শূন্য ভূমিহীন, শূন্য গৃহহীন ৰাজ্য ‘কেৰালা’

- Advertisement -
- Advertisement -
- Advertisement -

‘ৰাজ্য পৰিক্ৰমা’ত ভিন্ন ৰাজ্যৰ বিষয়ে বিশ্লেষণ আগবঢ়োৱা হ’ব
•শূন্য ভূমিহীন, শূন্য গৃহহীন ৰাজ্য ‘কেৰালা’
•ভাৰতৰ মছলাৰ উদ্যান বুলি পৰিচিত কেৰালা বহু ক্ষেত্ৰত আগত
•বিদেশত থকা কেৰালাৰ নাগৰিকৰ পৰা ৰাজ্যৰ পুঁজিলৈ আহে বৃহৎ অংকৰ ধন

শূন্য ভূমিহীন আৰু শূন্য গৃহহীন ৰাজ্য কেৰালা, ৰিজাৰ্ভ বেংকৰ ভাৰতীয় অৰ্থনীতিৰ পৰিসংখ্যাৰ হাতপুথিৰ মতে দেশৰ ভিতৰত সকলোতকৈ কম দৰিদ্ৰ লোকৰ ৰাজ্য কেৰালা৷
আমাৰ অসমত কৈ কিছু সৰু ৰাজ্য কিন্তু জনসংখ্যা প্ৰায় সমান৷ অসম ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰৰ বিপৰীতে কেৰালা ৩৮,৮৬৩ বৰ্গ কিলোমিটাৰ৷ জনসংখ্যা ২০২৪ লৈ অসমৰ ৩.৬ কোটি আৰু কেৰালাৰ ৩.৫ কোটি৷ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত অসমত ৩৯৭ জনৰ বিপৰীতে কেৰালাৰ ৮৯০ জন৷ সাক্ষৰতাৰ ক্ষেত্ৰত অসমৰ ৭২.১৯ শতাংশৰ বিপৰীতে কেৰালাৰ ৯৬.২ শতাংশ৷ দেশৰ ভিতৰত প্ৰথম স্থানত কেৰালা৷
মছলাৰ ব্যৱসায়ৰ বাবে এটা সময়ত পৰ্তুগীজসকলক বিশেষভাৱে আকৰ্ষণ কৰিছিল কেৰালাই৷ ৫৯৫ কিলোমিটাৰ উপকূল অঞ্চল থকা কেৰালাৰ ১৫ লাখ লোক মাছ তথা মীন উৎপাদন আৰু ব্যৱসায় ক্ষেত্ৰত জড়িত৷
ভাৰতৰ মছলাৰ উদ্যান বুলি পৰিচিত কেৰালা৷ চুমেৰিয়ান ৰেকৰ্ড মতে খৃঃপূঃ ৩০০০ চনৰ পৰাই কেৰালা মছলাৰ বাবে বিখ্যাত৷ দেশৰ ভিতৰতে মছলাৰ প্ৰধান ৰপ্তানিকাৰী ৰাজ্য কেৰালা৷
দেশৰ ৯০ শতাংশ ইলাচী উৎপাদন হয় কেৰালাত৷ এইখন ৰাজ্যৰ পৰাই দেশৰ ২০ শতাংশ কফি উৎপাদন হয়৷ তামোল আৰু নাৰিকল উৎপাদনত দেশৰ ভিতৰতে প্ৰথম স্থানত কেৰালা৷ অতি গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ভাৰতৰ ৯৭ শতাংশ জালুক কেৱল কেৰালাৰ পৰা লাভ কৰা হয়৷ একেদৰে দেশৰ ৮৫ শতাংশ ৰবৰ উৎপাদন হয় কেৰালাত৷
ইলাচী আৰু জালুকৰ লগতে ভেনিলা, দালচেনি, জাইফল, কফিৰ বাবে বিখ্যাত৷
কেৰালাৰ জনগাঁথনিত প্ৰায় অসমৰ দৰে৷ মালায়ালম ভাষী কেৰালাত ৫৪.৭৩ শতাংশ হিন্দু লোকৰ বিপৰীতে ইছলাম ধৰ্মী লোক ২৬.৫৬ শতাংশ আৰু খ্ৰীষ্টান ধৰ্মী ১৮.৩৮ শতাংশ৷ কেৰালাতে দেশৰ ভিতৰত সৰ্বাধিক খ্ৰীষ্টান ধৰ্মী লোক৷
১৯৮৬ চনত কেৰালা চৰকাৰে পৰ্যটন এক গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে ঘোষণা কৰে৷ পৰ্যটন ক্ষেত্ৰক উদ্যোগ বুলি ঘোষণা কৰা কেৰালা দেশৰ প্ৰথমখন ৰাজ্য৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক আকৰ্ষণ কৰাত গুৰুত্ব দিছে কেৰালাই৷ ২০০৬ চনত ৮৫ লাখ পৰ্যটকক আকৰ্ষণ কৰিছিল৷ ২০১১ত ১ কোটিলৈ বৃদ্ধি পালে৷ ২০১৮ত ১.৬৭ কোটি আৰু বৰ্তমান ২ কোটি অতিক্ৰম কৰিলে৷ ১২ লাখতকৈ অধিক লোক কেৰালাৰ এই পৰ্যটন ক্ষেত্ৰখনত জৰিত৷
কেৰালাৰ অৰ্থনীতি কৃষি ভিত্তিক আছিল যদিও লাহে লাহে ৰাজ্যখন সেৱাভিত্তিক অৰ্থনীতিলৈ গতি কৰিছে৷ ৬৩ শতাংশ ৰাজহ আহে সেৱাখণ্ডৰ পৰা৷ কেৰালাই আতিথ্য উদ্যোগ, পৰ্যটন, আয়ুবেদ, চিকিৎসা সেৱা, তীৰ্থ যাত্ৰী, তথ্য প্ৰযুক্তি, বিত্তীয় খণ্ড, শিক্ষা খণ্ডত গুৰুত্ব দিছে৷ ২০১৫ চনতে সম্পূৰ্ণ ডিজিটেল ৰাজ্য হিচাপে পৰিগনিত হৈছে কেৰালা৷
ঔদ্যোগিক খণ্ডত কেৰালাত জাহাজ নিৰ্মাণ, তেল শোধনাগাৰ, তথ্য প্ৰযুক্তি উদ্যোগ, উপকূলীয় খনিজ উদ্যোগ, খাদ্য প্ৰক্ৰিয়াকৰণ, সাগৰীয় সামগ্ৰী আৰু ৰবৰ ভিত্তক উদ্যোগে গুৰুত্ব লাভ কৰিছে৷
বিদেশত কাম কৰা কেৰালাৰ লোকসকলৰ ওপৰত ৰাজ্যখনৰ অৰ্থনীতিৰ বহুখিনি নিৰ্ভৰশীল৷ যথেষ্ট পুঁজি আহে আৰৱ ৰাষ্ট্ৰসমূহত কাম কৰা লোকৰ পৰা৷ সেই বাবেই কেৰালাৰ প্ৰতিখন গাঁৱতে আছে বেংকৰ শাখা৷
১০ লাখতকৈ অধিক লোকে কাম কৰা হস্তশিল্প কেৰালাৰ এক গুৰুত্বপূৰ্ণ উদ্যোগিক ক্ষেত্ৰ৷
এইখিনতে এটা প্ৰশ্ন আহে কেৰালাৰ দৰে প্ৰতিটো ক্ষেত্ৰত আমি অসমে খোজ দিব নোৱাৰো কিয়?

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,631FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
light rain
25.6 ° C
25.6 °
25.6 °
94%
1.8m/s
100%
Sun
26 °
Mon
32 °
Tue
31 °
Wed
32 °
Thu
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ