সম্পন্ন হ’ল সপ্তম জলচৰ পক্ষী গণনা : ২৫ সহস্ৰাধিক পৰিভ্ৰমী হাঁহৰ কলৰৱেৰে মুখৰিত ৰাষ্ট্ৰীয় উদ্যান

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্ক :

অসমৰ গৌৰৱ তথা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যে কেৱল এশিঙীয়া গঁড়ৰ বাবেই নহয়, বৰঞ্চ পৰিভ্ৰমী আৰু স্থানীয় জলচৰ পক্ষীৰ বাবেও এক গুৰুত্বপূৰ্ণ আৱাসস্থলী, সেয়া শেহতীয়া এক জৰীপত পুনৰবাৰ প্ৰমাণিত হৈছে। যোৱা শীতকালত কাজিৰঙা-লাওখোৱা-বুঢ়াচাপৰি প্লাৱনভূমি এলেকাত সম্পন্ন হোৱা ‘সপ্তম কাজিৰঙা জলচৰ পক্ষী গণনা’ত ১০৭ বিধ ভিন্ন প্ৰজাতিৰ মুঠ ১,০৫,৫৪০ টা জলচৰ চৰাই নথিভুক্ত কৰা হৈছে। এই তথ্যই ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে ‘চেন্ট্ৰেল এছিয়ান ফ্লাইৱে’ৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে কাজিৰঙাৰ স্থিতি অধিক সুদৃঢ় কৰিছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বিষয়াসকলে মত প্ৰকাশ কৰিছে।

এই বিস্তৃত জৰীপত ঘাইকৈ গ্ৰেজিং ৱাটাৰফাউল, ডেবলিং ডাঁক, ডাইভিং ডাঁক, মাৰ্শ স্পেচিয়েলিষ্ট, ৱেডাৰ, ষ্টাৰ্ক, কৰ্মোৰেণ্ট আৰু মাছোৰোকা জাতীয় চিকাৰী চৰাইৰ উপস্থিতি ধৰা পৰিছে। এই বৈচিত্ৰ্যময় চৰাইৰ সমাগমৰ মূল কাৰণ হৈছে কাজিৰঙাৰ বিশাল প্লাৱনভূমি এলেকাত থকা গভীৰ চিৰসেউজ বিল, বোকা-পানীৰে পৰিপূৰ্ণ অগভীৰ জলাশয়, ঘাঁহনিৰে ভৰা আদ্ৰভূমি আৰু নদীৰ পাৰৰ পৰিৱেশ। পৰিসংখ্যা অনুসৰি, এইবাৰৰ গণনাত পৰিভ্ৰমী হাঁহৰ সংখ্যা লেখত ল’বলগীয়া আছিল, য’ত ১৯,১৩৩ টা ‘ধৃতৰাজ’ (Bar-headed Geese) আৰু ৬,৫৩৩ টা ‘দেওৰাজ হাঁহ’ (Greylag Geese) ধৰি মুঠ ২৫,০০০ ৰো অধিক হাঁহ জাতীয় চৰাইৰ অৱস্থিতি পোৱা গৈছে। ইয়াৰ উপৰিও, সৰু মুগী (গডৱাল), কলীমুৰী হাঁহ (গ্ৰীণ-উইংড টীল), বৰকালি মুগী হাঁহ (ফেৰুজিণাছ পোচাৰ্ড), শৰালি হাঁহ (লেছাৰ হুইছলিং ডাঁক) আৰু কাম চৰাই (গ্ৰে-হেডেড চোৱাম্পহেন)ৰ দৰে চৰাইৰ সংখ্যাও বৃহৎ পৰিমাণত নথিভুক্ত কৰা হৈছে।

এই শেহতীয়া তথ্যই আন্তঃৰাষ্ট্ৰীয় স্তৰত কাজিৰঙাৰ গুৰুত্ব অধিক বৃদ্ধি কৰিছে, কিয়নো কোনো এখন জলাশয়ক আন্তঃৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন বুলি চিহ্নিত কৰাৰ বাবে ‘ৰামছাৰ কনভেন্সন’ৰ ৫ নম্বৰ মাপকাঠিত যি ২০,০০০ জলচৰ চৰাইৰ বেঞ্চমাৰ্ক ধাৰ্য কৰা আছে, কাজিৰঙাই সেয়া অনায়াসে অতিক্ৰম কৰিছে। জৰীপটোত কেৱল সংখ্যাই নহয়, বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰজাতিসমূহৰ সংৰক্ষণৰ দিশতো কাজিৰঙাই কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেয়াও পোহৰলৈ আহিছে। ইয়াত ৬৬ টা বিপন্ন প্ৰজাতিৰ ‘হাড়গিলা’ আৰু ৬১ টা বিপন্ন ‘কুৰুৱা’ বা ‘পল্লাছছ্ ফিছ ঈগল’ৰ (Haliaeetus leucoryphus) উপস্থিতি ধৰা পৰিছে। লগতে, Vulnerable প্ৰজাতিৰ ২৫৭ টা ‘বৰটোকোলা’ (Lesser Adjutant) আৰু প্ৰায় সংকটজনক (Near-threatened) অৱস্থাত থকা ৫,৫৯৪ টা বৰকালি মুগী হাঁহ আৰু ১,১০২ টা ‘মণিয়ৰী’ (Oriental Darter) নথিভুক্ত হৈছে। ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ ৰ অধীনতো এই প্ৰজাতিসমূহ সংৰক্ষিত, যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত কাজিৰঙাৰ আইনগত সংৰক্ষণৰ দায়িত্ব অধিক বৃদ্ধি কৰিছে।

এই বৃহৎ সংখ্যক চৰাইৰ সমাগম ঘাইকৈ ৰৌমাৰী বিল আৰু দন্দুৱা বিলৰ দৰে প্ৰধান জলাশয়সমূহত বেছিকৈ দেখা গৈছে। ইয়াৰ সমান্তৰালভাৱে, অগৰাতলি আৰু বাগৰি বনাঞ্চলৰ অন্তৰ্গত সোহোলা আৰু ইয়াৰ সংলগ্ন বিলসমূহেও চৰাইৰ প্ৰাচুৰ্য আৰু প্ৰজাতিগত বৈচিত্ৰ্যত উল্লেখনীয় অৰিহণা যোগাইছে বুলি জৰীপৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কাজিৰঙাৰ এই চহকী জৈৱ-বৈচিত্ৰ্যই প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ লগতে ভৱিষ্যতৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,062FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
30.3 ° C
30.3 °
30.3 °
51 %
0.8kmh
94 %
Fri
30 °
Sat
38 °
Sun
28 °
Mon
24 °
Tue
23 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15
Video thumbnail
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি | Successful NASA's Artemis-2 Mission | #notun_somoy
03:15
Video thumbnail
আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি || #notun_somoy
03:37
Video thumbnail
ঘোষিত হ’ল ২০২৬ বৰ্ষৰ মেট্ৰিকৰ ফলাফল | উত্তীৰ্ণৰ হাৰ ৬৫.৬২% | SEBA 10th Result 2026 | #notun_somoy
03:12
Video thumbnail
বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব || #notun_somoy
03:30
Video thumbnail
আমেৰিকা-ইৰাণৰ মাজত আকস্মিক যুদ্ধবিৰতি | Ceasefire between America and Iran | #notun_somoy
02:50

শেহতীয়া আপডেটঃ