ৰাজীৱ ভৱনত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ একাধিক গুৰুত্বপূৰ্ণ মন্তব্য

- Advertisement -
- Advertisement -
- Advertisement -

▪️নিজৰ বিফলতা ঢাকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহম্মদ আলী জিন্নাৰ দৰে ৰাজনীতি কৰিছে
▪️কংগ্ৰেছে অসমত মণিপুৰৰ দৰে হিংসাত্মক পৰিৱেশ হ’বলৈ নিদিয়ে
▪️গো-মাংস উদ্ধাৰৰ ঘটনাত ধৰা পৰা সকলোৰে ওপৰত তদন্ত হ’ব লাগে
▪️গৌৰৱ গগৈৰ গাড়ীত কোন বহে সেয়া নহয়, অ’এনজিচিৰ গেছ লীক কেতিয়া বন্ধ হ’ব ৰাইজে সেয়া জানিব বিচাৰে
▪️বিজেপিয়ে ছ’চিয়েল মিডিয়াত দুই-এদিনতে মোক লৈ ভুৱা চিনেমা বনাব বুলি খবৰ পাইছো

গুৱাহাটী, ২০ জুনঃ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দ্বিজাতি তত্বৰ খলনায়ক তথা পাকিস্তান গঠনৰ মূল হোতা মহম্মদ আলী জিন্নাৰ সৈতে ৰিজালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। বিগত কিছুদিন ধৰি ৰাজ্যখনৰ ভিন্ন প্ৰান্তত গো-মাংস উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজি এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, ”নিজৰ বিফলতা ঢাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নিকৃষ্ট সাম্প্ৰদায়িক ৰাজনীতিৰে জিন্নাৰ দৰে আচৰণ কৰিছে। আমি মুখ্যমন্ত্ৰীক অসমৰ মাটিত জিন্নাৰ ৰাজনীতি কৰিবলৈ নিদিও।’’ সংবাদমেলখনত তেওঁ মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ প্ৰসংগ উল্লেখ কৰি কয় যে বিজেপি আৰু তেওঁলোকৰ সহযোগী একাংশ দল-সংগঠনে অসমতো তেনেধৰণৰ ভাতৃঘাতী সংঘৰ্ষৰ সূচনা কৰিব বিচাৰিছে যদিও অসমীয়া ৰাইজে কোনো কাৰণতে তেনে ষড়যন্ত্ৰ সফল হ’বলৈ নিদিয়ে। ”নিৰ্বাচন সমাগত। বিফলতা লুকুৱাব লাগে। এয়াই হ’ল বিজেপি দল, আৰএছএছ, বজৰং, ভিএইছপি আদিৰ ষ্ট্ৰেটেজি। তেওঁলোকৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে। যিসকলে এইধৰণৰ কামবোৰ নিৰ্বাচনৰ পূৰ্বে কৰিব বিচাৰে। সেইকাৰণে আমাৰ উদ্দেশ্য হ’ল অসমৰ ভিতৰত আমি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ নিদিও। বিজেপিয়ে মণিপুৰৰ মানুহৰ যি অৱস্থা কৰিলে সেই অৱস্থা আমি অসমৰ ভিতৰত হ’বলৈ নিদিও।’’—বিজেপি দল আৰু চৰকাৰৰ ৰাজনৈতিক অভিসন্ধি উদঙাই দি এইদৰে কয় সভাপতি গৌৰৱ গগৈয়ে। সভাপতি গগৈয়ে লখিপুৰত গো-মাংস উদ্ধাৰ হোৱা সন্দৰ্ভতো বিজেপিক ওভতি ধৰে। তেওঁ কয়, ”এই আইডিয়াটো তেওঁলোকক কোনে দিলে? এনে কাৰ্যত জড়িত এতিয়ালৈ যিমানকেইজন লোক ধৰা পৰিছে সেই সকলোৰে ওপৰত তদন্ত হ’ব লাগে।’’ সভাপতিগৰাকীয়ে আৰু কয় যে কংগ্ৰেছ দল সকলোৰে দল। কংগ্ৰেছ দলে ধৰ্ম, জাতিৰ ভিত্তিত মানুহৰ মাজত সংঘাত সৃষ্টি হ’বলৈ নিদিয়ে। কংগ্ৰেছ দলে বড়ো, ৰাভা, কাৰ্বি, ডিমাছাসকলৰ প্ৰতি বিজেপি চৰকাৰে কৰা অন্যায়ৰ বিৰুদ্ধে মাৰবান্ধি যুঁজ দিবলৈ সাজু হৈছে বুলিও গগৈয়ে কয়। জাতি, মাটি, ভেটিৰ কথা কোৱা বিজেপি চৰকাৰখনে থলুৱা অসমীয়াৰ জাতি, মাটি, ভেটি ৰক্ষাৰ পৰিৱৰ্তে বৃহৎ পুঁজিপতিসকলক গতাই দিবলৈ অভিসন্ধি ৰচিছে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ”কংগ্ৰেছে বড়ো, ৰাভা, কাৰ্বি, ডিমাছাসকলৰ মাটি আম্বানি, আদানিক গতাই দিব খোজাৰ বিৰুদ্ধে আন্দোলন কৰি আছে। কংগ্ৰেছে আন্দোলন কৰিছে অসমৰ ভিন্ন ঠাইত হোৱা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে। বৰাকত এতিয়াও অব্যাহত থকা ডি ভোটাৰৰ সমস্যাক লৈ কংগ্ৰেছে আন্দোলন কৰিছে। ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আজিৰ তাৰিখলৈকে পূৰণ নোহোৱাক লৈ কংগ্ৰেছে আন্দোলন কৰিছে।’’ ৰাইজৰ সমস্যাসমূহৰ প্ৰতি গুৰুত্ব দি নৱ-প্ৰজন্মক লগত লৈ কংগ্ৰেছে নতুন অসমৰ সপোন লৈ ৰাজনীতি কৰিব বিচাৰে বুলিও আজিৰ সংবাদমেলত উল্লেখ কৰে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ গাড়ীৰ ভিতৰত বিজেপিৰ ভাইৰাছ আছে বুলি কোৱা মন্তব্যৰো সংবাদমেলত প্ৰত্যুত্তৰ দিয়ে গগৈয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ ঘৰতো কংগ্ৰেছৰ মানুহ আছে, মুখ্যমন্ত্ৰীয়ে ঘৰত কি কথা পাতি থাকে সেই খবৰ সেয়ে তেওঁ লাভ কৰে। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয়, ”গৌৰৱ গগৈৰ গাড়ীত কোন বহে, কোন নবহে সেইবোৰ কথা অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা জানিব নিবিচাৰে। চৌদিশে দেখা দিয়া সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰে কি কৰিছে সেই কথাহে মুখ্যমন্ত্ৰীৰ পৰা ৰাইজে জানিব বিচাৰে।’’ এই প্ৰসংগতে তেওঁ বিগত নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান সমস্যা ৰোধ কৰিবলৈ পুখুৰী খান্দিব বুলি কোৱা কথাৰ অৱতাৰণা কৰে। তেওঁ কয়, ”অমিত শ্বাহে কোৱা সেই পুখুৰী খন্দা হ’লনে? আমিও চাবলৈ যাও পুখুৰীকেইটা। মুখ্যমন্ত্ৰীয়ে এদিন কৈছিল যে তেওঁ মাটি দান দিব। ক’ত দান দিলে মাটি? আজি বড়ো, ৰাভা, কাৰ্বি, ডিমাছা ৰাইজৰ মাটিবোৰ কাঢ়ি লৈছেহে। তেওঁৰ পৰা ৰাইজে এইধৰণৰ ৰাজহুৱা স্বাৰ্থজনিত কথাবোৰহে জানিব বিচাৰে। শিৱসাগৰত অএনজিচিৰ গেছ লীকৰ সৈতে নাম সাঙোৰ খাই পৰা লোকজনৰ স্থানীয় বিজেপি নেতাৰ সৈতে যে সম্পৰ্ক আছে বুলি ওলোৱা খবৰ সঁচা নে মিছা সেয়া ৰাইজে জানিব বিচাৰে।’’ আনহাতে একাংশ সংবাদ মাধ্যমে প্ৰদেশ কংগ্ৰেছৰ নতুন সমিতিত বংশবাদ আছে বুলি প্ৰকাশ কৰা বাতৰি সন্দৰ্ভতো গৌৰৱ গগৈয়ে সংবাদমেলত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে ছ’চিয়েল মিডিয়াৰ নৱনিযুক্ত অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসৰ পৰিৱৰ্তে একাংশই প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰক লৈ লাগি আছে। কংগ্ৰেছত বংশবাদ আছেই যদি পৰিয়ালৰ কোনো লোক ৰাজনীতিত নথকা প্ৰফুল্ল কুমাৰ দাসৰ দৰে নেতাই কিদৰে ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ পদ পালে বুলি প্ৰশ্ন কৰে। গগৈয়ে কয় যে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰখনত দখল থকা এগৰাকী প্ৰতিভাৱান যুৱক বাবেই ছ’চিয়েল মিডিয়া বিভাগত সম-অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে। সংবাদমেলৰ মাজতে ৰসিকতা কৰি গগৈয়ে বিজেপিৰ ‘টাৰ্গেট গৌৰৱ’ সম্পৰ্কে কয়, ”বিজেপিয়ে মোক লৈ দুই-এদিনতে ভুৱা চিনেমা কৰিব বুলিও খবৰ পাইছো। কিবা কেৰেক্টাৰত মোৰ চেহেৰাতো লগাই দিব। এইবোৰ টেকন’লজিৰ যুগ। এআইৰ যুগ। গতিকে তেওঁলোকৰ টেকন’লজিৰ লগত যুঁজিবলৈ আমি টেকন’লজি জনা ইয়ং ল’ৰা এজনক লৈছো।’’ ইফালে, সভাপতিৰ দায়িত্ব লৈয়েই গঠন কৰি দিয়া বিভিন্ন জিলাৰ পৰ্যবেক্ষকসকলে দাখিল কৰা প্ৰতিবেদন সম্পৰ্কে দিনযোৰা চৰ্চা চলিব বুলিও আজিৰ সংবাদমেলত জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে। উক্ত প্ৰতিবেদনৰ ভিত্তিতেই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সৈতে আলোচনা কৰি সমাগত বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰা হ’ব বুলিও সদৰী কৰে সভাপতি গগৈয়ে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,630FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
light rain
25.1 ° C
25.1 °
25.1 °
97%
3.1m/s
100%
Mon
32 °
Tue
31 °
Wed
32 °
Thu
30 °
Fri
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ