▶️মণিপুৰৰ গোষ্ঠী সংঘাতৰ পিছত এইবাৰ অৰুণাচলত ধৰ্মীয় সংঘাত
▶️খ্ৰীষ্ট ধৰ্মৰ ৰাজ্য হ’ব নেকি অৰুণাচল?
▶️প্ৰতিৰক্ষা দিশৰ পৰা গুৰুত্বপূৰ্ণ ৰাজ্যখনক এনে পৰিবেশলৈ নিয়া হৈছে কিয় ?
দেশৰ প্ৰতিৰক্ষা দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ ৰাজ্য অৰুণাাচল ৷ ভাৰতৰ অৰুণাচল প্ৰদেশৰ লগত চীনৰ সীমান্ত ১০৮০ কিলোমিটাৰ ৷ অতি গুৰুত্বপূৰ্ণ ৰাজ্যখনত আৰম্ভ হৈছে এক ধৰ্মীয় সংঘাত৷
ভাৰতৰ মণিপুৰ আৰু ম্যানমাৰৰ আন্তৰাষ্ট্ৰীয় সীমান্ত ৩৯৮ কিলোমিটাৰ৷ মণিপুৰত দুটা জনগোষ্ঠীৰ মাজত আৰম্ভ হোৱা সংঘাতৰ দৰে অৰুণাচলতো আৰম্ভ হৈছে দুটা ধৰ্মৰ লোকৰ মাজত সংঘাত৷
দেশৰ শাসনৰ দায়িত্বত বিজেপি চৰকাৰ আৰু অৰুণাচল আৰু মণিপুৰতো বিজেপি শাসিত চৰকাৰ৷ আন্তৰাষ্ট্ৰীয় সীমাৰ অতি স্পৰ্শকাতৰ অঞ্চলত থকা এই দুয়োখন ৰাজ্যত এনে স্তৰৰ আভ্যন্তৰীণ সংঘাত সৃষ্টি হোৱা পৰিবেশ কোনেও দিয়া উচিত নাছিল৷ দুয়োখন ৰাজ্যত দুটা আদালতৰ ৰায়দানক লৈয়ে সংঘাতৰ বীজ ৰূপন হ’ল৷
১৯৭৮ চনত ৰাজ্যখনত অৰুণাচল প্ৰদেশ ধৰ্মীয় স্বাধীনতা আইন গ্ৰহণ কৰা হৈছিল যদিও আইনখন কাৰ্যকৰি কৰাৰ বাবে বিধি প্ৰস্তুত কৰা নাছিল৷ ৰাজ্যত কংগ্ৰেছ আৰু বিজেপিৰ কেইবাখনো চৰকাৰ গল যদিও এই আইনখনৰ বাবে বিধি প্ৰস্তুত কৰাৰ বাবে কোনো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা নাছিল৷ শেহতীয়াভাবে ধৰ্মান্তৰকৰণ ৰোধ আইনৰ বিধি প্ৰস্তুত কৰাৰ বাবে উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন অৰ্থাত পি আই এল উত্থাপন কৰা হ’ল৷ ২০২৪ ৰ ৩০ ছেপ্তেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইটানগৰ বিচাৰ পীঠে আইনখনৰ বিধি প্ৰনয়ন কৰি ছমাহৰ ভিতৰতে কাৰ্য্যকৰী কৰাৰ নিৰ্দেশ দিলে৷ এই ৰায়ৰ পিছতে উত্তপ্ত হৈ পৰিছে অৰুণাচল ৷ ইয়াৰে বহিঃপ্ৰকাশ ঘটিল দুদিনমান আগতে৷ এচাম লোক সমবেত হৈ নিজাববীয়াকৈ ঘোষণা কৰিলে অৰুণাচল খ্ৰীষ্টান ৰাজ্য৷ ১৯৭৮ চনৰ পৰা অৰুণাচলত খ্ৰীষ্টান মিছনেৰীৰ কাৰ্যকলাপত প্ৰতিবন্ধকতা অনাৰ বাবে আইন অনা হৈছিল যদিও বিধি প্ৰস্তুত নকৰা বিবে যোৱা ৪৭ বছৰে আইনখন কাৰ্যকৰি কৰা নাছিল৷
আৰ এছ এছৰ অন্যতম সংগঠন বনবাসী কল্যাণ আশ্ৰমে এই আইন ৰূপায়ন কৰাৰ বাবে আন্দোলন আৰম্ভ কৰিব লৈছে ৷অন্যহাতে এই আইনৰ বিৰোধীতা কৰি ৰাজ্যখনৰ বৃহত্তম খ্ৰীষ্টান সংগঠন অৰুণাচল খ্ৰীষ্টান ফ’ৰাম অৰ্থাত এ চি এফ য়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ এক জতিল পৰিস্থিতিলৈ গৈ আছে অৰুণাচলৰ দৰে প্ৰতিৰক্ষা দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ ৰাজ্যখন৷
অৰুণাচলত বৰ্তমান খ্ৰীষ্টান লোকৰ সংখ্যা ৩০.২৬ শতাংশ, হিন্দুধৰ্মৰ লোকৰ সংখ্যা ২৯.০৪ শতাংশ , স্হানীয় ডনিপ’ল ধৰ্মীয় বিশ্বাসী ২৬.২ শতাংশ , বৌদ্ধ ধৰ্মী ১১.৭৬ শতাংশ , ইছলাম ১.৯ শতাংশ আৰু জৈন ০.১ শতাংশ৷
অৰুণাচলত ধৰ্মীয় সংঘাতৰ অন্য এক দিশ হ’ল ২০০১ ৰ লোকপিয়লত খ্ৰীষ্টান লোক আছিল ১৮.৭২ শতাংশ অৰ্থাৎ ২.৯৮ লাখ৷ ২০১১ ৰ লোকপিয়লত হ’লগৈ ৩০.২৬ শতাংশ , অৰ্থাত ৪.১৮ লাখ ৷ হিন্দু লোক ২০০১ ত আছিল ৩৪.৬০ শতাংশ , অৰ্থাত ৩.৭৯ লাখ৷ ২০১১ ত ২৯.০৪ শতাংশলৈ হ্ৰাস হৈ হ’লগৈ ৪.০১ লাখ৷ ডনিপ’ল ধৰ্মত বিশ্বাসী লোকৰ সংখ্যা ২০০১ ত ৩০.৭৩ শতাংশ অৰ্থাৎ ৩.৩৭ লাখৰ পৰা ২০১১ ত ২৬.২০ শতাংশ অৰ্থাত ৩.৬২ লাখ হ’ল গৈ ৷
প্ৰশ্নটো হ’ল অৰুণাচলৰ দৰে দেশৰ প্ৰতিৰক্ষা দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ এখন আইনক লৈ ৪৭ টা বছৰৰ পিছত এনে পৰিবেশ সৃষ্টি কৰা হ’ল কিয় ? কাৰ স্বাৰ্থত ?











