পদ্মাৱতী দেৱী ফুকননী ছাত্ৰী নিৱাসৰ সতীৰ্থ সন্মিলন সম্পন্ন

- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদ্মাৱতী দেৱী ফুকননী ৪নং দুমহলীয়া ছাত্ৰী নিবাসৰ আবাসী সতীৰ্থ সন্মিলনখনি গুৱাহাটীৰ খানাপাৰাত অৱস্থিত Green Wood resort ৰ ‘কামৰূপা’ প্ৰেক্ষাগৃহত অতি আনন্দ উল্লাসেৰে দেওবাৰে অনুষ্ঠিত হৈ যায়। সন্মিলনখনিত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত বাস কৰি থকা আবাসী সকল আহি উপস্থিত থাকে। উল্লেখযোগ্য যে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সন্মিলত প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন ৰূপায়ণ কৰে আবাসৰ জেষ্ঠ আবাসী ১৯৮৯ চনৰ নিৰলা ৰাজবংশীয়ে। অনুষ্ঠানত প্ৰয়াত আবাসী সকলৰ সমূহীয়া স্মৃতি তৰ্পণ অনুষ্ঠানত জেষ্ঠ আবাসী জ্যোতিৰেখা বেগম, সংযোজিকা ৰুমী ভূঞা, মৃদুলা ভেকাই প্ৰথমে স্মৃতি তৰ্পণ কৰে। ক্ৰমান্বয়ে প্ৰতিবছৰৰ আবাসীয়ে স্মৃতি তৰ্পণ কৰে।

আবাসৰ আবাসী গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা ৰুমী ভূঞাই আঁতধৰা স্মৃতি মধুৰ অনুষ্ঠানটিত ডেৰশৰো অধিক আবাসী একত্ৰিত হৈ গীত, মাত, কথা কবিতাৰে Green Wood Resort খনি জিপাল কৰি তোলে। জালুকবাৰীৰ স্মৃতি ৰোমন্থনৰ লগতে খেলা-ধূলাৰে অতি আনন্দমুখৰ এক পৰিবেশ গঢ়ি তুলিলে। আবাসী সকলে য’ত বিছাৰি পাইছে জালুকবাৰীৰ সচাঁ সেই অনুভৱবোৰ। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছতেই দিনৰ দুই বজাৰ পৰা ‘আহাৰৰ আবেলি কৃষ্ণচূড়াৰ নবীন প্ৰবীণ গাভৰুহঁতৰ সাংস্কৃতিক অনুষ্ঠান’ আৰাম্ভ হয়। প্ৰতিটো বছৰৰ আবাসীয়ে সমবেত সংগীত, গীতে, মাত, নৃত্য কথা কবিতা পৰিবেশন কৰি Green Wood Resort খন এদিনৰ কাৰণে জালুকবাৰী সদৃশ কৰি তুলিলে৷ ‘বতাহে যেতিয়া উন্মাদ কৰি তুলিছিল কৃষ্ণচূড়াৰ ডাল, আমি আবাসী সকল তেতিয়া হৈ পৰিছিলোঁ ভোকাতুৰ। বিশ্ববিদ্যালয় মানে যেন অন্তহীন বসন্ত। প্ৰাক্তন আৱাসী ৰুমী ভূঞাই নেতৃত্ব বহন কৰা এই অনুষ্ঠানত বিশেষভাৱে সহযোগিতা আগবঢ়াই আবাসৰ আবাসী মৃদুলা ডেকা, লিপিকা দাস, মনালিছা শৰ্মা চলিহা, কাকলী উজীৰ,বন্দনা বৰঠাকুৰ, ড০ পাপৰী ৰাণী বৰুৱাই। আবাসৰ সকলোৰে সহায় সহযোগিতাত সন্মিলনখনি গীতে মাতে অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়। কাকলী উজীৰে সকলোকে সলাগৰ শৰাই আগবঢ়ায়। সদৌ শেষত ৰুমী ভূঞাই অসমৰ জাতীয় সংগীতে সভাখন সমাপ্ত কৰে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,923FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
26.9 ° C
26.9 °
26.9 °
63 %
3.9kmh
100 %
Thu
25 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ