তেজপুৰৰ পৰা দীপ শইকীয়াঃ তেজপুৰ মেডিকেল কলেজ হাস্পাতালতৰ নলাত আজি সন্ধিয়া প্ৰায় ৬ বজাত এজনৰ লোকৰ মৃতদেহ উদ্ধাৰ হয়৷ লোকজন কেনেকৈ নলাত পৰিল, সঠিকভাবে জনা হোৱা নাই৷ চিকিৎসালয়ৰ ওপৰৰ পৰা পৰিল নেকি? তাক লৈ প্ৰশ্ন উঠিছে৷

ব্যক্তিজন আদিবাসী সম্প্ৰদায়ৰ বুলি সন্দেহ কৰা হৈছে। বর্তমানলৈকে কোনো তথ্য একো উদ্ধাৰ হোৱা নাই। কি কাৰণত কেনেকৈ ব্যক্তিজন পৰিল নে কোনোবাই হত্যা কৰি গ’ল এতিয়ালৈকে চিকিৎসালয়ৰ কৰ্তৃপক্ষও জ্ঞাত নহয়। এই সন্দৰ্ভত তদন্ত চলি আছে যদিও আৰক্ষীয়ে সঠিক তথ্য প্ৰকাশ কৰা নাই।











