ইৰাণ-ইজৰাইল-আমেৰিকাৰ সংঘাতৰ ষষ্ঠ দিন

- Advertisement -
- Advertisement -
- Advertisement -

● ইৰাণ-ইজৰাইল-আমেৰিকাৰ সংঘাতৰ ষষ্ঠ দিনত
● খামেনেইৰ মৃত্যুৰ পিছত ইৰাণত ৰাজনৈতিক শূন্যতা
● ট্ৰাম্পৰ হাতত যুদ্ধ চলোৱাৰ একাধিকাৰ
● আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন উলংঘনক লৈ ৰাষ্ট্ৰসংঘৰ গভীৰ উদ্বেগ
২৮ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা ইৰাণ, ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ
যোৱা ২৮ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা ইৰাণ, ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আৰম্ভ হোৱা যুদ্ধই আজি ষষ্ঠ দিনত ভৰি দি সমগ্ৰ মধ্যপ্ৰাচ্যত এক ভয়ংকৰ ৰাজনৈতিক আৰু সামৰিক অস্থিৰতাৰ সৃষ্টি কৰিছে। ‘হিন্দুস্তান টাইমছ’ আৰু ‘টাইমছ অৱ ইণ্ডিয়া’ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ ‘অপাৰেচন এপিক ফিউৰী’ আৰু ইজৰাইলৰ ‘অপাৰেচন ৰোৱাৰিং লায়ন’ নামৰ যুটীয়া সামৰিক অভিযানৰ প্ৰত্যুত্তৰত ইৰাণে ‘অপাৰেচন ট্ৰু প্ৰমিছ ফ’ৰ’ আৰম্ভ কৰিছে। এই যুটীয়া আক্ৰমণৰ প্ৰথম পৰ্যায়তে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি কেইবাজনো শীৰ্ষ সামৰিক নেতাক হত্যা কৰা হয়, যাৰ ফলত দেশখনৰ আভ্যন্তৰীণ ৰাজনীতিত এক অভূতপূৰ্ব শূন্যতাৰ সৃষ্টি হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মুকলিকৈ এই আক্ৰমণৰ লক্ষ্য ‘শাসন পৰিৱৰ্তন’ বুলি ঘোষণা কৰাৰ সমান্তৰালকৈ আমেৰিকাৰ সংসদত ‘যুদ্ধ ক্ষমতা প্ৰস্তাৱ’ নাকচ হোৱাৰ ফলত ট্ৰাম্প প্ৰশাসনে বিনা বাধাই আৰু সংসদৰ অনুমোদন নোহোৱাকৈয়ে এই যুদ্ধ চলাই নিয়াৰ পূৰ্ণ একাধিকাৰ লাভ কৰিছে।

এই সংঘাতৰ পৰিসৰ এতিয়া কেৱল ইৰাণৰ ভৌগোলিক সীমাতেই আৱদ্ধ নাথাকি প্ৰায় ১৪ খন দেশলৈ সম্প্ৰসাৰিত হৈ এক বহুমুখী আঞ্চলিক যুদ্ধৰ ৰূপ লৈছে। ‘দ্যা লজিকেল ইণ্ডিয়ান’ৰ বাতৰি অনুসৰি, আমেৰিকা আৰু ইজৰাইলৰ বিমান বাহিনীয়ে ইৰাণৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থা আৰু মিছাইল কেন্দ্ৰসমূহ প্ৰায় ধ্বংস কৰাৰ লগতে নৌ-যুদ্ধতো ভয়ংকৰ শক্তি প্ৰদৰ্শন কৰি শ্ৰীলংকাৰ সমীপৱৰ্তী ভাৰত মহাসাগৰত ইৰাণৰ ‘আই আৰ আই এছ ডেনা’ নামৰ যুদ্ধজাহাজখন ডুবাই দিছে। ইয়াৰ প্ৰতিশোধ স্বৰূপে ইৰাণে ইজৰাইলৰ আভিভ চহৰৰ লগতে কাটাৰ, কুৱেইট আৰু সংযুক্ত আৰব আমিৰশ্বাহীত থকা আমেৰিকাৰ সামৰিক ঘাটিবোৰলৈ লক্ষ্য কৰি ধাৰাবাহিক বেলিষ্টিক মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলাইছে, যিবোৰৰ একাংশ আকাশতে ধ্বংস কৰা হৈছে। যুদ্ধৰ এই দাবানল চুবুৰীয়া লেবাননলৈকো বিয়পি পৰিছে, য’ত হিজবুল্লাহৰ ৰকেট আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলী সেনাই বেইৰুটত ব্যাপক বিমান আক্ৰমণ চলাইছে আৰু ইৰাকত থকা কুৰ্দিছ বিদ্ৰোহীসকলকো ইৰাণৰ ভিতৰত সোমাই আক্ৰমণ চলাবলৈ আমেৰিকাই মুকলিকৈ আহ্বান জনাইছে।

তথ্য অনুসৰি, সামৰিক যুঁজৰ এই ভয়াৱহতাৰ মাজতে যোৱা ৬দিনৰ ধাৰাবাহিক আক্ৰমণত ইৰাণত ১ হাজাৰতকৈও অধিক সাধাৰণ লোক নিহত হৈছে, যাৰ ভিতৰত মিনাব চহৰৰ এখন ছাত্ৰী আৱাসিক বিদ্যালয়ত পৰা মিছাইলৰ ফলত ১৬৫ গৰাকী স্কুলীয়া ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ থিতাতে মৃত্যু হোৱা ঘটনাটোৱে সমগ্ৰ বিশ্বক জোকাৰি গৈছে। শেহতীয়াকৈ পাৰাণ্ড চহৰৰ আন দুখন বিদ্যালয়তো যুটীয়া মিছাইল আক্ৰমণ সংঘটিত হোৱাৰ পিছত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি চিকিৎসালয় তথা বিদ্যালয়সমূহক যুদ্ধৰ বাহিৰত ৰাখিবলৈ সকীয়াই দিছে। আকাশমাৰ্গসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত সাহায্য সংস্থাসমূহে প্ৰয়োজনীয় ঔষধ আৰু খাদ্যসামগ্ৰী যোগান ধৰাত তীব্ৰ বাধাৰ সন্মুখীন হৈছে, যিয়ে মধ্যপ্ৰাচ্যত এক দীৰ্ঘম্যাদী দুৰ্ভিক্ষ আৰু স্বাস্থ্য সংকটৰ ভয়াৱহ আগজাননী দিছে।

এই যুদ্ধৰ প্ৰভাৱে মধ্যপ্ৰাচ্য অতিক্ৰম কৰি সমগ্ৰ বিশ্বৰ অৰ্থনীতি আৰু বিশেষকৈ ভাৰতৰ ব্যৱসায়-বাণিজ্য তথা কূটনীতিৰ ওপৰত প্ৰচণ্ড মাধমাৰ সোধাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ লগতে লজিষ্টিক ব্যৱস্থাত হোৱা ব্যাপক ব্যাঘাতৰ বাবে ভাৰতৰ বিভিন্ন বন্দৰত প্ৰায় ৩,০০০ কণ্টেইনাৰত থকা ৬০,০০০ মেট্ৰিক টন বাছমতি চাউল আবদ্ধ হৈ পৰিছে, যিয়ে ৰপ্তানিকাৰকসকলক চৰম অৰ্থনৈতিক সংকটলৈ ঠেলি দিছে। বিদেশী বিনিয়োগকাৰীয়ে পুঁজিপ্ৰত্যাহাৰ কৰাৰ ফলত ভাৰতীয় ষ্টক মাৰ্কেটৰ দ্ৰুত পতন ঘটিছে আৰু কূটনৈতিকভাৱেও নতুন দিল্লী এক স্পৰ্শকাতৰ স্থিতিত উপনীত হৈছে। জম্মু-কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হোৱাৰ সময়তে, শেহতীয়াকৈ ভাৰত চৰকাৰৰ আমন্ত্ৰণক্ৰমে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি উভতি যোৱা ইৰাণৰ যুদ্ধজাহাজ ‘ডেনা’ক আমেৰিকাই ধ্বংস কৰাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশলগত নীৰৱতা অৱলম্বন কৰাক লৈ বিৰোধীয়ে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰিছে।

নিউজ ডেস্ক ৰিপৰ্ট,নতুন সময়

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,719FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
22.4 ° C
22.4 °
22.4 °
63 %
1.3kmh
100 %
Tue
36 °
Wed
36 °
Thu
34 °
Fri
28 °
Sat
28 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
ইৰাণৰ 'নিঃচৰ্ত আত্মসমৰ্পণ' বিচাৰে ট্ৰাম্পে | US seeks 'unconditional surrender' from Iran |
03:27
Video thumbnail
এছ এছ চিৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ সংস্কাৰ | Reforms in SSC appointment | #notun_somoy
02:52
Video thumbnail
ইৰাণ-ইজৰাইল-আমেৰিকাৰ সংঘাতৰ ষষ্ঠ দিনত || #notun_somoy
04:26
Video thumbnail
৮ মাৰ্চত ফাইনেলত নিউজিলেণ্ডৰ মুখামুখি ভাৰতৰ | T-20 World Cup | Final Nez Vs Ind | #notun_somoy
03:44
Video thumbnail
অপাৰেচন এপিক ফিউৰীৰ পঞ্চম দিন | Operation Epic Fury | US-Israel-Iran war | #notun_somoy
03:48
Video thumbnail
মধ্যপ্ৰাচ্যত সৰ্বাত্মক যুদ্ধৰ দামামা || #notun_somoy
03:55
Video thumbnail
অপাৰেচন এপিক ফিউৰীৰ ভয়ংকৰ পৰিণতি || #notun_somoy
05:02
Video thumbnail
পৰম্পৰাগত ৰাজনীতিৰ উৰ্ধত ৰাঘৱ চাদ্দা | Ragav Chadda | #notun_somoy
05:54
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্তৰ আশংকা দুগুণ বেছি | Depression in women | #notun_somoy
04:00
Video thumbnail
কৰ্ণাটকত U-16 ছাত্ৰ-ছাত্ৰীৰ বাবে ম'বাইল ফোন নিষিদ্ধকৰণৰ প্ৰস্তাৱ | Ban Mobile Phone | #notun_somoy
03:12

শেহতীয়া আপডেটঃ