ভূটীয়াচাং চাহ বাগিচাত উড়ান U-20 Border Girls Football Championship 2026 ৰ শুভ উদ্বোধন

- Advertisement -
- Advertisement -
- Advertisement -

উদালগুৰি, ২৪ মে’ ২০২৬: অসমৰ উদালগুৰি জিলাৰ ভূটীয়াচাং চাহ বাগিচা ফুটবল খেলপথাৰত “উড়ান U-20 Border Girls Football Championship 2026” ৰ শুভ উদ্বোধনী অনুষ্ঠান সফলভাৱে অনুষ্ঠিত হয়। সীমান্ত অঞ্চল, চাহ বাগিচা আৰু পিছপৰা অঞ্চলৰ কিশোৰী ফুটবল খেলুৱৈসকলক উৎসাহিত কৰি মহিলা সশক্তিকৰণ আৰু খেল-ধেমালিৰ বিকাশৰ লক্ষ্যৰে এই বিশেষ প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে।


অনুষ্ঠানত উদালগুৰি জিলাৰ উপায়ুক্ত জয় বিকাশ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আনহাতে ভাৰতীয় সেনাৰ উপ কমাণ্ডাৰ কৰ্ণেল বিবেক শৰ্মা, ৰেড হৰ্ন আৰটিলাৰি ব্ৰিগেড সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ উপৰিও অনুষ্ঠানত কৰ্ণেল বিপিন যাদৱ, কৰ্ণেল বি. এছ. চৌধুৰী আৰু লেফটেনেণ্ট কৰ্ণেল দীপক কুমাৰ ৩৭ নং এছ.এছ.বি বেটেলিয়নৰ ইন্সপেক্টৰ ৰবি শংকৰ প্ৰসাদ বিশেষ অতিথি হিচাপে উপস্থিত থাকি খেলুৱৈসকলক উৎসাহ যোগায়।

অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি আৰু আমন্ত্ৰিত অতিথিসকলক ঢোল-ডগৰে আৰু সাংস্কৃতিক দলৰ মাজেৰে উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পিছত সকলো অতিথিক গামোচা আৰু স্মাৰক চিহ্নেৰে সম্বৰ্ধনা জনোৱা হয়। তাৰ পিছত ভাৰতীয় সেনাৰ উপ কমাণ্ডাৰ কৰ্ণেল অমিত যাদৱে ফিটা কাটি আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে। উদ্বোধনৰ পিছতে উদালগুৰি জিলাৰ উপায়ুক্ত জয় বিকাশে বলত কিক মাৰি প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।


খেল আৰম্ভ হোৱাৰ পূৰ্বে অংশগ্ৰহণকাৰী খেলুৱৈসকলক অতিথিসকলৰ সৈতে পৰিচয় কৰোৱা হয়। অতিথিসকলে খেলুৱৈসকলক শৃংখলা, আত্মবিশ্বাস আৰু খেলুৱৈসুলভ মানসিকতাৰে খেলিবলৈ উৎসাহিত কৰে।

প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখন বামুণজুলি দল আৰু হাতীগড় দলৰ মাজত অনুষ্ঠিত হয়। বামুণজুলি দলে ৫-২ গ’লৰ ব্যৱধানত জয় লাভ কৰে। যদিও হাতীগড় দল পৰাজিত হয়, তথাপিও তেওঁলোকৰ খেলুৱৈসুলভ মানসিকতা আৰু অংশগ্ৰহণৰ স্বীকৃতি স্বৰূপে আধুনিক ইণ্ডিয়া ফাউণ্ডেচনৰ ফালৰ পৰা অংশগ্ৰহণ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

প্ৰতিযোগিতাখন বিশেষকৈ ছোৱালী খেলুৱৈসকলৰ বাবে আয়োজন কৰা হৈছে। যাতে তেওঁলোকৰ ফুটবল প্ৰতিভা উজলাই তুলিবলৈ এক সুন্দৰ মঞ্চ প্ৰদান কৰা হৈছে। চাহ বাগিচা আৰু সীমান্ত অঞ্চলৰ বহু কিশোৰীয়ে এই মঞ্চৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে। অনুষ্ঠানৰ অন্তত আয়োজক সংস্থা Aadhunik India Foundation-এ ভাৰতীয় সেনা, ৩৭ এছ.এছ.বি বেটেলিয়ন, স্থানীয় প্ৰশাসন, স্বেচ্ছাসেৱক আৰু সকলো সহযোগীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,279FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
22.5 ° C
22.5 °
22.5 °
94%
1.9m/s
64%
Tue
34 °
Wed
33 °
Thu
34 °
Fri
34 °
Sat
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
প্ৰতি ৭ জনৰ ভিতৰত এজন ব্যক্তি মানসিক ৰোগৰ চিকাৰ || #notun_somoy
02:23
Video thumbnail
১৬ সংখ্যক অসম বিধানসভাৰ আজি প্ৰথমটো দিন || #notun_somoy
05:49
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09

শেহতীয়া আপডেটঃ