ইতিহাসৰ পাত লুটীয়াই- খণ্ডঃ ২০

- Advertisement -
- Advertisement -
- Advertisement -
  • নিজৰ ভাষাক এৰি অসমীয়া ভাষাক পৃষ্ঠপোষকতা কৰিছিল আহোম স্বৰ্গদেৱে
  • টাই ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাক ৰাজভাষা কৰিছিল আহোম স্বৰ্গদেউসকলে

আহোম স্বর্গদেউসকলৰ উদাৰতা আৰু মহানুভৱতাৰ বাবে আজি অসমীয়া ভাষা জগত সভাত এটা সজীৱ ভাষা হৈ আছে৷ আহোম স্বৰ্গদেউৰ সুদীৰ্ঘ কাল ৰাজত্বৰ সময়ত ধৰ্ম প্ৰচাৰক, পণ্ডিত আৰু সেই সময়ৰ কবিসকলক নানান অমূল্য গ্ৰন্থ লিখিবৰ বাবে পৃষ্ঠপোষকতা কৰিছিল, সহায় কৰিছিল৷ স্বৰ্গদেউসকলে আহোমৰ ভাষাক ৰাজভাষা কৰাৰ বিপৰীতে অসমীয়া ভাষাক ৰাজভাষা হিচাপে প্ৰচলন কৰিছিল৷ আদালতৰ লগতে পঢ়াশালিত অসমীয়া ভাষা প্ৰচলন কৰাইছিল৷ বহু কেইজন আহোম স্বৰ্গদেউৱে বহু কবিতা আৰু গ্ৰন্থ ৰচনা কৰিছিল৷ নিজৰ ভাষা এৰি অসমীয়া ভাষাৰ বিকাশৰ বাবে কাম কৰা এনে ত্যাগ অতি বিৰল৷ ই বুৰঞ্জীত চিৰস্মৰণীয় হৈ থাকিব৷

আহোম স্বৰ্গদেউৰ সময়ত হিন্দুৰ সামাজিক প্ৰথাৰ প্ৰভাৱ ১৫শ শতাব্দীৰ আৰম্ভণিৰ পৰা পৰিছিল৷ স্বৰ্গদেউসকল পাছত যদিও সম্পূৰ্ণ হিন্দু হৈছিল, তথাপি ৰাজ অভিষেকৰ সময়ত আহোমৰ মতে আহোম নাম গ্ৰহণ কৰিছিল৷ চোমদেওক পূজ কৰিছিল, আহোমৰ মতে উৎসৱ পতাইছিল৷ আহোম পণ্ডিত আৰু জ্যোতিষীসকলক ৰাজসভাত স্থান দিছিল৷

স্বৰ্গদেউসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাত আহোম সম্প্ৰদায় তথা অসমীয়াৰ লাভ আৰু লোকচান দুয়োটা হৈছিল৷ স্বৰ্গদেউসকলে দৌল-দেৱালয়, মঠ-মন্দিৰ নিৰ্মাণ কৰাই, পুখুৰী আদি খন্দায়, সত্ৰ-সভা পাতি স্বাধীন অসমীয়াৰ এটা অক্ষয় কীৰ্তি স্থাপন কৰি থৈ গ’ল৷

সত্ৰ আৰু পণ্ডিতৰ দ্বাৰা শিক্ষাৰ বিস্তাৰ কৰালে৷ স্বৰ্গদেউসকলে কীৰ্তিচিন যে কেৱল হিন্দু দেৱ-দেৱীৰ দৌল, মন্দিৰ, পুখুৰী কেইটাৰহে ৰক্ষা কৰিছিল, এনে নহয়, তেওঁলোকৰ ডাঙৰীয়া বিষয়াসকলৰ মৈদাম, ৰজা ৰক্ষাৰ্থে বন্ধা অসংখ্য কোঠ, গড় আদি কৰিছিল৷ ৰাইজৰ হিতৰ বাবে অসংখ্য আলি-মথাউৰি লগতে গড়গাঁও আৰু ৰংপুৰৰ কাৰেংঘৰ, ৰংঘৰ, তলাতলৰ ঘৰ আদি নিৰ্মাণ কৰাইছিল৷

টাই ভাষাৰ বুৰঞ্জী, উপন্যাস, জ্যোতিষ, পঞ্জিকা, নাট, কবিতা, চকলং বিধি, মঙল চোবা বিধি, ধৰ্ম গ্ৰন্থ, ৰাজনীতি আদি পুথিবিলাক দেখি ক’ব পাৰি যে টাই ভাষাৰ শিক্ষাতো অসম বহু শিক্ষিত হ’ব পাৰিলেহেঁতেন৷ কিন্তু স্বৰ্গদেউসকলে হিন্দু ধৰ্ম পোষকতা কৰি, অসমীয়া ভাষাক মাতৃভাষা কৰি মহানতাৰ পৰিচয় দি গ’ল৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,631FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
light rain
25.6 ° C
25.6 °
25.6 °
94%
1.8m/s
100%
Sun
26 °
Mon
32 °
Tue
31 °
Wed
32 °
Thu
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ