কম্পিউটাৰ প্ৰতিষ্ঠানৰ গৰাকী অমল এতিয়া গোলাঘাটত সুপৰিচিত

- Advertisement -
- Advertisement -
- Advertisement -

কম্পিউটাৰ শিক্ষাৰ সমানে ব্ৰতী সামাজিক কৰ্মতো
– অমৃত বল্লভ গোস্বামী

ৰ্তমান সমাজ ব্যৱস্থাত যুৱক-যুৱতীসকল চাকৰিমুখী হোৱাত ব্যৱসায়ৰ প্ৰতি অমনোযোগিতা হোৱা তথা বহু যুৱক-যুৱতীয়ে আনুষ্ঠানিক শিক্ষা শেষ কৰাৰ পাচত চাকৰি বিচাৰি হাবাথুৰি খাই থকাৰ বিপৰীতে আন একাংশ শিক্ষিত যুৱকে বহিঃৰাজ্যত কোম্পানীৰ চাকৰি বিচাৰি অতি কম বেতনত অধিক সময় কাম কৰিবলগা অৱস্থা হোৱাৰ সময়তে গোলাঘাট জিলাৰ হাবিছোৱা বৰপথাৰ গাঁৱৰ প্ৰয়াত গুণীন কোঁৱৰ আৰু প্ৰয়াত ফুলেশ্বৰী কোঁৱৰৰ সন্তান অমল চন্দ্ৰ কোঁৱৰে নিজে এটি কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান খুলি নিজৰ লগতে গোলাঘাট জিলাৰ কুৰিৰো অধিক যুৱক-যুৱতীক সংস্থাপিত কৰি এক বিৰল দৃষ্টান্ত দাঙি ধৰিছে৷ প্ৰথমে এটা কম্পিউটাৰেৰে ২০০২ চনত গোলাঘাট চহৰৰ ছুপাৰ মাৰ্কেটত ‘কম্পিউটাৰ গ্ৰাফিক্‌ছ’ নামৰ এটি কম্পিউটাৰ প্ৰতিষ্ঠান আৰম্ভ কৰি ২০০৬ চনত এন চি এইছ [নিউ কম্পিউটাৰ কমিউনিকেচন হাউছ] নামেৰে এটি কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান আৰম্ভ কৰে৷ এই প্ৰতিষ্ঠানটি চৰকাৰী পঞ্জীয়ন কৰাৰ উপৰি আই এছ অ’ ৯০০১:২০০৮ চাৰ্টিফাইড কৰি বৰ্তমান কম্পিউটাৰ, মোবাইল ৰিপিয়েৰিং, ইলেক্ট্ৰিচিয়ান, মটৰ ড্ৰাইভিং, চিলাই, কাটিং আদিৰ প্ৰশিক্ষণ কেন্দ্ৰ কৰি গোলাঘাটৰ লগতে জিলাখনৰ টেকীয়াল, কাকডোঙা, দৈগ্ৰোং, বকিয়াল, মূৰফুলনী, খুমটাই, জামুগুৰি, দেৰগাঁও আদি কেইবাঠাইটো ইয়াৰ শাখা খুলি কুৰিজনতকৈও অধিক শিক্ষিত নিবনুৱাক সংস্থাপিত কৰিছে৷ এই আটাইকেইটা শখাত বৰ্তমান কেইবা শতাধিক প্ৰশিক্ষাৰ্থীয়ে বিভিন্ন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ বিপৰীতে বৰ্তমানলৈকে কেইবা শতাধিকে ইতিমধ্যে প্ৰশিক্ষণ গ্ৰহণ কৰি নিজে স্বাৱলম্বী হৈছে৷ এইখিনিতে উল্লেখ কৰা ভাল যে এন চি এইছ এটা গোলাঘাটৰ প্ৰতিষ্ঠিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান৷ এই প্ৰতিষ্ঠানটিয়ে কেৱল মাত্ৰ কম্পিউটাৰ, ড্ৰাইভিং বা মোবাইল ৰিপিয়েৰিঙৰ কামতে ব্যস্ত নাথাকে৷ এই প্ৰতিষ্ঠানে কেইবাবছৰো প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অবিভক্ত যোৰহাট জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশত সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰতিভা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কৃত কৰি আহিছে৷ ইয়াৰ উপৰি এন চি এইছে কেইবাবছৰো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানৰ প্ৰতিভা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কৃত কৰি জিলাখনৰ এটি জনপ্ৰিয় অনুষ্টানলৈ পৰ্যবসিত হৈছে৷ প্ৰথমাৱস্থাত মাত্ৰ এটি কম্পিউটাৰেৰে কম্পিউটাৰ শিক্ষা আৰম্ভ কৰি বৰ্তমান গোলাঘাট শাখাতে বাৰটা কম্পিউটাৰেৰে কম্পিউটাৰ শিক্ষা প্ৰদান কৰাৰ লগতে মটৰ ড্ৰাইভিঙৰ বাবে এখন মাৰুতি কাৰ, চিলাই প্ৰশিক্ষণৰ বাবে কেইবাটাও চিলাই মেচিন, ইলেক্ট্ৰিচিয়ানৰ বাবে বিভিন্ন সা-সৰঞ্জাম, মোবাইল ৰিপিয়েৰিঙৰ বাবে বিভিন্ন সা-সৰঞ্জাম আছে৷ আনহাতে, ইয়াৰ অন্তৰ্গত অন্যান্য ঠাইত থকা শাখাবিলাক শিক্ষিত নিবনুৱাক গোলাঘাটৰ মুখ্য কাৰ্যালয়তে প্ৰশিক্ষণ দি সুখ্যাতিৰে প্ৰশিক্ষণ সমাপ্ত কৰাৰ পাচত বিভিন্ন ঠাইত কম্পিউটাৰৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি দি প্ৰতিটো প্ৰতিষ্ঠানতে দুইৰ পৰা তিনিজন শিক্ষিত কাৰিকৰী নিবনুৱাক সংস্থাপন দিয়াৰ লগতে প্ৰতিটো শাখা প্ৰতিষ্ঠানতে আঠ-দহটাকৈ কম্পিউটাৰেৰে একো একোটা এন চি এইছৰ শাখা পৰিচালনা কৰি আছে৷ আনহাতে, গোলাঘাটৰ মুখ্য শাখাটোত নিজৰ লগতে ছয়জন শিক্ষিত নিবনুৱাক সংস্থাপিত কৰি ৰাখিছে৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,132FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
28 ° C
28 °
28 °
61 %
4.2kmh
91 %
Thu
27 °
Fri
24 °
Sat
28 °
Sun
27 °
Mon
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15
Video thumbnail
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি | Successful NASA's Artemis-2 Mission | #notun_somoy
03:15
Video thumbnail
আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি || #notun_somoy
03:37
Video thumbnail
ঘোষিত হ’ল ২০২৬ বৰ্ষৰ মেট্ৰিকৰ ফলাফল | উত্তীৰ্ণৰ হাৰ ৬৫.৬২% | SEBA 10th Result 2026 | #notun_somoy
03:12

শেহতীয়া আপডেটঃ