মঙলবাৰৰ পৰা চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰীয়ে প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব

- Advertisement -
- Advertisement -
- Advertisement -

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত হ’বলগীয়া চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে কাইলৈৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ইতিমধ্যে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in ৰ পৰা ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে, অহা ২৭ অক্টোবৰত চতুৰ্থবৰ্গৰ পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। সেইদিনা পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ আই টি আই উত্তীর্ণসকলকে ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্যায়ৰ পদসমূহৰ বাবে আৰু দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অষ্টম শ্রেণী পৰ্যায়ৰ পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। নির্দেশনাত উল্লেখ থকা অনুসৰি লিখিত পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলে আধাৰ কাৰ্ড, পেন কার্ড, ড্রাইভিং লাইছেন্স, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো এখন ফটোযুক্ত পৰিচয়-পত্ৰ, প্ৰৱেশপত্ৰৰ সৈতে দেখুৱাব লাগিব লগতে প্ৰৱেশপত্ৰৰ সন্নিৱিষ্ট পৰীক্ষাৰ নীতি-নিয়মসমূহ প্রার্থীসকলক মানি চলিবলৈ কোৱা হৈছে। চতুৰ্থবৰ্গৰ মুঠ পদৰ সংখ্যা হৈছে পাঁচ হাজাৰ আৰু অহা ২৭ অক্টোবৰত মুঠ ১৩ লাখ ৭৯ হাজাৰ ১৩২ গৰাকী প্ৰাৰ্থী লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,068FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
23.6 ° C
23.6 °
23.6 °
71 %
5.8kmh
37 %
Sat
24 °
Sun
24 °
Mon
28 °
Tue
26 °
Wed
24 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15
Video thumbnail
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি | Successful NASA's Artemis-2 Mission | #notun_somoy
03:15
Video thumbnail
আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি || #notun_somoy
03:37
Video thumbnail
ঘোষিত হ’ল ২০২৬ বৰ্ষৰ মেট্ৰিকৰ ফলাফল | উত্তীৰ্ণৰ হাৰ ৬৫.৬২% | SEBA 10th Result 2026 | #notun_somoy
03:12
Video thumbnail
বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব || #notun_somoy
03:30
Video thumbnail
আমেৰিকা-ইৰাণৰ মাজত আকস্মিক যুদ্ধবিৰতি | Ceasefire between America and Iran | #notun_somoy
02:50

শেহতীয়া আপডেটঃ