আঠ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুওৱা ইৰফানৰ অদম্য সাহস

- Advertisement -
● আঠ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুওৱা ইৰফানৰ অদম্য সাহস
● ১৮ বাৰ অস্ত্ৰোপচাৰৰ পিছতো হাৰ নমনা ইৰফানৰ UPSC ত সফলতা
● সৰ্বভাৰতীয় পৰ্যায়ত ৯৫৭ সংখ্যক স্থান লাভ
নিউজ ডেস্ক,নতুন সময়
জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাৰ অন্তৰ্গত নাইদখাই গাঁৱৰ এগৰাকী দৃষ্টীহীন যুৱক ইৰফান আহমেদ লোনৰ সাফল্যই শেহতীয়াকৈ সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। মাত্ৰ আঠ বছৰ বয়সতে দুয়োটা চকুৰ দৃষ্টিশক্তি হেৰুওৱা ইৰফানে শেহতীয়াকৈ ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৯৫৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বান্দিপোৰা জিলাৰ পৰা ইউ পি এছ চি উত্তীৰ্ণ হোৱা তেৱেঁই হৈছে প্ৰথমগৰাকী ব্যক্তি। চাৰি বছৰ বয়সত এটা দুৰ্ঘটনাত চিৰিঞ্জ সোমাই এটা চকু আৰু পৰৱৰ্তী সময়ত বিদ্যালয়ত পেঞ্চিলেৰে খেলি থাকোঁতে চকুত লাগি আনটো চকুৰ দৃষ্টি হেৰুওৱা ইৰফানে পৰীক্ষাৰ প্ৰশ্নকাকত নেদেখাকৈয়ে নিজৰ একাগ্ৰতাৰ বলত এই অসাধাৰণ কৃতিত্ব অৰ্জন কৰিছে।
জলসিঞ্চন বিভাগত দিনহাজিৰা কৰা শ্ৰমিক পিতৃ বছিৰ আহমেদ লোনে পুত্ৰৰ চিকিৎসাৰ বাবে নিজৰ সকলো সা-সম্পত্তি আৰু মাটি-বাৰী বিক্ৰী কৰিছিল। দিল্লীৰ এইমছকে ধৰি বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত ১৮ বাৰকৈ অস্ত্ৰোপচাৰ কৰাৰ পিছতো তেওঁৰ দৃষ্টিশক্তি ঘূৰাই আনিব পৰা নগ’ল আৰু দুৰ্ভাগ্যজনকভাৱে ২০০২ চনত তেওঁ মাতৃকো হেৰুৱায়। সকলো আশা শেষ হোৱাৰ দিশে গৈছিল যদিও পিতৃৰ অদম্য সাহস আৰু সঙ্কল্পৰ বলত ইৰফানে ডেৰাডুনৰ এখন বিশেষ বিদ্যালয়ত ব্ৰেইল আৰু স্ক্ৰীণ ৰিডিং ছফ্টৱেৰৰ সহায়ত নতুনকৈ শিক্ষা জীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
পাৰিবাৰিক আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ইৰফানে প্ৰথমে বেংকিং পৰীক্ষাত অৱতীৰ্ণ হৈ পঞ্জাব নেচনেল বেংকত আৰু পৰৱৰ্তী সময়ত জীৱন বীমা নিগমৰ সহকাৰী প্ৰশাসনিক বিষয়া হিচাপে চাকৰিত যোগদান কৰিছিল। কিন্তু পিতৃৰ সপোন পূৰণ কৰাৰ তাগিদাত তেওঁ পূৰ্ণকালীন চাকৰিৰ সমান্তৰালভাৱে স্ক্ৰীণ ৰিডিং ছফ্টৱেৰৰ সহায়ত ইউ পি এছ চিৰ কঠোৰ প্ৰস্তুতি চলাই তৃতীয়টো প্ৰচেষ্টাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। সমাজলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি ইৰফানে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে শাৰীৰিক প্ৰতিবন্ধকতাই কেতিয়াও শিক্ষা গ্ৰহণ আৰু সপোন বাস্তৱায়িত কৰাত হেঙাৰ হ’ব নোৱাৰে। তেওঁ লগতে অভিভাৱকসকলক আহ্বান জনায় যে বিশেষভাৱে সক্ষম সন্তানক ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ কৰি নৰাখি সমাজৰ সৈতে মিলি প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰিব লাগে।
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,256FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
81%
1.2m/s
82%
Thu
25 °
Fri
30 °
Sat
28 °
Sun
28 °
Mon
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ