মোদীক মিছলীয়া আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ

- Advertisement -
- Advertisement -
- Advertisement -

▪️৬ জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা বিজেপিৰ
▪️ৰাজীৱ ভৱনত প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়াৰ সংবাদমেল
▪️ভূপেন হাজৰিকাক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি
▪️ভূপেন হাজৰিকাই কংগ্ৰেছ চৰকাৰ থাকোতেই পাইছিল পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, অসম ৰত্ন
▪️সংগীত নাটক অকাডেমীৰ অধ্যক্ষৰ দায়িত্বও পাইছিল কংগ্ৰেছৰ দিনতে

গুৱাহাটী, ১৫ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণক লৈ কংগ্ৰেছৰ কটাক্ষ। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত উপস্থিত থাকি আজি কয় যে মণিপুৰৰ হিংসাৰ দাবানল নিয়ন্ত্ৰণত গুৰুত্ব নিদিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আঢ়ৈ বছৰৰ পিছত আঢ়ৈ ঘণ্টাৰ বাবে মণিপুৰলৈ আহিছিল। মণিপুৰত হিংসা চলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৯খন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল। ইয়াৰ ভিতৰত আমেৰিকালৈ তেওঁ তিনিবাৰ, ৰাছিয়ালৈ দুবাৰ, ফ্ৰান্সলৈ দুবাৰ আৰু আৰব এমিৰেটছলৈ তিনিবাৰ ফুৰিবলৈ গৈছিল। উত্তৰ-পূৰ্বাঞ্চলক সদায় গুৰুত্ব দি অহা বুলি কোৱা প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰত মাত্ৰ কোঠাৰ ভিতৰত কেইজনমান লোকক লগ কৰি ঘূৰি আহিল। অকল সেয়াই নহয়, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন ৮ ছেপ্টেম্বৰৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে নিজৰ সুবিধা অনুযায়ী ১৩ ছেপ্টেম্বৰত অসমলৈ আহি বাঃ বাঃ ল’বলৈ চেষ্টা কৰিলে। ভূপেন হাজৰিকাৰ যি নীতি-আদৰ্শ সেই নীতি-আদৰ্শৰ লগত বিজেপি অথবা নৰেন্দ্ৰ মোদীৰ নীতিৰ লগত আকাশ-পাতাল পাৰ্থক্য বুলি উল্লেখ কৰি সাংসদ বৰদলৈয়ে কয় যে পেহেলগামত যেতিয়া ভাৰতীয় পৰ্যটকৰ ওপৰত আক্ৰমণ চলিছিল তেতিয়া বিদেশত থকা নৰেন্দ্ৰ মোদীয়ে পোনে পোনে জন্মু-কাশ্মীৰলৈ নগৈ বিহাৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল। ক্ষমতাৰ বাবে যিকোনো কাম কৰিব পৰা নৰেন্দ্ৰ মোদীয়ে নিৰ্বিকাৰভাৱে সেই সময়ত ক্ষমতাৰ বাবে বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াও উপস্থিত থকা সংবাদমেলখনত সাংসদ বৰদলৈয়ে কয় যে, ভূপেন হাজৰিকাৰ সাৰ্বজনীনতা বিশেষকৈ সকলো শ্ৰেণীৰ মানুহৰ বাবে কাম কৰাৰ যি নীতি সেই নীতি নৰেন্দ্ৰ মোদীৰ দৰে নেতাই অনুভৱ কৰিব নোৱাৰে।

আৰএছএছ আৰু বিজেপিৰ মন সদায় ঠেক আৰু সেইবাবে মোদীয়ে কোৱাৰ দৰে ভূপেন হাজৰিকাৰ বিশ্বজনীন গানসমূহ তেওঁ ৰাইজৰ মাজলৈ লৈ যাব নোৱাৰে। কংগ্ৰেছক দলক গালি পৰাই নৰেন্দ্ৰ মোদীৰ প্ৰধান কাম বুলি উল্লেখ কৰি সাংসদ বৰদলৈয়ে কয় যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুক সমালোচনা কৰাতো তেওঁলোকৰ এটা বেমাৰ। কংগ্ৰেছৰ নেতা বল্লভভাই পেটেলক হাইজেক কৰি তেওঁলোকে বিজেপিৰ নেতা কৰিবলৈ বিচাৰিছিল বুলি উল্লেখ কৰি বৰদলৈয়ে কয় যে বল্লভভাই পেটেলে গান্ধীক হত্যা কৰা বাবে আৰএছএছক নিষিদ্ধ কৰিছিল। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰুৱে অসমক বাই বাই দিয়াৰ সন্দৰ্ভত পুনৰ নতুনকৈ এক বিতৰ্কৰ সূচনা কৰা বিষয়টোত খেদ প্ৰকাশ কৰি বৰদলৈয়ে কয় যে জৱহাৰলাল নেহৰুৰ চীনা আক্ৰমণৰ সময়ত দিয়া ভাষণটো সকলো ৰাইজে বিশেষকৈ বিজেপি নেতা-কৰ্মীসকলে শুনি চোৱা ভাল। নেহৰুৱে সেই সময়ত অসমৰ বাবে কাম কৰাই নহয়, তেওঁৰ জীয়াৰি কেন্দ্ৰীয় মন্ত্ৰী ইন্দিৰা গান্ধীক অসমলৈ পঠাই দি অসমত থাকি লৈ অসমবাসীৰ প্ৰতি সেৱা আগবঢ়াবৰ বাবে উৎসৰ্গা কৰিছিল। এইবোৰ ইতিহাস বিকৃত কৰাতো বিজেপি আৰু নৰেন্দ্ৰ মোদীৰ এতিয়া প্ৰধান কাম হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে। সংবাদমেলত উপস্থিত থাকি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কেবাটাও গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰে। তেওঁ কয় যে ভূপেন হাজৰিকাৰ গানত যি ধৰ্মনিৰপেক্ষতা, ধৰ্মীয় সহিষ্ণুতা, মানৱতা আৰু সহনশীলতা। এই নীতি বিজেপিৰ সম্পূৰ্ণ বিৰোধী। ভূপেন হাজৰিকাই বিজেপিৰ প্ৰাৰ্থিত্ব লৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল যদিও শেষমুহূৰ্তত সেয়া জীৱনৰ এক ভুল আছিল বুলি উল্লেখ কৰি গৈছে। শইকীয়াই কয়, ভূপেন হাজৰিকাৰ জীৱনৰ বহু সময় অৰুণাচলক দিছিল আৰু অৰুণাচল চৰকাৰে ভূপেন হাজৰিকা ন্যাসৰ সহযোগত জন্ম শতবৰ্ষ আয়োজন কৰাৰ প্ৰস্তুতি চলাইছিল। অসম চৰকাৰে এই বিষয়টো অৰুণাচল চৰকাৰৰ পৰা হাইজকে কৰি নিজাকৈ আৰম্ভ কৰিলে আৰু যিটো বিষয় এতিয়া ভূপেন হাজৰিকাৰ পুত্ৰ আৰু পৰিয়ালেও সহজভাৱে লোৱা নাই। ভূপেন হাজৰিকাৰ একমাত্ৰ পুত্ৰই তেখেতৰ জন্ম শতবৰ্ষ অনুষ্ঠানলৈ আহি দীঘলীয়া সময় ধৰি উপস্থিত আছিল যদিও তেওঁক এবাৰো ৰাইজৰ ওচৰত পৰিচয় কৰি দিয়াৰ সৌজন্যতা নেদেখুৱালে অসম চৰকাৰে। কংগ্ৰেছ চৰকাৰে ভূপেন হাজৰিকাক তেওঁৰ কৰ্মৰাজিৰ বাবে দাদাচাহেব ফাল্কে, পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আদিৰ লগতে সংগীত নাটক অকাডেমীৰ অধ্যক্ষৰ পদ দিছিল। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভূপেন হাজৰিকাক অসম ৰত্ন সন্মান প্ৰদান কৰিছিল। অনুপ্ৰৱেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে যি মন্তব্য আগবঢ়াইছে সেয়া হাস্যকৰ বুলি উল্লেখ কৰি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে ২০১৪ চনৰ ১৬ মে’ত বাংলাদেশীয়ে অসমৰ পৰা টালি-টোপোলা বান্ধিব লাগিব বুলি মোদীয়ে ঘোষণা কৰিছিল। কেন্দ্ৰত ১১ বছৰ শাসনত থকাৰ পিছত অনুপ্ৰৱেশ বন্ধ কৰিব নোৱৰাতো তেওঁলোকৰ বিফলতা বুলি উল্লেখ কৰি শইকীয়াই কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত কোনো নীতি গ্ৰহণ কৰা নাই। বৰঞ্চ বিদেশীক আনিবৰ বাবে কা-আইন প্ৰণয়ন কৰি ২০২৪ৰ ডিচেম্বৰলৈকে বিদেশীক বৈধতা দিব বিচাৰিছে। বিজেপি চৰকাৰৰ দিনতকৈ কংগ্ৰেছ চৰকাৰৰ দিনত সংখ্যা হিচাপত বেছি বিদেশী বহিষ্কাৰ কৰা হৈছিল বুলি শইকীয়াই কয়। ৬ জনজাতিক বিজেপি চৰকাৰে প্ৰৱঞ্চনা কৰা বুলি উল্লেখ কৰি শইকীয়াই কয় যে ২০১৮ চনৰ পৰা জনজাতিকৰণৰ বিষয়টো তেওঁলোকে আলোচনাই কৰি থাকিলে, কিন্তু কাৰ্যতঃ একো নকৰিলে। ২০১৬ চনৰ ভিজন ডকুমেণ্টত থকাৰ পিছতো তেওঁলোকে ইচ্ছাকৃতভাৱে ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে। ২০১৯ চনত ৰাজ্যসভাত বিধেয়ক উত্থাপন কৰাৰ পিছত ২০২০ চনত হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও এইবোৰক ফুটুকাৰ ফেনত পৰিণত কৰি জনজাতিকৰণ নকৰিলে। ২০২১ চনৰ ভিজন ডকুমেণ্টত যি ১০টা প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণত ডাবোল ইঞ্জিনৰ চৰকাৰ ব্যৰ্থ হোৱা বুলি শইকীয়াই উল্লেখ কৰে। তেওঁ অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলক মজুৰিৰ ক্ষেত্ৰত প্ৰতাৰণা কৰা বুলি উল্লেখ কৰি কয় যে কোম্পানীৰ স্বীকৃতি প্ৰাপ্ত চাহ শ্ৰমিকসকলৰ একাউণ্টত ৫০০০ টকাকৈ ভৰাই দি অসমৰ থলুৱা আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ শ্ৰমিকসকলক এই আঁচনিৰ পৰা বঞ্চিত কৰিছে। সংবাদমেলত মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসো উপস্থিত থাকে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,957FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
few clouds
24.2 ° C
24.2 °
24.2 °
68 %
1kmh
13 %
Thu
24 °
Fri
32 °
Sat
34 °
Sun
35 °
Mon
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15
Video thumbnail
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি | Successful NASA's Artemis-2 Mission | #notun_somoy
03:15
Video thumbnail
আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি || #notun_somoy
03:37
Video thumbnail
ঘোষিত হ’ল ২০২৬ বৰ্ষৰ মেট্ৰিকৰ ফলাফল | উত্তীৰ্ণৰ হাৰ ৬৫.৬২% | SEBA 10th Result 2026 | #notun_somoy
03:12
Video thumbnail
বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব || #notun_somoy
03:30
Video thumbnail
আমেৰিকা-ইৰাণৰ মাজত আকস্মিক যুদ্ধবিৰতি | Ceasefire between America and Iran | #notun_somoy
02:50
Video thumbnail
কম বয়সতে কৰ্কট ৰোগৰ বলি হৈছে নগৰীয়া মহিলা || #notun_somoy
03:56
Video thumbnail
শিৱসাগৰত ৰাইজৰ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ || #notun_somoy
04:20
Video thumbnail
৯ এপ্ৰিলত ভাগ্য নিৰ্ণয় হ'ব ৭২২ গৰাকী প্ৰাৰ্থীৰ | Assam Election 2026 | #notun_somoy
04:54
Video thumbnail
CBSE-ৰ নতুন ত্ৰি-ভাষিক নীতি || #notun_somoy
03:37

শেহতীয়া আপডেটঃ