৩২ বছৰ পূৰ্বে ৫ মিনিটৰ বাবে অগণন লোকক নিৰ্বাক কৰি ১২ বছৰীয়া চেৱাৰ্ণ চুজুকীয়ে আগবঢ়োৱা সেই দুৰ্মূল্য ভাষ্য

- Advertisement -
- Advertisement -
- Advertisement -

দীপ শ‌ইকীয়া, তেজপুৰ :

হেল্ল’, মই চেৱাৰ্ণ চুজুকী (Sewrn Suzuki)। দ্যা এনভাইৰনমেণ্টেল চিল্ড্ৰেনচ্ অৰ্গেনাইজেচনৰ তৰফৰ পৰা তোমালোকক দুআষাৰ কথা ক’বলৈ ওলাইছো।

সেউজীয়া গ্ৰহ আমাৰ পৃথিৱীখনক বচাওঁ আহা। আমি যিখন পৃথিৱীৰ বুকুত বৰ্তি আছোঁ সেই পৃথিৱীখনকো বৰ্তি থাকিবলৈ দিওঁ আহা। যোগাত্মক পৰিৱৰ্তনৰ প্ৰচেষ্টাত ব্ৰতী আমি ১২, ১৩ বছৰীয়া এদল কিশোৰ-কিশোৰী। আমাৰ দলত আছে ভেনেছা চুইট্টী, মৰ্গেন গেইজলাৰ, মিচ্ছেল কুইগ আৰু ম‌ই নিজে। হে’ প্ৰাপ্তবয়স্কসকল, আমি নিজে প‌ইচা গোটাই সুদূৰ ৬ হাজাৰ মাইল দূৰৰ কানাডাৰ পৰা তোমালোকক এই কথাকে ক’বলৈ আহিছোঁ যে তোমালোকে তোমালোকৰ চিন্তাধাৰা আৰু কাম-কাজৰ পৰিৱৰ্তন ঘটাব‌ই লাগিব। ৰাষ্ট্ৰসংঘৰ ব্ৰাজিল আৰ্থ চামিটলৈলৈ ম‌ই কোনো গোপন অভিসন্ধি লৈ অহা নাই। মই মোৰ ভৱিষ্যতৰ বাবে যুঁজিছোঁ আৰু এই যুঁজৰ বাবেই ইয়ালৈ আহিছোঁ। মোৰ ভৱিষ্যত হেৰাই যোৱা কথাটো নিৰ্বাচনত আসন হেৰুওৱা অথবা শ্বেয়াৰ বজাৰত কেইটামান টকা হেৰাই যোৱাৰ নিচিনা সামান্য কথা নহয়। সেয়েহে মই ইয়াত ভৰি থৈছোঁ আহি থকা প্ৰতিটো প্ৰজন্মৰ কথা ক’বলৈ।

বিশ্বৰ সেই ক্ষুধাতুৰ শিশু সকলৰ হৈ মই ইয়াত মাত মাতিবলৈ আহিছোঁ যিসকলৰ কৰুণ বিননি কোনেও নুশুনে অথবা শুনিও নুশুনে। জীয়াই থকাৰ পৰিৱেশ আৰু প্ৰতিটো পথ ৰূদ্ধ হৈ যোৱাত মৃত্যু মুখত পৰা এই পৃথিৱীৰ অগণন জীৱ প্ৰজাতিবোৰৰ হৈ মাত মাতিবলৈ মই ইয়ালৈ আহিছোঁ। এইখিনি কথা আপোনালোকে।নুশুনিলে নহ’ব । ম‌ই আজি ৰ’দলৈ ভয় কৰোঁ। কাৰণ অ’জন স্তৰত বিন্ধা ওলাইছে । মুক্ত বতাহত উশাহ ল’বলৈ ভ‌য় কৰা হৈছোঁ। কি বিষাক্ত ৰাসা‌য়ণ মিহলি হৈ আছে আমাৰ প্ৰাণৰ উৎস বায়ুমণ্ডলত!ম‌ই নাজানো ।ভেনক’ভাৰ নদীত পিতাৰ লগত গৈ মাছ ধৰা মোৰ শৈশৱৰ ভালপোৱা অভ্যাসটো এতিয়া ভয় আৰু ঘৃণাত পৰিণত হ’ল যেতিয়া সেই নদীৰ বহু মাছৰ শৰীৰত মই অনেক ঘাঁ দেখা পালোঁ।

জীৱ-জন্তুৰ বিশাল জাক, বৰ্ষাৰণ্যৰ অগণিত পক্ষী আৰু পখিলা আজিৰ তাৰিখত মোৰ বাবে সপোন সপোন লগা বাস্তৱ। মোৰ ভয় হৈছে ভৱিষ্যতে মোৰ নিজৰ সন্তানহঁতে সিহঁতৰ দিনত প্ৰাণভৰি চাবলৈ থাকিবগৈ নে ছাগৈ এই প্ৰাকৃতিক অমৃত দৃশ্যবোৰ !

এই সকলোবোৰ তোমালোকৰ চকুৰ সন্মুখত দৈনন্দিন ঘটিবলৈ লাগিছে। অথচ তোমালোক আশ্চৰ্যকৰভাৱে নিৰ্বিকাৰ। যেন একোৱেই হোৱা নাই। অথবা হৈছে যদিও বহু সময় হাতত আছে, থিক হৈ যাব সকলো —- এনে মনোভাবত অভ্যস্ত হৈ পৰিছা তোমালোক।

অ’জনৰ বিন্ধা তোমালোকে বন্ধ কৰিব নোৱাৰা, মৃত নদী এখন তোমালোকে জীয়াই তুলিব নোৱাৰা, অস্তিত্ব বিপন্ন হৈ এই পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱা প্ৰাণী প্ৰজাতি সমূহক তোমালোকে আৰু ঘূৰাই আনিব নোৱাৰা কাহানিও। আৰু… আৰু… আৰু তোমালোকে ঘূৰাই আনিব নোৱাৰা কাহানিও সেইখন অৰণ্য। যাৰ ঠাইত আজি আছে এখন মৰুভূমি।সৃষ্টি যদি কৰিব‌ই নোৱাৰা, তেনেহলে ধ্বংস যজ্ঞ আজিয়েই বন্ধ কৰা।

এই সন্মিলনত উপস্থিত থকা বিভিন্ন দেশৰ চৰকাৰী প্ৰতিনিধি মণ্ডলী, বিৰাট ব্যৱসায়ীবৰ্গ, ভিন্ন সংগঠনৰ সদস্যসকল, ৰাজনৈতিক নেতা আৰু সাংবাদিকসকল। মনত ৰখা ভাল যে তোমালোক কাৰোবাৰ পিতৃ, মাতৃ, কাৰোবাৰ ভাই,ককাই, বাই, ভনী,খুৰা খুৰী,মামা,মামী। কিন্তু ম‌ই মাথোঁ এটি শিশু। শিশু হৈও মই জানো যে আমি মানু্হবোৰ ৩০ মিলিয়ন জীৱ প্ৰজাতিৰে সমৃদ্ধ এটা শক্তিশালী পৰিয়ালৰ অংশ বিশেষ। আমি একেখন আকাশৰ তলত থাকি একেখন পৃথিৱীৰ মাটি, পানী আৰু বতাহ ভোগ কৰোঁ। দেশৰ সীমা আৰু চৰকাৰে ইয়াৰ পৰিৱৰ্তন কৰিব নোৱাৰে। বতাহ আৰু পানীৰ কোনো দেশ আৰু সীমা নাথাকে।

মোৰ দেশখন ধনী দেশ। আমি তাত সকলো বস্তুৱেই অধিক হাৰত ভোগ কৰোঁ। আনকি আমি বেছি হৈ যোৱাখিনি পেলাই দিওঁ। অথচ নৰ্ডাৰ্ণ ( northern countries) দেশৰ মানুহে লগা খিনিও বিচাৰি নাপায়। জোখতকৈ বেছিকৈ থকাৰ পাছতো আমি ভগাই দিবলৈ ভয় কৰোঁ, কিজানিবা কমি যায়!

এই সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ আহি ম‌ই ব্ৰাজিলৰ পদপথত জীৱন কটোৱা এদল ভিক্ষাৰী শিশুৰ সৈতে কিছু সময় অতিবাহিত কৰিছিলোঁ। তাৰে এটা শিশুৱে মোক আচৰিত কৰি দি কৈছিল, ” মই যদি ধনী হ’লোহেতেন, সকলো পদপথৰ শিশুক ভাত, কাপোৰ, ঔষধ, আশ্ৰয় আৰু মৰম দিলোঁহেতেন!”

পদপথৰ সৰ্বহাৰা এটা শিশুৱে যদি সকলো বিলাই দিয়াৰ সাহস কৰিব পাৰে, সকলো থকাৰ পাছতো আমি ভগাই দিবলৈ কিয় ভয় কৰোঁ? কিয় আমি ইমান লুভীয়া আৰু স্বাৰ্থপৰ হৈ পৰিছো? মই এই কথা নভবাকৈ থাকিব নোৱাৰোঁ যে তেওঁলোকো মোৰ বয়সৰ শিশু। অথচ কিমান অৰ্থনৈতিক ব্যবধান আমাৰ মাজত!

ম‌ই যদি সিহঁতৰ মাজৰ এটা শিশু হ’লোহেতেন! অথবা বুভুক্ষাপিড়িত চোমালিয়াত ভোকত কলমলাই থকা শিশুবোৰ যদি তোমালোকৰ সন্তান হ’লোহেতেন! যুদ্ধ পীড়িত মধ্য প্ৰাচ্য অথবা ভাৰতৰ ভিক্ষাৰী শিশুসকলৰ মাজত যদি তোমালোকৰ সন্তান থাকিলহেতেন! কল্পনা কৰাচোন।

এটা শিশু হৈও মই এই কথা বুজি পাওঁ যে যুদ্ধত খৰচ কৰা হাজাৰ কোটি টকা যদি দূৰ্ভিক্ষ নিৰ্মূলকৰণ আৰু পৰিৱেশ উদ্ধাৰৰ নামত খৰচ কৰিলাহেতেন! পৃথিৱীখন কি সুন্দৰ ঠাইত পৰিণত হ’ল হেতেন! নুবুজা মথো তোমালোক জ্যেষ্ঠসকলে।

বিদ্যালয়ৰ শিশুসকলক তোমালোকে এই কথা শিকোৱা যে সকলোৰে লগত মিলিজুলি বসবাস কৰিব লাগে। কাজিয়া পেছাল কৰিব নালাগে। আনক আঘাত দিব নালাগে, কাৰো ক্ষতি কৰিব নালাগে, আন প্ৰাণীক অত্যাচাৰ কৰিব নালাগে, লুভীয়া হ’ব নালাগে।

আমাক কৰিবলৈ হাক দিয়া কামবোৰ তোমালোকে পিছে কৰা কিয়?

হে’ জ্যেষ্ঠসকল পাহৰি নাযাবা তোমালোকে এই সন্মিলনত লগ হোৱাৰ পৱিত্ৰ উদ্দেশ্যৰ কথা। মই জানো যে তোমালোকে আহি থকা প্ৰজন্ম‌ই কেনে এখন পৃথিৱীত বসবাস কৰিব লাগিব সেই কথা আলোচনা কৰিবা। এতিয়া সিদ্ধান্ত লোৱা আমাক কেনে এখন পৃথিৱীত তোমালোকে ডাঙৰ দীঘল হ’বলৈ দিবা _– কাৰণ আমি তোমালোকৰ সন্তান। পিতৃ-মাতৃ হিচাপে তোমালোকে আমাক আজি এইবুলি সাহস দিব পাৰিব লাগিছিল যে সকলো ঠিক হৈ যাব, চিন্তা নকৰিবা, আমি সৰ্বোত্তম প্ৰচেষ্টা চলাইছো। পৃথিৱীখন ধ্বংস হৈ নাযায় নহয়।

কিন্তু সেই অভয় দিয়াৰ সাহস আজি তোমালোকৰ নাই। তোমালোকৰ প্ৰয়োজনৰ তালিকাখনত আটাইতকৈ প্ৰয়োজনীয় হিচাপে আমাক তালিকাখনৰ ১ নম্বৰত ৰাখিছানে বাৰু? তোমালোকৰ কৰ্ম-কাণ্ডবোৰে মোক ৰাতি শান্তিৰে শুবলৈ নিদিয়ে, কথাবোৰ ভাবি চিন্তি মোৰ চকুলো নিগৰে।

দেউতাই মোক প্ৰায়েই ক‌য় — তুমি যি কৰিছা সেয়াই তুমি। যি কৈছা সেয়া তুমি নহয়। কথাত নহয় কামতহে তোমাৰ চিনাকি। তোমালোক জ্যেষ্ঠসকলে কোৱা যে তোমালোকে আমাক ভাল পোৱা। তোমালোকৰ এই কথাক মই প্ৰত্যাহ্বান জনাইছোঁ। মিছা কথা এয়া। যদি সঁচাকৈয়ে কৈছা —– তোমালোকৰ কথাবোৰ কামত প্ৰতিফলিত কৰা।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,631FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
light rain
25.6 ° C
25.6 °
25.6 °
94%
1.8m/s
100%
Sun
26 °
Mon
32 °
Tue
31 °
Wed
32 °
Thu
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ