ইতিহাসৰ পাত লুটীয়াই- খণ্ডঃ ১৭

- Advertisement -

আহোম ৰাজত্বকালত বিষয়াসকল ৰাজসভাৰ বৰচ’ৰাত বহাৰ নিয়ম

- Advertisement -
- Advertisement -

আহোম স্বৰ্গদেউৰ ৰাজসভাত বিষয়াসকল বহাৰ নিয়ম আছিল৷ বৰচ’ৰাত বহিলে কোন বিষয়া ক’ত বহে তাৰ বিৱৰণ আমি উল্লেখ কৰিব বিছাৰো৷

ৰাজচ’ৰাটো উত্তৰ-দক্ষিণা৷ ৰাজচ’ৰাত স্বৰ্গদেউ উত্তৰফালে দুটা কোঠা এৰি তৃতীয় কোঠাৰ মাজত দক্ষিণলৈ মুখ কৰি সিংহাসনত বহে৷ স্বৰ্গদেউ বহা কোঠাৰ উত্তৰ আৰু দক্ষিণ কোঠা দুটা খালী থাকে৷ কিন্তু আহোম স্বৰ্গদেউ ওচৰত তামুলী লিগিৰা, বৰতামুলী, পিকবানধৰা, চোঁৱৰলোৱা পাঁচনি আৰু কেতিয়াবা হাঁত বিচনী লোৱা লিগিৰা, এই পাঁচজন মাত্ৰ থাকে৷

সিংহাসনৰ উত্তৰে খালী হৈ থকা কোঠাৰ সোঁমাজত উত্তৰলৈ যোৱা বাট৷ বাটৰ পূবফালে দক্ষিণ-পূব চুকৰ খুঁটাৰ ওচৰতে পাঁচনি বৰা বহে৷ তেওঁৰ ওচৰত ৰঙাচুলি লগা দাৰে দুই-এজন পাঁচনিৰ পালী বহে৷ সেই খুঁটাৰ পূবফালে গোহাঁইদেউসকল বহে আৰু তেখেতসকলৰ কেউফালে চমুৱা-পাঁচনি বিলাক থাকে৷ সেই কোঠাৰ পোনে পোনে উত্তৰ কোঠাত পশ্চিমফালে স্বৰ্গদেউৰ দোলা থয়৷ পূবফালে গন্ধীয়া, মলীয়া, ভঁড়ালী আৰু পেৰাভৰীয়া নিজৰ নিজৰ কাম কৰে৷ পূব কাষে বৰবৰুৱাৰ সন্মুখত চমুৱাসকল আৰু পশ্চিমফালে তিনিজন বৰভাণ্ডাৰ বৰুৱা বহে৷ তেওঁলোকৰ পোনে পোনে থকা উত্তৰ কোঠাত অন্যান্য চমুৱা ফুকন আৰু কিছুমান বৰুৱা বহে৷ বাটৰ পশ্চিমফালৰ কোঠাত তৰোৱাল লোৱা লিগিৰাহঁত বহে৷ উত্তৰফালৰ সভা পাঁচনিবৰা আৰু কুকুৰাঢোৱা বৰুৱাই নিৰূপণ কৰে৷ স্বৰ্গদেউ বহা সন্মুখৰ কোঠাত পশ্চিমৰ পৰা পূবলৈ বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই আৰু বৰগোহাঁই ডাঙৰীয়া বহে৷

বৰগোহাঁইৰ বাওঁহাতৰ পৰা সদিয়াখোৱা গোহাঁই, মৰঙিখোৱা গোহাঁই আৰু শলাল গোহাঁই বহে৷ বুঢ়াগোহাঁই বহাৰ পশ্চিমফালৰ কোঠাত বৰবৰুৱা বহে৷ বৰবৰুৱাৰ দক্ষিণ চ’ৰাৰ ফুকনসকল আৰু ৰাজখোৱাসকল বহে৷ ৰাজখোৱাসকলৰ দক্ষিণে দেওধাই, বাইলুং, চেটিয়া পাত্ৰ বৰুৱা আৰু ঘৰফলীয়া বৰুৱা বহে৷ স্বৰ্গদেউ বহাৰ পূবফালে কোঠাত তামুলী, বৰতামুলী বহে আৰু তেওঁলোকৰ পোনে পোনে দক্ষিণ কোঠাত হেদাংধৰা আৰু সভাপণ্ডিতসকল বহে৷ তেওঁলোকৰ দক্ষিণ কোঠাত দৈৱজ্ঞ, জ্যোতিষীসকল আৰু জ্যোতিষীসকলৰ দক্ষিণ কোঠাত কটকীসকল, কটকীসকলৰ দক্ষিণ কোঠাত কাকতীসকল আৰু তেওঁলোকৰ দক্ষিণ কোঠাত পূবকাষে খাউণ্ডসকল আৰু পশ্চিমকাষে ডাঙৰীয়াসকলৰ হাতীমুৰীয়াসকল বহে৷ গুৱাহাটীৰ চ’ৰাৰ ফুকন আহিলে তেওঁলোকৰ মৰ্যদা অনুসৰি ৰংপুৰীয়া চ’ৰাৰ ফুকনসকলৰ মাজে মাজে বহে৷ গুৱাহাটীৰ ৰাজখোৱাসকল আহিলে চ’ৰাৰ দক্ষিণ টুপত বহে৷ দক্ষিণ ফালৰ চ’ৰাৰ সভা বৰবৰুৱাই নেওগফুকনৰ দ্বাৰা নিৰূপণ কৰায়৷

ঢেকীয়ালফুকন, দোলাকাষৰীয়া বৰুৱা আৰু চাওদাং বৰুৱাই বৰচ’ৰাৰ চাৰিওফালে থকা মুকিল স্থানৰ পৰা সভা নিৰূপণ কৰে৷ ঢেঁকীয়ালফুকন বৰচ’ৰাত বহিব পাৰে৷ ৰাজসভাৰ বৰচ’ৰাত বহাৰ নিয়মৰ দৰে বৰঘৰৰ টুপত বহাৰো আহোম স্বৰ্গদেউত দিনত নিয়ম আছিল৷ ১৮ সংখ্যক খণ্ডত এই প্ৰসংগত আমি আলোচনা আগবঢ়াম৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,628FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
light rain
30.7 ° C
30.7 °
30.7 °
87%
5.2m/s
94%
Mon
26 °
Tue
33 °
Wed
33 °
Thu
30 °
Fri
28 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ