পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজক কৃতজ্ঞতা ভূপেন বৰাৰ

- Advertisement -
- Advertisement -
- Advertisement -

▪ দলীয় পৰ্যালোচনাৰে ২০২৬ত নতুন ৰণকৌশলেৰে যুঁজিব কংগ্ৰেছে

গুৱাহাটী, ১৩ মে’: পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰা কংগ্ৰেছ দলৰ সকলো প্ৰাৰ্থী আৰু ভোটাৰ ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। আজি এক বিবৃতিত বৰাই কয় যে গ্ৰাম্যঞ্চলৰ উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ স্বাৰ্থত কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাতো বিচাৰিছিল আৰু গান্ধীজীৰ সপোনৰ গ্ৰাম্য স্বৰাজ যাতে ৰাইজৰ পদূলিত অনুভৱ হয় তাৰ বাবে কংগ্ৰেছ দলে সদায় ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বিচাৰে। বৰ্তমানৰ চৰকাৰখনে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচৰা নাছিল আৰু কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক বাধ্য কৰালে। গ্ৰাম্য উন্নয়নত পঞ্চায়তৰ বাবে ব্যয় কৰিবলগীয়া ১,১০০ কোটি টকা এতিয়া জমা আছে আৰু নতুন পঞ্চায়তত এই পুঁজি ব্যয় কৰি অসমৰ গ্ৰাম্যঞ্চলৰ ৰাইজৰ বিকাশ সাধন কৰিব পাৰিব। আজি ৰঙানদী সমষ্টিত ব্লক কংগ্ৰেছৰ উদ্যোগত ৰঙানদী সমষ্টিৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ বিজয়ী প্ৰাৰ্থীসকলৰ এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰাই কয় যে কংগ্ৰেছ দলৰ জয় আৰু পৰাজয় দুয়োটা কাৰকেই প্ৰতিকূল ৰাজনৈতিক পৰিৱেশৰ বাবে হৈছে আৰু সেই বিষয়সমূহ আমি দলীয় মঞ্চত বিস্তাৰিতভাৱে আলোচনা কৰি ২০২৬ চনত নতুন শক্তিৰে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ম। অসমৰ ৰাইজে কংগ্ৰেছ দলক পুনৰ মৰম আৰু আশীৰ্বাদ দিব বুলি আশা প্ৰকাশ কৰি এক বিবৃতিত তেওঁ কয়— সৰ্বপ্ৰথমে আমি অসমৰ জনসাধাৰণে এই গণপঞ্চায়ত নিৰ্বাচনত দিয়া ৰায় বিনম্ৰতাৰে স্বীকাৰ কৰিছো। গণতন্ত্ৰক তৃণমূল স্তৰত শক্তিশালী কৰি তোলাত অসমৰ জনসাধাৰণে যি ভূমিকা গ্ৰহণ কৰিলে, তাৰ বাবে আমি তেওঁলোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমি সকলো ভোটাৰৰ প্ৰতি কৃতজ্ঞ, যিসকলে সকলো প্ৰতিকূলতা সত্ত্বেও আমাক সমৰ্থন আৰু ভোট দি সহায় কৰিলে। পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন স্তৰত বিজয়ী হোৱা সকলো প্ৰাৰ্থীলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ সকলো প্ৰাৰ্থীৰ প্ৰতি বিশেষ ধন্যবাদ যিসকলে এক শৃংখলাবদ্ধ সৈনিকৰ দৰে যুঁজ দিলে। ফলাফল যিয়েই নহওক কিয়, জয়-পৰাজয়ৰ ঊৰ্ধ্বত উঠি গণতন্ত্ৰৰ প্ৰতি আপোনালোকৰ অংগীকাৰ আৰু অৱদানক আমি গভীৰভাৱে সন্মান জনাওঁ। আমাৰ দলৰ সকলো কৰ্মীৰ অক্লান্ত প্ৰচেষ্টাকো হৃদয়ৰ পৰা সাধুবাদ জানাওঁ যিসকলে প্ৰতিটো স্তৰত বিজেপিক প্ৰতিহত কৰিবলৈ অটল অৱস্থান গ্ৰহণ কৰিলে। কংগ্ৰেছ দলৰ পৰা বিজয়ী হোৱা সকলো প্ৰাৰ্থীৰ প্ৰতি আন্তৰিক অভিনন্দন। এই যুঁজ অতি কঠিন আছিল, কিন্তু আপোনালোকে দলক গৌৰৱান্বিত কৰিলে। বন্ধুসকল, আমি এক ধুমুহা পাৰ হৈ আহিছোঁ আৰু ইয়াকো অতিক্ৰম কৰি বেছি শক্তিশালী হৈ উঠিছোঁ। পৰীক্ষাৰ সময়ত আমাৰ সংকল্প আৰু গভীৰ হয়। আজি আত্মপৰীক্ষণৰ দিন, গতিকে আমি এই পঞ্চায়ত নিৰ্বাচনত সামগ্ৰিকভাৱে আমাৰ প্ৰদৰ্শনৰ কাৰণসমূহ পৰ্যালোচনা কৰিম। যিহেতু আমি বিশ্বাস কৰোঁ যে অসমৰ জনসাধাৰণে আৰু বিশেষকৈ সন্মানীয় সংবাদমাধ্যমৰ সদস্যসকলে কংগ্ৰেছ সমৰ্থকৰ ওপৰত হোৱা অনিয়ম আৰু হিংসাৰ সাক্ষী হৈছে।

চৰকাৰী যন্ত্ৰৰ অপপ্ৰয়োগ আৰু ৰাজ্যজুৰি বিজেপিৰ দ্বাৰা টকা-পইচা আৰু শাৰীৰিক শক্তিৰ অবাধ ব্যৱহাৰ সম্পৰ্কে আমি বিস্তাৰিতভাৱে পিছত আলোচনা কৰিম। বৰ্তমান আমি আত্মপৰীক্ষণৰ পথ বাছি লৈছোঁ। ইতিমধ্যে আমাৰ সকলো জিলা কংগ্ৰেছ সমিতিৰ পৰা প্ৰতিবেদন আহি আমাৰ কাৰ্যালয়ত জমা হৈছে। এইবোৰ সাৱধানেৰে পৰ্যালোচনা কৰা হ’ব, তাৰ পিছত আলোচনা-বিলোচনা কৰি পুনৰ আপোনালোকৰ সৈতে সংযোগ স্থাপন কৰিম। অসমৰ জনসাধাৰণক পুনৰ এবাৰ কৃতজ্ঞতা জনাইছোঁ যিসকলে গণপঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰি আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক সমৰ্থন কৰিলে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,631FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
light rain
25.6 ° C
25.6 °
25.6 °
94%
1.8m/s
100%
Sun
26 °
Mon
32 °
Tue
31 °
Wed
32 °
Thu
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ