অসমৰ অৰ্থনীতিত মুছলমানসকলৰ ভূমিকা ~ চফিখুৰ ৰহমান ~

- Advertisement -
ৰ্থনীতিয়ে এখন দেশ বা এখন ৰাজ্য বা এটা অঞ্চলৰ কোনো বস্তু বা সেৱাৰ উৎপাদন, যোগান, বিতৰণ, বিনিময় আৰু ভোগৰ বিষয়ে আলোচনা কৰে৷ আমাক জীৱন-যাপনৰ বাবে যি সম্পদৰ প্ৰয়োজন সেয়া সদায় সীমিত, কিন্তু আমাৰ অভাৱবোৰ সীমিত নহয়৷ এই অভাৱবোৰ পূৰণ কৰাৰ বাবে আমি যি প্ৰচেষ্টা চলাওঁ, সেই প্ৰচেষ্টা চলোৱাৰ ক্ষমতা সদায় সীমিত৷ সীমিত সম্পদৰ ব্যৱহাৰেৰে বেছি অভাৱ পূৰণ কৰাটোয়ে হৈছে অৰ্থনীতিৰ মূল কথা৷
Islam in Assam - Facepalm to some people : r/IndiaSpeaks
অসমৰ অৰ্থনীতি কৃষিভিত্তিক অৰ্থনীতি যদিও আমি এতিয়া দেখিবলৈ পাইছোঁ কিছু লঘু, ক্ষুদ্ৰ, বৃহৎ উদ্যোগেও ঠন ধৰি উঠিছে৷ এই অৰ্থনৈতিক ব্যৱস্থাত মুছলমানসকলৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিবলৈ হ’লে অসমলৈ মুছলমানসকলৰ আগমনৰ পৰাই আৰম্ভ কৰিব লাগিব৷ 
Muslim-background believers have new hope thanks to FARMS International - Mission Network News
ত্ৰয়োদশ শতিকাৰ প্ৰথম দশকত অসমলৈ মুছলমানসকলৰ আগমন হৈছিল৷ তেতিয়াৰে পৰাই তেওঁলোকে অসমৰ ধন-সম্পত্তি, ভাষা-সাহিত্য, সংস্কৃতি আৰু প্ৰাকৃতিক সম্পদৰ প্ৰতি আকৰ্ষিত হৈছিল৷ আহোমৰ ৰাজত্বকালৰে পৰাই অসমৰ লোকশিল্প যেনে বাঁহ-বেতৰ নানান সঁজুলি নিৰ্মাণ, মৃণ্ময় পাত্ৰ আদি নিৰ্মাণ, কাঠ আৰু কুঁহিলাৰ কাৰ্য, হাতীৰ দাঁত আৰু ম’হৰ শিঙৰ কাম, সোণ, ৰূপ, কাঁহ-পিতল, লো আদি বিভিন্ন কামৰ লগত মুছলমান লোকসকল ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল৷ এই শিল্পসমূহে ব্যৱহাৰিক জীৱনত প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে আৰ্থিক দিশতো সহায় কৰিছিল৷
Around 5,000 Muslim vendors have left Ggm, alleges hawkers' body - Hindustan Times
ৰুদ্ৰ সিংহৰ ৰাজত্বকালত ৰজাই দেশ গঢ়িবলৈ বিশেষ পাৰদৰ্শিতা থকা লোক ভাটীৰ পৰা অসমলৈ নিগাজীকৈ আনিছিল, য’ত আঠোটা মুছলমান পৰিয়াল আছিল–ফাৰ্চী পটীয়া, আখৰ কটীয়া, শিল কটীয়া, গুণা কটীয়া, খনিকৰ, নেগেৰীয়া, দৰ্জী আৰু জোলা৷ আহোম ৰাজত্বকালৰ অৰ্থনীতিত এই লোকসকলৰ কৰ্মৰাজিয়ে পৰ্যায়ক্ৰমে যথেষ্ট প্ৰভাৱ পেলাবলৈ ধৰিছিল৷
১৫৩২ খ্ৰীঃত আহোম ৰজা চুহুংমুং দিহিঙ্গীয়াৰ দিনতে যুদ্ধত বন্দী হোৱা মুছলমান সৈন্যৰ পৰা বাছি কামৰ যোগ্যতা অনুযায়ী কিছু লোকক কাঁহ-পিতলৰ শিল্পৰ কামত নিয়োজিত কৰিছিল৷ এই লোকখিনিক পিছত মৰীয়া বুলি জনা গৈছিল৷ হাজোত স্থাপিত কৰা বাৰ ঘৰ মৰীয়া লোকে যি বাচন-বৰ্তন তৈয়াৰ কৰিছিল সেইবোৰ বেচ সমাদৃত হৈছিল আৰু লাহে লাহে জনসংখ্যা বৃদ্ধি হৈ এই কামতে নিয়োজিত হৈ অসমৰ আৰ্থিক অৱস্থাত সু-প্ৰভাৱ পেলাইছিল৷
Vegetable prices go up ahead of Eid - Pakistan - DAWN.COM
ডঃ পাচান আলি আহমেদে লিখিছে যে মৰীয়া সম্প্ৰদায়ৰ মহিলাখিনিয়ে পিতলৰ শিল্পলৈ উল্লেখযোগ্য অৰিহণা আগবঢ়াইছিল৷ পিতল শিল্পৰ মূল কেঁচা সামগ্ৰী হ’ল তাম আৰু দস্তাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা মিশ্ৰ ধাতু৷ ‘পিতলৰ চাক’ আৰু লগতে অন্যান্য সামগ্ৰীসমূহৰ ভিতৰত পাইন, সুৱাগ, কয়লা, এঙাৰ, লা, ধূনা, ৰাং, গহুক-তুতিয়া, চূণ-তেল আদি অন্যতম৷ সা-সৰঞ্জামবোৰৰ ভিতৰত  হাতুৰী, চাত্‌লি, ভাতি, কোমোৰি, ৰেত, বাগিকুণ, আকোৱা, শৰহ, চেনা, টোপা, চিয়েৰী, ভোঁৱাৰ আৰু সৰু সৰু ভালেমান বস্তু আছে৷ বৰ্তমান হিন্দু আৰু মৰীয়া মুছলমান সম্প্ৰদায়ৰ নিৰ্মিত পিতল শিল্পসমূহৰ সামগ্ৰী প্ৰধানকৈ কলহ, চৰিয়া, টৌ, থালি, কৰচ, টেকেলি, দুৰণি, ডবা, শৰাই, কলচী, চাকি গছা, বটা, ধূনা-বাটি, খৰাহি, টেমি ইত্যাদি৷
Ahom Dynasty : History, Social and Political Structure and Causes of Decline - GeeksforGeeks
বৰ্তমান অসমীয়া সমাজ জীৱনত ব্যৱহাৰ হোৱা কাণফুলি, নাকফুলি, হাতত পিন্ধা ৰূপৰ বা সোণৰ খাৰু, ডিঙিত পিন্ধা মালা বা গলপতা, বাহুত পিন্ধা বাজু, সোণ বা ৰূপৰ আঙুঠি, কঁকালত পিন্ধা কৰধ্বণি, ভৰিৰ জুনুকা বা পায়েল, বিভিন্ন বাখৰযুক্ত-কাৰু-কাৰ্যৰ অলংকাৰ বা অসমীয়া সমাজত নাৰীয়ে ব্যৱহাৰ কৰা শাৰীৰ প্ৰচলন মুছলমান সমাজ জীৱনৰ পৰাই আহিছে৷ বৰ্তমান এইবোৰক কেন্দ্ৰ কৰি এখন বজাৰ গঢ়ি উঠিছে৷
Ahom kingdom - Wikipedia
মুছলমানসকলৰ জনপ্ৰিয় খাদ্য যেনে পোলাও, কোৰ্মা, চেৱৈ, কোপ্তা, কাবাব, বিৰিয়ানি, খীৰ, খীৰৰ লাড়ু, পায়স, ছিন্নি আদি খাদ্যসম্ভাৰ অসমীয়া সমাজতো জনপ্ৰিয় হৈ পৰিল৷ এইবোৰে লাহে লাহে বজাৰকেন্দ্ৰিক অৰ্থনীতিত অৰিহণা যোগাবলৈ ধৰিলে৷
বৰ্তমান অসমৰ অৰ্থনীতিতো মুছলমানসকলৰ অৰিহণা কম নহয়৷ বৰ্তমানৰ বজাৰত ভৰি থকা শাক-পাচলি, দোকান-পোহাৰ, কাপোৰৰ ব্যৱসায়, টেইলৰিং ব্যৱসায়, ঠেলা চালক, ৰিস্কা চালক আদিকে ধৰি চৰকাৰী-বেচৰকাৰী বিভিন্ন বৃত্তিত মুছলমান সম্প্ৰদায়ৰ লোক জড়িত থাকি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে৷
- Advertisement -

গুৱাহাটীঃ

Stay Connected

27,628FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
light rain
30.7 ° C
30.7 °
30.7 °
87%
5.2m/s
94%
Mon
26 °
Tue
33 °
Wed
33 °
Thu
30 °
Fri
28 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ