গাদী ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মিঞা, অচিনাকি বুলি কৈ থকা এআইইউডিএফক লগত ল’বলৈকো কুণ্ঠাবোধ নকৰিলেঃ গৌৰৱ গগৈ

- Advertisement -
- Advertisement -
- Advertisement -

▪️গাদী ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মিঞা, অচিনাকি বুলি কৈ থকা এআইইউডিএফক লগত ল’বলৈকো কুণ্ঠাবোধ নকৰিলেঃ গৌৰৱ গগৈ
▪️এআইইউডিএফ দলৰ অক্সিজেন লৈ বিজেপিয়ে অসমত ভয়-ভাবুকিৰে ৰাজনীতি কৰি অহাতো প্ৰমাণ হৈ গ’লঃ দেৱব্ৰত শইকীয়া

গুৱাহাটী, ৫ মাৰ্চঃ লোকক দেখুৱাই বছৰৰ পিছত বছৰ ধৰি এআইইউডিএফ সাম্প্ৰদায়িক দল আখ্যা দি গালি-গালাজ কৰি অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হঠাতে সেইটো দলৰে সহায় ল’বলৈ বাধ্য হোৱাটোৱে বিজেপিৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি স্পষ্ট কৰি তুলিছে। ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে এনডিএ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ সহযোগী দল ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৰ মনোনয়নত এআইইউডিএফৰ ৩জন বিধায়ক ক্ৰমাৎ কৰিমুদ্দিন বৰভূঞা, নিজামুদ্দিন চৌধুৰী, জাকিৰ হুছেইন লস্কৰে স্বাক্ষৰ কৰা বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে বছৰ বছৰ ধৰি অসমৰ ৰাইজক এআইইউডিএফক ভয় কৰিবলৈ আহ্বান জনাই আহিছে। ৰাজহুৱা সভা-সমিতিত সংখ্যালঘু সমাজক লক্ষ্য কৰি “মিঞা” আৰু “অচিনাকি” আদি শব্দ ব্যৱহাৰ কৰি বিদ্বেষমূলক ৰাজনৈতিক ভাষণ আগবঢ়াই আহিছে। উচ্ছেদ অভিযান আৰু বুলড’জাৰ ৰাজনীতিকো তেওঁ সমৰ্থন কৰি সমাজত বিভাজন সৃষ্টিৰ চেষ্টা কৰিছিল। কিন্তু আজি যেতিয়া ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিজেপিৰ সংখ্যা কম হ’ল, তেতিয়াই সেই একেই এআইইউডিএফ হঠাতে আপোন হৈ পৰিল বুলিও তেওঁ কটাক্ষ কৰে। গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে যদি এআইইউডিএফ সঁচাকৈয়ে অসমৰ বাবে ভাবুকি হয়, তেন্তে এনডিএৰ প্ৰাৰ্থী প্ৰমোদ বড়োক জয়ী কৰিবলৈ তেওঁলোকৰ সহায় কিয় ল’বলগীয়া হ’ল? যদি এআইইউডিএফ ভাবুকি নহয়, তেন্তে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণবোৰ কেৱল ভয় সৃষ্টিৰ ৰাজনীতি নাছিলনে বুলিও গগৈয়ে প্ৰশ্ন কৰে। গগৈয়ে আৰু কয়, ”মুখ্যমন্ত্ৰীয়ে সদায় আদৰ্শ আৰু মতাদৰ্শৰ কথা কয়, কিন্তু ক্ষমতাৰ প্ৰতি ভাবুকি আহি পৰিলেই সেই আদৰ্শ নোহোৱা হৈ যায়।’’ তেওঁ লগতে কয় যে অসমৰ সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ বাবে আজি নিজৰ গাদী ৰক্ষা কৰাটোৱেই যেন অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। আনহাতে, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে এআইইউডিএফ দল যে বিজেপিৰ ‘বি’ টীম সেয়া আজি স্পষ্টকৈ প্ৰমাণিত হ’ল। শইকীয়াই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ইউপিপিএলৰ মন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে আৰু সেই ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক ৰাজ্যসভালৈ প্ৰেৰণ কৰিবৰ বাবে এআইইউডিএফ দলৰ বিধায়কৰ সহায় ল’বলগীয়া হৈছে। বাহিৰত দেখুৱাই দুয়োটা দলে ইটোৰ-সিটোৰ মাজত আদৰ্শগত মিল নাই বুলি কয় যদিও প্ৰকৃততে ক্ষমতাৰ বাবে এওঁলোকে সকলো কামেই কৰিব পাৰে। শইকীয়াই কয় যে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত বৰ্তি থাকিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে একেই সাম্প্ৰদায়িক দল এআইইউডিএফৰ লগত দীৰ্ঘদিন ধৰি সম্পৰ্ক ৰক্ষা কৰি আহিছে। বাহিৰত দেখুৱাই দুয়োটা দলৰ নেতাসকলে ইটোৱে আনটোক গালি-গালাজ কৰাতো ৰাইজক বিভ্ৰান্ত কৰাৰ এক ৰাজনৈতিক কৌশলহে মাত্ৰ। ভাৰতীয় জনতা পাৰ্টীয়ে এআইইউডিএফৰ অক্সিজেন নোহোৱাকৈ চলিব নোৱাৰে বুলিও শইকীয়াই মন্তব্য কৰে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,066FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
broken clouds
27.8 ° C
27.8 °
27.8 °
58 %
0.7kmh
84 %
Fri
28 °
Sat
37 °
Sun
28 °
Mon
24 °
Tue
23 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15
Video thumbnail
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি | Successful NASA's Artemis-2 Mission | #notun_somoy
03:15
Video thumbnail
আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি || #notun_somoy
03:37
Video thumbnail
ঘোষিত হ’ল ২০২৬ বৰ্ষৰ মেট্ৰিকৰ ফলাফল | উত্তীৰ্ণৰ হাৰ ৬৫.৬২% | SEBA 10th Result 2026 | #notun_somoy
03:12
Video thumbnail
বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব || #notun_somoy
03:30
Video thumbnail
আমেৰিকা-ইৰাণৰ মাজত আকস্মিক যুদ্ধবিৰতি | Ceasefire between America and Iran | #notun_somoy
02:50

শেহতীয়া আপডেটঃ