বিৰোধীৰ মিত্ৰতা ইতিবাচক দিশেৰে আগবাঢ়িছে

- Advertisement -
- Advertisement -
- Advertisement -

▪️বিৰোধীৰ মিত্ৰতা ইতিবাচক দিশেৰে আগবাঢ়িছে
▪️নতুন দিল্লীত গৌৰৱ গগৈ-দেৱব্ৰত শইকীয়াৰ ঘোষণা
▪️ভূপেন বৰাই দল এৰি গ’লেও দলত সামান্যতমো প্ৰভাৱ পৰা নাইঃ গৌৰৱ গগৈ

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰীঃ শাসকীয় বিজেপি দলৰ বিৰুদ্ধে কংগ্ৰেছ দলে আন আন বিৰোধী শক্তিক লৈ শক্তিশালী আৰু একত্ৰিতভাৱে ২০২৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। নতুন দিল্লীত আজি এই কথা পুনৰ স্পষ্ট কৰি দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নতুন দিল্লীস্থিত ইন্দিৰা ভৱনত অনুষ্ঠিত স্ক্ৰীণিং কমিটিৰ বৈঠকৰ মাজতে দুয়োজন নেতাই আজি সাংবাদিকৰ আগত কয় যে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, এপিএইছএলচি আৰু বাঁও দলসমূহৰ লগত আলোচনা চলি আছে আৰু এয়া অত্যন্ত ইতিবাচক। ৰাইজৰ দলৰ সভাপতিৰ লগত ২-৩খন আসন বুজাপৰাৰ ক্ষেত্ৰত বাৰ্তালাপ চলি আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জানিবলৈ দিয়ে। সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে প্ৰাক্তন সভাপতি ভূপেন বৰাই দল এৰি যোৱাত দলৰ সাংগঠনিক ক্ষেত্ৰত সামান্যতমো প্ৰভাৱ পৰা নাই। তেওঁ কয়, ”সাধাৰণতে নেতাজন গ’লে সেই সমষ্টিৰ বহু নেতা তেওঁৰ সৈতে গুছি যায়৷ মই সভাপতি হিচাপে ৰঙানদী সমষ্টিৰ কৰ্মীসকলক ছ্যেলুট দিছো যে যিদিনা তেওঁ গৈছে সিদিনা কৰ্মীসকলে নিজৰ কাৰ্যালয়ত বহি ব্লক স্তৰৰ সভা পাতিছিল৷ সেই সভাত ৰঙানদী সমষ্টিৰ দুয়োটা ব্লকৰ সভাপতি, মণ্ডলৰ সভাপতিসকলে ভাগ লৈছিল৷ আমি বিহপুৰীয়াৰ কথা নাজানো৷ মই গোটেই দিনটো ব্যস্ত আছিলো৷ বিহপুৰীয়াত বহু লোকে কংগ্ৰেছ দলত যোগদান কৰা কথাটো ওলাইছে। সেই লৈ পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাম৷’’ মিত্ৰতাৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ সকলো ইতিবাচকভাৱে আগবাঢ়িছে বুলিও স্পষ্ট কৰি দিয়ে। আনহাতে দেৱব্ৰত শইকীয়াই কয়, ”নামবোৰক লৈ স্ক্ৰীণিং সমিতিত চৰ্চা চলিছে৷ সিদ্ধান্ত নিৰ্বাচন সমিতিয়ে কৰিব৷ এতিয়ালৈকে কোনো নাম ফাইনেল হোৱা নাই৷ দুই-এটা সমষ্টিত দুই-এটা নামহে আহিছে৷’’ ৰাইজৰ দলৰে মিত্ৰতা হোৱা-নোহোৱা সন্দৰ্ভত অসমত বহু অপপ্ৰচাৰ চলিছে বুলিও কয় শইকীয়াই। তেওঁ কয়, ”ৰাইজৰ দলৰ সৈতে আলোচনা সমাপ্ত কৰা বুলি অপপ্ৰচাৰ চলিছে৷ এনে অপপ্ৰচাৰ কোনে চলাইছে সেয়া নাজানো৷ তেনে প্ৰচাৰক মন নিদিবলৈ অনুৰোধ জনাইছো৷ মিত্ৰতাক লৈ আলোচনা চলি আছে। এতিয়াই কোনো সিদ্ধান্ত হোৱা নাই৷ অখিল গগৈ ডাঙৰীয়াই বহু আসনৰ ক্ষেত্ৰত যোগাযোগ কৰি আছে৷ যিমান পৰা যায় মিলাবলৈ প্ৰয়াস কৰি থকা হৈছে৷ অল পাৰ্টী হিলছৰ নেতাৰ সৈতেও আলোচনা চলি আছে৷ গঠন কৰি দিয়া চাৰিজনীয়া সমিতিয়ে আলোচনা কৰি আছে৷ অসম জাতীয় পৰিষদ, চিপিআই, চিপিআইএমৰ সৈতে আলোচনা হৈ আছে৷’’ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত যি কথা প্ৰচাৰ হৈ আছে সেই কথাক সমৰ্থন কৰিব পৰা তথ্য তেওঁৰ হাতত নাই বুলিও বিৰোধী দলপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷ অখিল গগৈয়ে আজি সংবাদমেল পাতি মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া দিয়া সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় যে অখিল গগৈ ডাঙৰীয়াই আজি নহয়, সদায়েই সংবাদমেল দি আছে৷ অখিল গগৈৰ সৈতে কেইবালানি আলোচনা হৈছে৷ আলোচনা আৰু হ’ব৷ মিত্ৰতা চূড়ান্ত হওঁতে অলপ সময় লাগিব৷ বুজাবুজিলৈ আহিবলৈ নিশ্চয়কৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলি আছে বুলিও কয় শইকীয়াই।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,057FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
clear sky
31.9 ° C
31.9 °
31.9 °
49 %
2.3kmh
3 %
Fri
32 °
Sat
38 °
Sun
30 °
Mon
26 °
Tue
25 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15
Video thumbnail
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি | Successful NASA's Artemis-2 Mission | #notun_somoy
03:15
Video thumbnail
আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি || #notun_somoy
03:37
Video thumbnail
ঘোষিত হ’ল ২০২৬ বৰ্ষৰ মেট্ৰিকৰ ফলাফল | উত্তীৰ্ণৰ হাৰ ৬৫.৬২% | SEBA 10th Result 2026 | #notun_somoy
03:12
Video thumbnail
বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব || #notun_somoy
03:30
Video thumbnail
আমেৰিকা-ইৰাণৰ মাজত আকস্মিক যুদ্ধবিৰতি | Ceasefire between America and Iran | #notun_somoy
02:50

শেহতীয়া আপডেটঃ