চন্দ্ৰৰ বুকুত মানৱ অন্বেষণৰ এক নতুন যুগৰ সূচনা

- Advertisement -
- Advertisement -
- Advertisement -

● চন্দ্ৰৰ বুকুত মানৱ অন্বেষণৰ এক নতুন যুগৰ সূচনা 
● নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি 
● নিৰাপদে পৃথিৱীলৈ উভতি আহিল চাৰি মহাকাশচাৰী 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ ঐতিহাসিক ‘আৰ্টেমিছ ২’ (Artemis II) অভিযানৰ সফল সামৰণি পৰিছে। যোৱা ১০ এপ্ৰিল তাৰিখে ‘অৰিয়ন’ (Orion) মহাকাশযানখনে কেলিফৰ্নিয়াৰ ছান ডিয়েগো উপকূলৰ প্ৰশান্ত মহাসাগৰত সুকলমে অৱতৰণ কৰে। এই অভিযানৰ জৰিয়তে ৫০ বছৰতকৈও অধিক সময়ৰ পাছত মানুহে পুনৰ মহাকাশলৈ যোৱাৰ বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। যোৱা ১ এপ্ৰিলত উৎক্ষেপণ কৰা এই ১০ দিনীয়া অভিযানত মহাকাশচাৰী ৰিড ৱাইজমেন, ভিক্টৰ গ্লোভাৰ, ক্ৰিষ্টিনা ক’চ আৰু জেৰেমি হেনচেনে অংশগ্ৰহণ কৰিছিল। নাছাৰ চৰকাৰী ৱেবছাইটৰ পৰা প্ৰাপ্ত শেহতীয়া তথ্য অনুসৰি, এই মহাকাশচাৰীৰ দলটোৱে চন্দ্ৰত পদাৰ্পণ নকৰিলেও, তেওঁলোকে পৃথিৱীৰ পৰা প্ৰায় ২,৫২,৭৫৬ মাইল (৪,০৬,৭৭১ কিলোমিটাৰ) দূৰত্ব অতিক্ৰম কৰি এপ’ল’- ১৩ ৰ পূৰ্বৰ অভিলেখ ভংগ কৰি মানৱ ইতিহাসত সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰাৰ গৌৰৱ অৰ্জন কৰিছে।

পৃথিৱীলৈ উভতি অহাৰ সময়ত মহাকাশযানখনে প্ৰায় মেক ৩৩ (Mach 33) অৰ্থাৎ শব্দৰ বেগতকৈ ৩৩ গুণ অধিক বেগত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল, যাৰ ফলত অত্যধিক তাপ আৰু প্লাজমাৰ সৃষ্টি হৈ সাময়িকভাৱে যোগাযোগ ব্যাহত হৈ পৰিছিল। সংবাদ প্ৰতিষ্ঠান স্পেচ ডট কমৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, যানখনৰ হিট শ্বিল্ডে এই পৰীক্ষাত সফলতাৰে অৱতীৰ্ণ হোৱাৰ পিছত পেৰাচুটৰ সহায়ত ইয়াক নিৰাপদে মহাসাগৰত অৱতৰণ কৰোৱা হয়। যাত্ৰাপথত খোৱাপানীৰ ব্যৱস্থা, প্ৰপালচন ভাল্ভ আৰু অনবৰ্ড চেনিটেচনৰ দৰে কিছু সৰু-সুৰা কাৰিকৰী বিজুতিৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও মহাকাশচাৰী ক্ৰিষ্টিনা ক’চে এইসমূহক মহাকাশ অন্বেষণৰ বাবে প্ৰয়োজনীয় ত্যাগ বুলি অভিহিত কৰিছে। এই যাত্ৰাকালত তেওঁলোকে চন্দ্ৰৰ সিপাৰৰ মানুহে কেতিয়াও নেদেখা কিছুমান অঞ্চলৰ লগতে এক বিৰল পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ ছবিও বন্দী কৰিবলৈ সক্ষম হয়। তদুপৰি, এপ’ল’-৮ ৰ বিখ্যাত ‘আৰ্থৰাইজ’ৰ দৰে পৃথিৱীৰ এক চমকপ্ৰদ দৃশ্যও তেওঁলোকে কেমেৰাত বন্দী কৰিছে।

এই অভিযান হৈছে ১৯৭২ চনৰ এপ’ল’-১৭ ৰ পাছত প্ৰথমটো মানৱবাহী চন্দ্ৰ অভিযান, যিয়ে নাছাৰ ভৱিষ্যতৰ চন্দ্ৰ আৰু মংগল গ্ৰহৰ অন্বেষণৰ পথ প্ৰশস্ত কৰিছে। লাইভ চাইন্সৰ সূত্ৰই প্ৰকাশ কৰা মতে, সফলতাৰে এই অৱতৰণ সম্পন্ন হোৱাৰ পিছত উদ্ধাৰকাৰী দলে মহাকাশচাৰীসকলক ইউ এছ এছ জন পি মাৰ্থা নামৰ নৌসেনাৰ জাহাজখনলৈ সুৰক্ষিতভাৱে লৈ যায়। মহাকাশচাৰী জেৰেমি হেনচেনে উল্লেখ কৰা মতে, মাটিত যিমানেই পৰীক্ষা নিৰীক্ষা কৰা নহওক কিয়, মহাকাশত সঁজুলিসমূহৰ প্ৰকৃত পৰীক্ষাহে আটাইতকৈ জটিল। আৰ্টেমিছ ২ ৰ এই সফলতাই নাছাক পৰৱৰ্তী আৰ্টেমিছ ৩ আৰু আৰ্টেমিছ ৪ অভিযানৰ বাবে আত্মবিশ্বাস যোগাইছে। এই পৰৱৰ্তী অভিযানসমূহৰ জৰিয়তে চলিত দশকৰ শেষৰ ফালে ডকিং ব্যৱস্থাৰ পৰীক্ষণ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত মহাকাশচাৰী নমোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি নাছাই সদৰী কৰিছে।

 নিউজ ডেস্ক ৰিপৰ্ট,নতুন সময় 

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,626FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
25.4 ° C
25.4 °
25.4 °
95%
1.7m/s
100%
Mon
25 °
Tue
31 °
Wed
33 °
Thu
29 °
Fri
29 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ