প্ৰাৰ্থী হিচাপে নাম ঘোষণা হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে যোৰহাটত উপস্থিত গৌৰৱ গগৈ

- Advertisement -
➥ প্ৰাৰ্থী হিচাপে নাম ঘোষণা হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে যোৰহাটত উপস্থিত গৌৰৱ গগৈ
➥ দলীয় কৰ্মীসকলক অহা ৩০ দিনৰ ভিতৰত ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলাবলৈ আহ্বান গগৈৰ
➥ এতিয়াও সময় শেষ হৈ যোৱা নাই, ৰাইজৰ দলৰে মিত্ৰতাক লৈ মই আশাবাদীঃ গৌৰৱ গগৈ
গুৱাহাটী, ৭ মাাৰ্চঃ যোৰহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নাম ঘোষণা হোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে গৃহ চহৰখনত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। যোৰহাটত উপস্থিত হোৱাৰ লগে লগে জিলা কংগ্ৰেছ কমিটিৰ নেতা-কৰ্মী আৰু স্থানীয় ৰাইজে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনায়। নেতা-কৰ্মী আৰু স্থানীয় ৰাইজৰ আদৰণি গ্ৰহণ কৰি অভিভূত হৈ পৰে গৌৰৱ গগৈ। ইয়াৰ পিছতে সভাপতি গৌৰৱ গগৈয়ে টীয়ক বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰা পল্লৱী শইকীয়া গগৈক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে। ইফালে, সাংবাদিকৰে হোৱা বাৰ্তালাপত গৌৰৱ গগৈয়ে কয় যে ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিধানসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও বিহুৰ আগতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গগৈয়ে কয়, ”আমাৰ হাতত মাত্ৰ ৩০ দিন আছে। এই ৩০ দিন যথেষ্ট মূল্যৱান। এইকেইদিনত প্ৰত্যেকদিনাই আমাৰ কৰ্মীসকলক ঘৰে ঘৰে যাবলৈ অনুৰোধ জনাইছো।’’ সভাপতি গগৈয়ে আৰু কয় যে, ৰাইজে পৰিৱৰ্তন বিচাৰে। সেয়ে আমাৰ কংগ্ৰেছ দলৰ সময় পৰিৱৰ্তন যাত্ৰাত ৰাইজে আমাক যথেষ্ট আশীৰ্বাদ প্ৰদান কৰিছে। তেওঁ কয়, ”আজি অসমৰ মানুহে মুক্ত মনে কথা ক’বলৈ ভয় কৰা হৈছে। অসমত কেৱল এটা পৰিয়ালৰহে দোপতদোপে উন্নতি হৈছে। সমগ্ৰ অসমতে সেই বিশেষ পৰিয়ালটোৱে ১২ হাজাৰ বিঘা মাটি দখল কৰিবলৈ সক্ষম হৈছে। গাঁৱৰ ভিতৰত মদৰ দোকানৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰী বিদ্যালয়বোৰ বন্ধ কৰি দিয়া হৈছে।’’ তেওঁ আৰু কয় যে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাব বিচাৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদা হানি কৰি আহিছে। আনহাতে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গগৈয়ে কয়, ”বিৰোধী মিত্ৰতাক লৈ মই আশাবাদী। তিনিটা দলৰ সৈতে কালি আমি একেলগে সংবাদমেলো কৰিলো। তেওঁলোকৰ সৈতে কিছুদিনৰ ভিতৰতে আমি একেলগে প্ৰচাৰ অভিযানলৈ ওলাই যাম। অসমৰ বিভিন্ন ঠাইত আমি লগ হৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিম।’’ ৰাইজৰ দলৰ সৈতে মিত্ৰতা হ’ব নে নাই সেই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত গগৈয়ে কয়, ”মই এতিয়াও আশাবাদী। নিশ্চয়কৈ অচিৰেই কথাবোৰ মিলি আহিব।’’ অখিল গগৈয়ে শেষ চেষ্টাও ব্যৰ্থ বুলি ফেচবুকত দিয়া পোষ্ট সন্দৰ্ভত সোধাত গগৈয়ে কয়, ”মই এতিয়াও হতাশ হোৱা নাই। মিত্ৰতা হ’ব বুলি মই এতিয়াও আশাবাদী। নিশ্চয় অলপ সময় লৈছে। কিন্তু এতিয়াও সময় শেষ হৈ যোৱা নাই।’’
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,064FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
broken clouds
26.8 ° C
26.8 °
26.8 °
63 %
2.2kmh
82 %
Sat
37 °
Sun
28 °
Mon
27 °
Tue
23 °
Wed
24 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15
Video thumbnail
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি | Successful NASA's Artemis-2 Mission | #notun_somoy
03:15
Video thumbnail
আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি || #notun_somoy
03:37
Video thumbnail
ঘোষিত হ’ল ২০২৬ বৰ্ষৰ মেট্ৰিকৰ ফলাফল | উত্তীৰ্ণৰ হাৰ ৬৫.৬২% | SEBA 10th Result 2026 | #notun_somoy
03:12
Video thumbnail
বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব || #notun_somoy
03:30
Video thumbnail
আমেৰিকা-ইৰাণৰ মাজত আকস্মিক যুদ্ধবিৰতি | Ceasefire between America and Iran | #notun_somoy
02:50

শেহতীয়া আপডেটঃ