২০২৪ চনৰ অক্সফৰ্ড বছৰৰ শ্ৰেষ্ঠ শব্দ “ব্ৰেইন ৰট (Brain Rot)”

- Advertisement -
- Advertisement -
- Advertisement -

● ২০২৪ চনৰ অক্সফৰ্ড বছৰৰ শ্ৰেষ্ঠ শব্দ “ব্ৰেইন ৰট (Brain Rot)”
● প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হৈছিল হেনৰী ডেভিদ থ’ৰ’ৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ ৱাল্ডেনত
● মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৱহাৰ হয় এই শব্দটো

অক্সফৰ্ড লেংগুৱেজে ২০২৪ চনৰ বাবে বছৰৰ শব্দ হিচাপে ঘোষণা কৰিছে “ব্ৰেইন ৰট(Brain Rot)” শব্দটোক।
৩৭ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীক লৈ হোৱা ৰাজহুৱা ভোটৰ জৰিয়তে নিৰ্বাচিত হোৱা শব্দ “ব্ৰেইন ৰট’এ অনলাইন সংস্কৃতিৰ দ্বাৰা ক্ৰমান্বয়ে গঢ় লৈ উঠা পৃথিৱীখনৰ সামূহিক চেতনাক আকৰ্ষণ কৰিছে। এই শব্দটোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিম্নমানৰ বা তুচ্ছ বিষয়বস্তুৰ অতিমাত্ৰা ব্যৱহাৰ কৰাৰ ফলত মানসিক বা বৌদ্ধিক ক্ষমতাৰ অৱনতিক বুজায়। বৰ্তমান ইনষ্টাগ্ৰাম, ফেচবুক আদি সামাজিক মাধ্যমত বহু সময় ধৰি তুচ্ছমানৰ ৰিলছ চাই থকাৰ পৰিণতিত মানুহৰ মগজু এক প্ৰকাৰৰ গেলিবলৈ আৰম্ভ কৰি বৌদ্ধিক ক্ষমতা শূণ্য হৈ পৰাটো বুজাবলৈকে ”ব্ৰেইন ৰট” শব্দটোক ব্যৱহাৰ কৰা হয়।

অক্সফৰ্ড লেংগুৱেজ বিশেষজ্ঞসকলে ২০২৩ চনৰ পৰা ২০২৪ চনৰ ভিতৰত “ব্ৰেইন ৰট”ৰ ব্যৱহাৰ ২৩০% লৈ বৃদ্ধি হোৱা পৰ্যবেক্ষণ কৰিছে। এই শব্দটো আধুনিক শব্দ নহয়৷ ‘ব্ৰেইন ৰট’ৰ প্ৰথম লিপিবদ্ধ ব্যৱহাৰ ১৮৫৪ চনৰ পৰাই হৈছিল। প্ৰথমবাৰৰ বাবে এই শব্দটোৰ ব্যৱহাৰ হৈছিল হেনৰী ডেভিদ থ’ৰ’ৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ ৱাল্ডেনত।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম বিশেষকৈ টিকটকে এই শব্দটোক অধিক জনপ্ৰিয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এলেক্সি গেৰাচিমভৰ স্কিবিডি টয়লেট ছিৰিজ আৰু “অনলি ইন অহাইঅ’ত” মিমৰ দৰে ভাইৰেল ট্ৰেণ্ডে কেৱল মনোৰঞ্জন দিয়াই নহয়, “ব্ৰেইন ৰট”ৰ ওপৰত আলোচনাকো ইন্ধন যোগাইছে। এই ধাৰাসমূহৰ পৰাই “স্কিবিডি” আৰু “অহাইঅ”ৰ দৰে শব্দৰ উন্মেষ ঘটিছে, এইবোৰে অনলাইন সংস্কৃতিৰ অৰ্থহীন বা অদ্ভুত দিশসমূহক হাস্যৰসেৰে উজ্জ্বল কৰি তুলিছে।

অৱশ্যে এই পৰিঘটনাটো কেৱল হাস্যৰসৰ কথা নহয়। ইয়াত মানসিক স্বাস্থ্যৰ ওপৰত নিম্নমানৰ ডিজিটেল বিষয়বস্তুৰ প্ৰভাৱৰ বিষয়ে অধিক গুৰুতৰ উন্মেষ হে ঘটিছে। চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকাৰ এক মানসিক স্বাস্থ্য কেন্দ্ৰই বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ “ব্ৰেইন ৰট”ক চিনাক্তকৰণ আৰু ইয়াৰ পৰা হাত সাৰিবলৈ সহায়ক হোৱাকৈ নিৰ্দেশনা জাৰি কৰিছিল।

অক্সফৰ্ড লেংগুৱেজৰ সভাপতি কেছপাৰ গ্ৰেথৱ’লে সাম্প্ৰতিক ডিজিটেল পৰিৱেশত এই শব্দটোৰ প্ৰাসংগিকতাক লক্ষ্য ৰাখি কয় যে:
“ব্ৰেইন ৰটে” ডিজিটেল যুগৰ প্ৰতি আমাৰ ব্যস্ততা আৰু ইয়াৰ প্ৰভাৱ আমাৰ জীৱনত প্ৰতিফলিত কৰে।”

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,628FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
heavy intensity rain
27 ° C
27 °
27 °
91%
3.1m/s
100%
Mon
26 °
Tue
33 °
Wed
34 °
Thu
28 °
Fri
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ