নিউজ ডেস্ক :
গুৱাহাটী : দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত আহি উপস্থিত হোৱা ৱায়নাডৰ সাংসদ তথা অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ স্ক্ৰিণিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীয়ে আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে অসমৰ ৰাইজৰ অভিযোগৰ ভিত্তিত প্ৰস্তুত কৰা অভিযোগনামা মুকলি কৰে। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত বিয়লিৰ ভাগত আয়োজিত অভিযোগনামা মুকলি অনুষ্ঠানত প্ৰিয়ংকা গান্ধীৰ লগতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল, স্ক্ৰিনিং সমিতিৰ সদস্য সপ্তগিৰি শংকৰ উলাকা, ইমৰান মাছুদ, ড০ শ্ৰীভেল্লা প্ৰসাদ, অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সভাপতি ৰিপুন বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ অধ্যক্ষতাত গঠিত অভিযোগনামা প্ৰস্তুতকৰ্তা সমিতিয়ে প্ৰস্তুত কৰি উলিওৱা এই অভিযোগনামাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে প্ৰধান ২০টা অভিযোগ উত্থাপন কৰা হৈছে। অভিযোগনামা মুকলি অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ”প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে অসমৰ মানুহৰ মনৰ বুজ ল’বলৈ আহিছে। এইবাৰ এটা বিশেষ দায়িত্ব লৈ আহিছে। ইয়াৰ পূৰ্বে যিমানবাৰ আহিছিল, আটাইবাৰতে প্ৰচাৰ কৰিবলৈ আহিছিল। এইবাৰ তেখেতে স্ক্ৰিনিং সমিতিৰ দায়িত্ব লৈ অসমলৈ আহিছে। কংগ্ৰেছৰ পৰা অসমৰ মানুহে কি বিচাৰে সেয়া জানিবলৈ আহিছে। ইয়াৰ পূৰ্বে কোনো ইমান ডাঙৰ নেতাই স্ক্ৰিনিং সমিতিৰ দায়িত্ব লোৱা মোৰ মনত নাই। ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈছে যে অসম বিধানসভা নিৰ্বাচনক কংগ্ৰেছে দলে গুৰুত্বসহকাৰে লৈছে। জ্যেষ্ঠ নেতাসকলে আহিলে আমাৰ সাহস বাঢ়ে।’’ এইবাৰ যুঁজ এখন হ’বই বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
আনহাতে, সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগনামা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি কয়, ”আমি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈ ৫টা গোটে ৰাইজৰ মতামত গ্ৰহণ কৰিছিলো। ইস্তাহাৰ প্ৰস্তুতৰ বাবে দল-সংগঠন আৰু ব্যক্তিবিশেষে মতামত দিছিল। খিলঞ্জীয়া সংগঠন, ব্যৱসায়ী, বুদ্ধিজীৱিসকলে মতামত দিছিল। সেই মতামতৰ ভিত্তিত আমি এই অভিযোগনামা প্ৰস্তুত কৰিছো। অসমৰ ৰাইজৰ আদালতত ৰাইজে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিত এই অভিযোগনামা প্ৰস্তুত কৰা হৈছে।’’ উল্লেখ্য যে, এই অভিযোগনামাত ২০টা মুখ্য অভিযোগ অনা হৈছে। এই অভিযোগসমূহৰ ভিতৰত অন্যতম হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছপুৰৰ পৰা চিণ্ডিকেট পৰিচালনা কৰি আহিছে। চৰকাৰে অবৈধ ৰেট হোল মাইনিঙৰ দৰে বিভিন্ন অবৈধ কার্যকলাপক উৎসাহিত, প্ৰশ্ৰয় আৰু সুৰক্ষা প্রদান কৰিছে, যাতে ইয়াৰ পৰা অবৈধ পুঁজি সংগ্ৰহ কৰিব পৰা যায়।

তাৰোপৰি আন্তঃৰাষ্ট্ৰীয় সীমাৰ যোগেদি অবৈধভাবে কঢ়িয়াই অনা বিভিন্ন নিষিদ্ধ সামগ্রী আৰু ড্ৰাগছ অসমৰ মাজেৰে সুচল পৰিবহণ কৰিবলৈ অসমক এক চৰকাৰী ৰক্ষণাবেক্ষিত কৰিড’ৰলৈ ৰূপান্তৰিত কৰিছে। অসমৰ বুকুয়েদি অহা বা যোৱা প্রত্যেকবিধ সামগ্ৰীৰ ওপৰতে ধন সংগ্ৰহ কৰি চৰকাৰী বাধা ব্যৱস্থা আঁতৰাই বাধাহীন চলাচল নিশ্চিত কৰা ছিণ্ডিকেট-নিয়ন্ত্রিত এক ব্যৱস্থা স্থাপন কৰা হৈছে। এই ছিণ্ডিকেট ব্যৱস্থাৰ যোগেদি কাঠ, বালি, পাথৰ, কয়লা, লোহা, বার্মিজ চুপাৰি আৰু অন্যান্য মাটি-খনিজ সামগ্ৰীৰ লগতে ব্ৰইলাৰ মুৰ্গী, গৰু, গাহৰি, মাছ, কণী, মচলা, চিগাৰেট আৰু অন্যান্য সামগ্ৰীৰ অবৈধ চলাচল আৰু বাণিজ্যৰ বাবে বহু স্থানত নির্দিষ্ট চেকপইন্টত নির্দিষ্ট হাৰত সংগ্ৰহ কৰা হয় কমিচন। চৰকাৰী নিৰীক্ষক কেগৰ উপর্যুপৰি বিৰূপ সমালোচনাৰ স্বত্বেও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অবৈধ বাণিজ্যৰ পৰিবহণ সূচল কৰিছে। তাৰোপৰি স্বাস্থ্য বিভাগ, আৰু বিভিন্ন লোকনিৰ্মাণৰ কামকে ধৰি চৰকাৰী উন্নয়নমূলক প্রকল্প, বিষয়া বদলি-পোষ্টিং আৰু হিমন্ত বিশ্ব শর্মা নিয়ন্ত্রিত টেণ্ডাৰত বৃহৎ পৰিমাণৰ আগতীয়া ধন সংগ্ৰহ কৰা এক সমান্তৰাল প্রতিষ্ঠানিক কমিচন ব্যৱস্থা গঢ়ি তোলা হৈছে, যাৰ ফলত স্বাভাৱিক ৰাজ্যিক শাসন ব্যৱস্থা ক্ষতিগ্রস্ত আৰু দুৰ্বল হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী আৰু বিধায়কসকলে পৰিয়ালৰ আৰু নিজৰ নামত নামে-বেনামে অবৈধ সম্পত্তি আহৰণ কৰাৰ অভিযোগো অভিযোগনামাত উল্লেখ কৰা হৈছে। কেগৰ সাৱধনতাৰ পিছতো বাৰে বাৰে ঋণ লোৱা, অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰি প্ৰৱঞ্চনা কৰা, খিলঞ্জীয়াক উচ্ছেদ কৰি পুঁজিপতিক মাটি গতাই দিয়াৰ দৰে অভিযোগকো অভিযোগনামাত গুৰুত্বসহকাৰে স্থান দিয়া পৰিলক্ষিত হৈছে। অসম চুক্তিক চৰম উপেক্ষা আৰু ছয় নং দফা কাৰ্যকৰীকৰণ নকৰাৰ লগতে এনআৰচিৰ কাম স্থগিত ৰখাৰ অভিযোগো অভিযোগনামাত উল্লেখ কৰা হৈছে। এনআৰচিৰ নামত ১৬০০ কোটি টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগেও ইয়াত স্থান পাইছে।
আনহাতে, পক্ষপাতদুষ্টভাৱে সাধাৰণ লোকৰ ওপৰত বিজেপি চৰকাৰে বুলড’জাৰ চলোৱা, বিজেপি চৰকাৰৰ দিনত বাক স্বাধীনতাক মষিমূৰ কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক নিস্তব্ধ কৰি পেলোৱা কথাবোৰো উল্লেখ কৰা হৈছে। একেদৰে দুখীয়া চাহ শ্ৰমিকসকলৰ সৈতে প্ৰতাৰণা কৰি ৩৫১ টকাৰ দিন মজুৰিৰ দশকজোৰা প্রতিশ্রুতি আজিলৈ কাৰ্যকৰী নকৰাৰ অভিযোগো অনা হৈছে। অসমৰ প্ৰাকৃতিক পৰিৱেশ বেপাৰী আৰু বন মাফিয়াৰ হাতত বিক্ৰী কৰি দিয়াৰ অভিযোগো উত্থাপন কৰা হৈছে অভিযোগনামাত। অবৈধ আৰু অবৈজ্ঞানিক ৰেট হোল মাইনিংক উৎসাহিত কৰি অসমৰ খনিজসমৃদ্ধ অঞ্চলসমূহক একোটা “মৃত্যু উপত্যকা”লৈ ৰূপান্তৰিত কৰিছে বুলিও অভিযোগনামাত উল্লেক কৰা হৈছে। নতুন চাকৰি সৃষ্টি কৰাত বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলিও কংগ্ৰেছে অভিযোগনামাত অভিযোগ কৰিছে। কেৱল চৰকাৰী খালী পদ পূৰণকেই “নিয়োগ” বুলি ভুৱা প্ৰচাৰ কৰি অসমক বিজেপি চৰকাৰে বহিঃৰাজ্যলৈ শ্রমিক যোগান ধৰা এক সংস্থালৈ ৰূপান্তৰিত কৰিছে বুলিও কংগ্ৰেছে অভিযোগনামাত উল্লেখ কৰিছে।

লগতে কংগ্ৰেছে অভিযোগ উত্থাপন কৰি চাৰ্জশ্বিটখনত কয় যে বিজেপি চৰকাৰে ড্ৰাগছৰ সমস্যাৰ সমাধানক আওকাণ কৰি কেৱল মাত্র পিআৰ ষ্টাণ্ট আৰু আংশিকভাৱে জব্দ কৰা ড্ৰাগছৰ প্ৰচাৰ চলাইছে। আতংকিত পৰিৱেশ সৃষ্টি আৰু এনকাউণ্টাৰৰ যোগেদি বিজেপি চৰকাৰৰ ‘কাউবয়’ শাসনব্যবস্থাৰ সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ অনা হৈছে। নগৰ পৰিকল্পনাৰ বাবে বিজ্ঞানমনষ্কতাৰ অভাৱ আৰু পৰিচালন বিফলতাৰ বাবে আমাৰ চহৰ-নগৰ কদৰ্য ৰূপৰ আৱৰ্জনাৰে পূৰ্ণ আৰু চিৰ বানগ্রস্ত হৈ পৰাৰ কথাও গুৰুত্বসহকাৰে প্ৰকাশ কৰা হৈছে। অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগৰ মৰ্যাদা দিয়াত ব্যর্থ হোৱাৰ কথাও কোৱা হৈছে। ৰাজহুৱা শিক্ষাব্যৱস্থাৰ দুৰ্বলীকৰণৰ যোগেদি দুখীয়া শিশুক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা আৰু মৌলিক স্বাস্থ্যসেৱা প্রদানত ব্যর্থ হোৱা অসমত প্ৰতিৰোধক্ষম ৰোগত অস্বাভাৱিক মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে বুলিও অভিযোগনামাত অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।











