স্বদেশ সংবাদ

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

● মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্ম জয়ন্তী (Gandhi Jayanti) আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী (Lal Bahadur Shastri)ৰ ১২০ সংখ্যক জন্ম জয়ন্তীত দেশে বৰেণ্য ব্যক্তি দুগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁলোকৰ সমাধিস্থল ক্ৰমে ৰাজঘাট আৰু বিজয় ঘাটত ফুলৰ থোপাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

● মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্ম জয়ন্তীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (Draupadi Murmu)ৱে দেশৰ নাগৰিকক মহাত্মা গান্ধীৰ সত্য, অহিংসা, আৰু সমাজ সংস্কাৰ আদি মূল্যবোধক আকোৱালি লৈ ভাৰতৰ উন্নয়নৰ দিশত নিৰন্তৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।

● স্বচ্ছ ভাৰত মিছন (Swachh Bharat Mission)ৰ কৃতিত্বৰ এটা দশক উপলক্ষে স্বচ্ছ ভাৰত দিৱস ২০২৪ৰ সময়ত ৯,৬০০ কোটিৰো অধিক মূল্যৰ অনাময় প্ৰকল্প আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

● দক্ষিণ-পশ্চিম মৌচুমীৰ পৰা হোৱা ক্ষতিৰ মূল্যায়নৰ পিছত কেন্দ্ৰই ১৪খন বানপীড়িত ৰাজ্য (Flood-hit states)লৈ ৫,৮৫০ কোটি টকা মুকলি কৰি দিয়ে, য’ত মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, গুজৰাট, আৰু তেলেংগানা প্ৰধান হিতাধিকাৰী ৰাজ্য সমূহৰ ভিতৰত অন্যতম।

● শ্বেয়াৰ বজাৰ (Stock Market)ত অত্যধিক জল্পনা-কল্পনা ৰোধৰ বাবে ছেবিয়ে নতুন কাঠামো ঘোষণা কৰে, ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ফিউচাৰ্ছ এণ্ড অপচনৰ চুক্তি আৰু পজিচন লিমিটত পৰ্যায়ক্ৰমে পৰিৱৰ্তন প্ৰৱৰ্তন কৰে।

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাজৰিবাগ ভ্ৰমণৰ সময়ত ৮৩,৩০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্প আৰম্ভ আৰু উদ্বোধন কৰিব, য’ত ধৰ্তি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান আৰু একাধিক জনজাতীয় সবলীকৰণৰ পদক্ষেপ অন্তৰ্ভুক্ত হৈ থাকিব।

● স্বচ্ছ ভাৰত আন্দোলনৰ দশম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰি নাগৰিকসকলক এই অভিযানক সমৰ্থন কৰি যাবলৈ আহ্বান জনায়।

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বচ্ছতা হি সেৱা- ২০২৪’ (Swachhata Hi Seva- 2024) কাৰ্যসূচীত ভাষণ দি স্বচ্ছ ভাৰত অভিযানৰ সফলতাৰ ওপৰত আলোকপাত কৰে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত সামূহিক প্ৰচেষ্টাৰ ১০ বছৰ উদযাপন কৰে, আৰু বিভিন্ন পদক্ষেপৰ অধীনত ৯,৬০০ কোটিৰো অধিক মূল্যৰ অনাময় প্ৰকল্প আৰম্ভ কৰে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,626FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
25.4 ° C
25.4 °
25.4 °
95%
1.7m/s
100%
Mon
25 °
Tue
31 °
Wed
33 °
Thu
29 °
Fri
29 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ