- নিজৰ ভাষাক এৰি অসমীয়া ভাষাক পৃষ্ঠপোষকতা কৰিছিল আহোম স্বৰ্গদেৱে
- টাই ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাক ৰাজভাষা কৰিছিল আহোম স্বৰ্গদেউসকলে
আহোম স্বর্গদেউসকলৰ উদাৰতা আৰু মহানুভৱতাৰ বাবে আজি অসমীয়া ভাষা জগত সভাত এটা সজীৱ ভাষা হৈ আছে৷ আহোম স্বৰ্গদেউৰ সুদীৰ্ঘ কাল ৰাজত্বৰ সময়ত ধৰ্ম প্ৰচাৰক, পণ্ডিত আৰু সেই সময়ৰ কবিসকলক নানান অমূল্য গ্ৰন্থ লিখিবৰ বাবে পৃষ্ঠপোষকতা কৰিছিল, সহায় কৰিছিল৷ স্বৰ্গদেউসকলে আহোমৰ ভাষাক ৰাজভাষা কৰাৰ বিপৰীতে অসমীয়া ভাষাক ৰাজভাষা হিচাপে প্ৰচলন কৰিছিল৷ আদালতৰ লগতে পঢ়াশালিত অসমীয়া ভাষা প্ৰচলন কৰাইছিল৷ বহু কেইজন আহোম স্বৰ্গদেউৱে বহু কবিতা আৰু গ্ৰন্থ ৰচনা কৰিছিল৷ নিজৰ ভাষা এৰি অসমীয়া ভাষাৰ বিকাশৰ বাবে কাম কৰা এনে ত্যাগ অতি বিৰল৷ ই বুৰঞ্জীত চিৰস্মৰণীয় হৈ থাকিব৷
আহোম স্বৰ্গদেউৰ সময়ত হিন্দুৰ সামাজিক প্ৰথাৰ প্ৰভাৱ ১৫শ শতাব্দীৰ আৰম্ভণিৰ পৰা পৰিছিল৷ স্বৰ্গদেউসকল পাছত যদিও সম্পূৰ্ণ হিন্দু হৈছিল, তথাপি ৰাজ অভিষেকৰ সময়ত আহোমৰ মতে আহোম নাম গ্ৰহণ কৰিছিল৷ চোমদেওক পূজ কৰিছিল, আহোমৰ মতে উৎসৱ পতাইছিল৷ আহোম পণ্ডিত আৰু জ্যোতিষীসকলক ৰাজসভাত স্থান দিছিল৷
স্বৰ্গদেউসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাত আহোম সম্প্ৰদায় তথা অসমীয়াৰ লাভ আৰু লোকচান দুয়োটা হৈছিল৷ স্বৰ্গদেউসকলে দৌল-দেৱালয়, মঠ-মন্দিৰ নিৰ্মাণ কৰাই, পুখুৰী আদি খন্দায়, সত্ৰ-সভা পাতি স্বাধীন অসমীয়াৰ এটা অক্ষয় কীৰ্তি স্থাপন কৰি থৈ গ’ল৷
সত্ৰ আৰু পণ্ডিতৰ দ্বাৰা শিক্ষাৰ বিস্তাৰ কৰালে৷ স্বৰ্গদেউসকলে কীৰ্তিচিন যে কেৱল হিন্দু দেৱ-দেৱীৰ দৌল, মন্দিৰ, পুখুৰী কেইটাৰহে ৰক্ষা কৰিছিল, এনে নহয়, তেওঁলোকৰ ডাঙৰীয়া বিষয়াসকলৰ মৈদাম, ৰজা ৰক্ষাৰ্থে বন্ধা অসংখ্য কোঠ, গড় আদি কৰিছিল৷ ৰাইজৰ হিতৰ বাবে অসংখ্য আলি-মথাউৰি লগতে গড়গাঁও আৰু ৰংপুৰৰ কাৰেংঘৰ, ৰংঘৰ, তলাতলৰ ঘৰ আদি নিৰ্মাণ কৰাইছিল৷
টাই ভাষাৰ বুৰঞ্জী, উপন্যাস, জ্যোতিষ, পঞ্জিকা, নাট, কবিতা, চকলং বিধি, মঙল চোবা বিধি, ধৰ্ম গ্ৰন্থ, ৰাজনীতি আদি পুথিবিলাক দেখি ক’ব পাৰি যে টাই ভাষাৰ শিক্ষাতো অসম বহু শিক্ষিত হ’ব পাৰিলেহেঁতেন৷ কিন্তু স্বৰ্গদেউসকলে হিন্দু ধৰ্ম পোষকতা কৰি, অসমীয়া ভাষাক মাতৃভাষা কৰি মহানতাৰ পৰিচয় দি গ’ল৷