প্রাগজ্যোতি – ড° বুলজিৎ বুঢ়াগোহাঁই

- Advertisement -
- Advertisement -
- Advertisement -

‘প্ৰাগজ্যোতি’ হৈছে বিভিন্ন জনকল্যাণমূলক কাৰ্যৰ লগতে ব্যতিক্ৰমী সামাজিক কাম-কাজেৰে নিদৰ্শন দাঙি ধৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া বজালী অঞ্চলৰ অন্তৰ্গত পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান ‘প্ৰাগজ্যোতি ক্লাব’ৰ ২১ সংখ্যক অধিৱেশন আৰু ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ। স্মৃতিগ্রন্থখনৰ সম্পাদনা সমিতিত সভাপতি হ’ল -গৌতম গোস্বামী ; উপ-সভাপতি হ’ল – দ্বীপেন দাস; সম্পাদকদ্বয় হ’ল -আমিনুল হক আৰু নিতুল শর্মা ; সদস্যসকল হ’ল -ৰফিকুল হক,শিখৰ গোস্বামী, সুকুমাৰ শৰ্মা আৰু পুলকেশ দাস । স্মৃতিগ্রন্থখনত ৰণজিৎ কুমাৰ দাস, ভাৰত ভূষণ দেৱ চৌধুৰী আৰু ড° দীনেশ চন্দ্র গোস্বামীৰ শুভেচ্ছাবাণী প্রকাশ পাইছে।

সম্পাদনা সমিতিৰ সভাপতিৰ দুআষাৰ গৌতম গোস্বামীয়ে এনেদৰে লিখিছে ‘১৯৮৯ চনত প্রতিষ্ঠা লাভ কৰা পাটাছাৰকুছিৰ মাজমজিয়াত অৱস্থিত প্রাগজ্যোতি ক্লাব সমগ্ৰ অসমৰে এটি লেখত ল’বলগীয়া ক্লাব বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। জন্মলগ্নৰে এই ক্লাবটোৱে বৃহত্তৰ পাটাছাৰকুছিৰ সামাজিক-সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰখনৰ উত্তৰণৰ হকে কাম কৰি আহিছে। সামাজিক উন্নয়নৰ হকে কাম কৰি অহা প্রাগজ্যোতি ক্লাবৰ ক্ষেত্ৰখনৰ পৰিসৰ আজি অকল বৃহত্তৰ পাটাছাৰকুছিতে সীমাৱদ্ধ হৈ থকা নাই। এই ক্লাবৰ কৰ্মৰাজি ছপা মাধ্যমৰ উপৰি বৈদ্যুতিন মাধ্যমতো চর্চিত হৈ পৰিছে। পাটাছাৰকুছি অঞ্চলৰ ক্ৰীড়া আৰু নাট্য-চৰ্চাৰ ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে আজিৰ পৰা ৩৫ বছৰ আগতে এই ক্লাবটোৰ জন্ম হৈছিল যদিও সময়ৰ লগে লগে ক্লাবটোৰ কৰ্মৰাজিয়ে বিস্তৃত পৰিসৰ লাভ কৰে। ফলশ্ৰুতিত প্রাগজ্যোতি ক্লাব আজি পাটাছাৰকুছিৰ চিনাকি হৈ পৰিছে।

নাট্য-চৰ্চা আৰু ক্রীড়াৰ উত্তৰণ যদিও প্রাগজ্যোতি ক্লাবৰ প্ৰাথমিক লক্ষ্য আছিল, তথাপি যোৱা তিনি দশকতকৈও অধিক কাল ধৰি ক্লাবটোৱে নিৰৱচ্ছিন্নভাৱে অলেখ জনহিতকৰ কাম কৰি আহিছে। ক্লাবৰ প্ৰতিগৰাকী সদস্যৰ ত্যাগ, শ্রম, নিষ্ঠা আৰু সমাজৰ প্ৰতি থকা সেৱাৰ মনোভাবৰ বাবেই এইটো সম্ভৱ হৈছে। …’

‘গাঁৱৰ সেই চিনাকি ছবিবোৰ…’ শীৰ্ষক সম্পাদকীয় আমিনুল হক আৰু নিতুল শর্মাই
এনেদৰে লিখিছে ‘গোলকীকৰণৰ লগে লগে পৃথিবীখন এখন সক গাঁওলৈ ৰূপান্তৰিত হ’ল। ইয়াৰ ফলত আর্থিক প্রভাৱ প্রায় সকলো লোকৰ ওপৰত পৰাটো স্বাভাৱিক। লগে লগে সকলো বস্তুৰে বাণিজ্যিকীকৰণ হ’ল। গাঁৰৰ নদাই-ভদাইৰ পৰা বহুৰাষ্ট্রীয় কোম্পানীবো আয় বাঢ়িল। ঘৰৰ পিছফালৰ বাৰীত উৎপাদিত সকলো বস্তুৰে এখন বজাৰ হ’ল। মানুহৰ কর্মক্ষেত্রৰ পৰিসৰ বহল আৰু সলনি হ’ল। কিছু সংখ্যক ব্যাক্তিৰ জীবন স্বাচ্ছন্দ্যেৰে ভৰি পৰিল। একাংশ মানুহ ৰঙীন জীৱনলৈ আকর্ষিত হ’ল। গাওঁবিলাকৰ ছবিও সলনি হ’ল। গাঁৱত ডাঙৰ- ডাঙৰ অট্টালিকা হ’ল। তাৰ পৰিৱর্তে গাঁৱব চিনাকি ছবিবোধ নাইকিয়া হ’ল। গাঁৱত আৰু এতিয়া গৰু বা ম’হৰ জাক দেখিবলৈ নোপোৱা হ’ল। আনকি আঘোণৰ পথাৰৰ পৰা গৰু গাড়ীৰে সোণগুটি কঢ়িওৱা দৃশ্যও এতিয়া চলচিত্রতহে দেখিবলৈ পোবা হ’ল। গাঁৱৰ মুৰৰ আহত জোপাৰ তলৰ পৰা ভৰ দুপৰীয়া কোনো ডেকাৰে বাঁহীৰ সুৰ ভাহি নহা হ’ল। কাতি মাহৰ আকাশত সন্ধিয়া উজলি উঠা আকাশ বস্তিবোৰো আকাশতে নোহোৱা হ’ল। জাকৈয়া ছোৱালী-বোৱাৰীৰ মাতত খিলখিলাই থকা পথাৰখনো এতিয়া নিষ্প্রাণ। গাঁৱলীয়া জীবনৰ পৰা ঢেঁকী নাইকীয়া হ’ল। চোতালৰ মেলবোৰ নোহোবা হ’ল। মানুহৰ মনৰ মিল কমি আহিল। যৌথ পৰিয়াল নোহোৱা হ’ল। ঘৰবোৰৰ ভিতৰত আৰু এটি সৰু ঘৰ গঢ় লৈ উঠিল। যৌথ পৰিয়ালবোৰৰ মাজত এজন আনজনৰ অচিনাকি হৈ পৰিল। গাঁহৰ ঘৰৰ পদুলি-মুখৰ পৰা সন্ধিয়া প্রার্থনাৰ সুললিত কণ্ঠই বাটৰুৱাৰ কণ কঞ্জৰত মমধু গুঞ্জন তোলা তাহানিৰ সেই মায়াময় পৰিবেশ এতিয়া পাবলৈ নাই। মুঠতে অসমীয়া সমাজ ব্যৱস্থাৰ মেটমৰা কৃষ্টি-সংস্কৃতিৰ সৰু-সৰু উপাদানবোৰ যেন বিশ্বায়নৰ আগমনৰ লগে লগে লাহে লাহে হেৰাই যাব ধৰিলে। মানুহৰ জীবনক সমৃদ্ধিশালী কৰা উপাদানবোৰ নোহোবা হ’ল। সেউজীয়া উপত্যকাত ওমলি-জামলি জীবন নির্বাহ কৰা লোকসকলৰ জীবনৰ পৰাই সেউজীয়া হেৰাই থাকিল। এনে এক প্রেক্ষাপটত বিশ্বায়নে আনি দিয়া সকলো সুখ-স্বাচ্ছন্দ্য আৰু সুবিধা গ্রহণ কৰিও মেটমৰা বিভিন্ন উপাদানেৰে সমৃদ্ধ অসমীয়া সমাজখনৰ কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাটোৱে হৈছে সময়ৰ আহবান। …’
লগতে ক্লাবৰ সভাপতি ৰফিকুল হক আৰু ক্লাবৰ সম্পাদক শিখৰ গোস্বামীৰ দুআষাৰ স্মৃতিগ্রন্থখনত প্রকাশ পাইছে।
স্মৃতিগ্রন্থখনৰ ‘প্রাগজ্যোতি ক্লাব বিষয়ক’ শীৰ্ষক শিতানত থকা লেখাবোৰ হ’ল – প্রাগজ্যোতি ক্লাবৰ চমু ইতিহাস, মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ ‘সামাজিক কর্মত প্রাগজ্যোতি ক্লাব’, শ্রীপদ চৌধুৰীৰ ‘নাট্য-চর্চাত প্রাগজ্যোতি ক্লাব’, ক্রীড়াৰ ক্ষেত্ৰত প্রাগজ্যোতি ক্লাব, ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱৰ এটি ৰেঙণি আৰু থোৰতে প্রাগজ্যোতি ক্লাব।
স্মৃতিগ্রন্থখনৰ ‘পাটাছাৰকুছি বিষয়ক’ শীৰ্ষক শিতানত থকা লেখাবোৰ হ’ল – ইতিহাসৰ পটভূমিত পাটাছাৰকুছি , সুৰেন্দ্ৰ নাথ লাউজাৰীৰ ‘পাটাছাৰকুছিৰ সামাজিক পৰিবেশ আৰু সমন্বয়’, আৰু হর্ষমোহন শর্মাৰ ‘কালদিয়া আমাৰ ধমনী’।
স্মৃতিগ্রন্থখনৰ ‘চিন্তা শিল্প’ শীৰ্ষক শিতানত থকা লেখাবোৰ হ’ল –সুৰেন গোস্বামীৰ ‘স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰয়োজন’,ড° অবনী কুমাৰ ভাগৱতীৰ ‘নদী আৰু মানুহ’,ড° প্রমোদ চন্দ্র নেওগৰ ‘জলবায়ু-সেউজগৃহৰ প্ৰভাৱ সংকটৰ গৰাহত জীৱকুল’,নৰেন পাটগিৰিৰ ‘হেমকোষৰ বাটেদি অসমীয়া ভাষাৰ ভবিষ্যৎ’,অভিজিত শর্মা বৰুৱাৰ ‘অতীতৰ সুন্দৰ ভূখণ্ড’,ঋতুপর্ণ দাসৰ ‘দৰ্শকে ধৰিবই নোৱাৰিলে বুলি ভবাটো মূর্খামি’,ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘ছাত্ৰাৱস্থাত কেৰিয়াৰ বাছনিৰ প্রয়োজনীয়তা’,খনীন্দ্ৰ নাথ তালুকদাৰৰ ‘খাদ্য আৰু স্বাস্থ্য’,নিপন দাসৰ ‘খেলৰ মাধ্যমেৰে অনুশীলনৰ প্রয়োজনীয়তা’,গংগাপদ চৌধুৰীৰ ‘প্রসংগঃ ভ্রমণ সাহিত্য’ আৰু সদানন্দ গগৈৰ ‘কিছু সান্নিধ্য কিছু স্মৃতি’।
স্মৃতিগ্রন্থখনৰ ‘সদস্যৰ শিতান’ শীৰ্ষক শিতানত থকা লেখাবোৰ হ’ল- সঞ্জয় শর্মাৰ ‘প্রাগজ্যোতি ক্লাবৰ অনিৰুদ্ধ যাত্ৰাৰ চানেকি’,খগেন ডেকাৰ সমাজ সেৱাত ‘প্রাগজ্যোতি সাহায্য নিধি’,নিতুল শর্মাৰ ‘প্রাগজ্যোতি বিশেষ বক্তৃতানুষ্ঠান: এক বিদ্যায়তনিক কার্যসূচী’,ৰাজীৱ কুমাৰ শৰ্মাৰ ‘প্রাগজ্যোতি একাংক নাট প্রতিযোগিতাৰ এক অৱলোকন’,
দিপুমণি শর্মাৰ ‘প্রাগজ্যোতি গ্রাম্য থলুৱা ক্রীড়া প্রতিযোগিতা: এক চমু খতিয়ান’,অমিতাভ শর্মাৰ ‘প্রাগজ্যোতি ক্লাবৰ উপহাৰ কুপন খেলত ঘুৰে ভাগ্যৰ চকৰী’,পুলকেশ দাসৰ ‘অনুভৱ’
আৰু মৌচম শর্মাৰ ‘অনুভৱ’।
নাটক সমাজ সংস্কাৰৰ এক অন্যতম মাধ্যম হিচাপে গঢ়ি তোলাৰ কল্পনাৰে পাটাছাৰকুছি অঞ্চলৰ কেইজনমান উদীয়মান যুৱকে ১৯৮৯ চনৰ ২০ জুন তাৰিখে স্থাপন কৰা প্রাগজ্যোতি ক্লাবে প্ৰতিষ্ঠাৰ দিনৰে পৰা সামাজিক দায়ৱদ্ধতাৰে ক্ৰীড়া, সাংস্কৃতিক তথা সামাজিক কাম-কাজ কৰি আহিছে । অসমৰ গ্ৰাম্য জীৱনৰ লগত জড়িত পৰম্পৰাগত তথা থলুৱা খেলসমূহ সজীৱ কৰাৰ লক্ষ্যৰে পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত মাঘ বিহুৰ লগত সংগতি ৰাখি ডেকা, বুঢ়া, চেমনীয়া, পুৰুষ, মহিলা আদি সকলো বয়সৰ লোকে অংশগ্রহণ কৰিব পৰাকৈ ২০২০ বৰ্ষৰ পৰা এখন গ্রাম্য থলুৱা ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত কৰি আহিছে। সেৱাত ‘প্রাগজ্যোতি সাহায্য নিধি’ৰ মাধ্যমেৰে বর্তমানলৈকে সর্বমুঠ ১০,৬২,১৯৬ টকা ব্যয়ৰে ৩২২ গৰাকী লোকক আর্থিক সাহায্য তথা সামগ্ৰী প্ৰদান কৰিছে। ইয়াৰ ভিতৰত ক’ভিড মহামাৰীৰ সময়তো তাৎক্ষণিকভাৱে সাহায্য প্রদান কৰা ২১৯গৰাকী ব্যক্তি আছে। প্রাগজ্যোতি ক্লাবৰ উপহাৰ কুপন খেলখনৰ ৰাহি টকাৰে সমাজ-হিতৈষী কাম- কাজবোৰ চলাবলৈ নিবলৈ পাৰিছে। প্রাগজ্যোতি ক্লাবে সুন্দৰ কামবোৰ কৰি থাকক তাৰে কামনা কৰিছো।
লগতে স্মৃতিগগ্রন্থখনৰ শেষৰ ফালে আছে – ক্লাবত পদার্পণ কৰা কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ মন্তব্য আৰু ক্লাবৰ সদস্য, উপদেষ্টা, ক্লাবৰ বিভিন্ন কাৰ্যসূচী তথা কাৰ্যালয় ভৱনৰ চৌহদৰ একাংশৰ ফটো স্মৃতিগগ্রন্থখনত আছে। প্রাগজ্যোতি ক্লাবৰ বিষয়ে জানিবৰ বাবে এনে এখন তথ্যসমৃদ্ধ স্মৃতিগগ্রন্থ পাঠক সমাজলৈ আগবঢ়োৱা বাবে সম্পাদনা সমিতিক ধন্যবাদ জনাইছো। আশা কৰিছো অসমৰ আন আন স্বেচ্চাসেৱী সামাজিক অনুষ্ঠানে প্রাগজ্যোতি ক্লাবৰ দৰে পদক্ষেপ গ্রহণ কৰিব।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা, গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

- Advertisement -

গুৱাহাটীঃ

Stay Connected

27,631FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
light rain
25.6 ° C
25.6 °
25.6 °
94%
1.8m/s
100%
Sun
26 °
Mon
32 °
Tue
31 °
Wed
32 °
Thu
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ