০ লাখ টকাত ক্ৰয় কৰি আই পি এলৰ ইতিহাসত বিদেশী খেলুৱৈৰ সৰ্বাধিক দৰৰ নতুন অভিলেখ ৰচনা কৰে, অৱশ্যে নতুন নিয়ম অনুসৰি তেওঁ প্ৰকৃততে ১৮ কোটি টকাহে লাভ কৰিব । একেখন নিলামতে কলকাতাই শ্ৰীলংকাৰ মাথিছা পাথিৰানাক ১৮ কোটি টকাত আৰু চেন্নাই ছুপাৰ কিংছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলা প্ৰশান্ত বীৰ আৰু কাৰ্তিক শৰ্মাক ১৪ কোটি ২০ লাখ টকাকৈ ক্ৰয় কৰি সকলোকে চমক সৃষ্টি কৰে। নিলামৰ সমান্তৰালভাৱে, ৰাজস্থান ৰয়েলছে এক বৃহৎ সালসলনি কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া অধিনায়ক সঞ্জু ছেমছনক চেন্নাইলৈ ট্ৰেড কৰে আৰু বিনিময়ত ৰবীন্দ্ৰ জাডেজা তথা ছেম কাৰাণক দললৈ আদৰি আনে।

প্ৰশিক্ষকৰ সালসলনি আৰু খেলুৱৈৰ উপলব্ধতাই এইবাৰৰ প্ৰতিযোগিতাত এক নিৰ্ণায়ক ভূমিকা পালন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। দিল্লী কেপিটেলছত হেমাং বাদানী, কলকাতা নাইট ৰাইডাৰ্ছত অভিষেক নায়াৰ, পঞ্জাৱ কিংছত ৰিকি পণ্টিং আৰু লক্ষ্ণৌ ছুপাৰ জায়ান্টছত জাষ্টিন লেংগাৰৰ দৰে অভিজ্ঞ প্ৰশিক্ষকৰ নিযুক্তিয়ে দলসমূহৰ ষ্ট্ৰেটেজিলৈ নতুনত্ব কঢ়িয়াই আনিব। অৱশ্যে, প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই ফাফ ডু প্লেছিছৰ পাকিস্তান ছুপাৰ লীগত অংশগ্ৰহণ আৰু আন্দ্ৰে ৰাছেল তথা ৰবিচন্দ্ৰন অশ্বিনৰ অৱসৰ গ্ৰহণৰ খবৰে ক্ৰীড়াপ্ৰেমীসকলক নিৰাশ কৰিছে। ইয়াৰ উপৰিও, জছ হেজলউড, পেট কামিন্স আৰু হৰ্ষিত ৰাণাৰ দৰে খেলুৱৈৰ আঘাতজনিত সমস্যাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছক চিন্তিত কৰি তুলিছে ।

অসমৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এইবাৰৰ আই পি এল এক বিশেষ হৈ পৰিছে, কিয়নো ৰাজস্থান ৰয়েলছে অসম সন্তান ৰিয়ান পৰাগক দলটোৰ পূৰ্ণকালীন অধিনায়ক হিচাপে নিযুক্তি দিছে । মাত্ৰ ২৪ বছৰ বয়সতে ৰবীন্দ্ৰ জাডেজা আৰু জফ্ৰা আৰ্চাৰৰ দৰে বিশ্বমানৰ খেলুৱৈক নেতৃত্ব দিয়াটো ৰিয়ানৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। এই গুৰু দায়িত্ব পালনৰ প্ৰস্তুতি স্বৰূপে ৰিয়ানে শেহতীয়াকৈ লণ্ডন ভ্ৰমণ কৰি ইংলিছ প্ৰিমিয়াৰ লীগৰ ফুটবল ক্লাব ৱেষ্ট হাম ইউনাইটেডৰ অধিনায়ক জেৰড বোৱেনৰ পৰা নেতৃত্বৰ গুৰুত্বপূৰ্ণ পাঠ গ্ৰহণ কৰিছে। প্ৰতিকূল পৰিস্থিতিত ড্ৰেছিং ৰূমৰ পৰিৱেশ পজিটিভ কৰি ৰখাৰ লগতে দলক অনুপ্ৰাণিত কৰাৰ যি জ্ঞান তেওঁ আহৰণ কৰিছে, সেয়া এইবাৰৰ প্ৰতিযোগিতাখনত এক সুকীয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব।

নিউজ ডেস্ক ৰিপৰ্ট,নতুন সময়

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,161FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
few clouds
31.9 ° C
31.9 °
31.9 °
51 %
2.1kmh
17 %
Wed
32 °
Thu
31 °
Fri
31 °
Sat
34 °
Sun
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15

শেহতীয়া আপডেটঃ