ভাৰতক পৰাস্ত কৰিবলৈ প্ৰতিপক্ষক লাগিব ভাগ্য

- Advertisement -
- Advertisement -
- Advertisement -

● ভাৰতক পৰাস্ত কৰিবলৈ প্ৰতিপক্ষক লাগিব ভাগ্য
● ঘৰুৱা মাটিত ভাৰতক প্ৰতিৰোধ কৰাটো হ’ব এক উত্তেজনাপূৰ্ণ প্ৰত্যাহ্বান
● টি-২০ বিশ্বকাপৰ পূৰ্বে ইংলিছ ক্ৰিকেটাৰৰ ফিল ছাল্টৰ মন্তব্য
নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়ঃ ২০২৬ চনৰ টি-20 বিশ্বকাপ সমাগত আৰু ক্ৰীড়ামহলত ইতিমধ্যে এই লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে। এনে পৰিবেশৰ মাজতে ইংলেণ্ডৰ উইকেটৰক্ষক তথা বিস্ফোৰক বেটাৰ ফিল ছাল্টে ভাৰতীয় ক্ৰিকেট দলক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। ছাল্টৰ মতে, আগন্তুক টি-20 বিশ্বকাপৰ খিতাপ জয়ৰ বাবে ভাৰতীয় দলটোৱেই হৈছে সৰ্বশ্ৰেষ্ঠ আৰু প্ৰবল দাবীদাৰ। তেওঁ অকপটভাৱে স্বীকাৰ কৰিছে যে বৰ্তমানৰ ভাৰতীয় দলটো প্ৰতিযোগিতাখনৰ আটাইতকৈ শক্তিশালী দল আৰু তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিয়াটো যিকোনো দলৰ বাবে এক কঠিন প্ৰত্যাহ্বান হ’ব।

সংবাদ মাধ্যমৰ আগত ইংলিছ ক্ৰিকেট তাৰকাগৰাকীয়ে কয় যে ভাৰতীয় দলক পৰাস্ত কৰিবলৈ প্ৰতিপক্ষক কেৱল দক্ষতাই নহয়, ভাগ্যৰো প্ৰয়োজন হ’ব। তেওঁৰ ভাষ্য অনুসৰি, “তেওঁলোকক হৰুৱাবলৈ সকলোকে কিছু ভাগ্যৰ প্ৰয়োজন হ’ব… তেওঁলোক এই প্ৰতিযোগিতাৰ আন দলবোৰতকৈ বহু যোজন আগবাঢ়ি আছে (by far and away the strongest)”। ছাল্টৰ এই মন্তব্যই স্পষ্ট কৰি দিয়ে যে আন্তৰ্জাতিক ক্ৰিকেটত ভাৰতৰ বৰ্তমানৰ আধিপত্য আৰু দলীয় শক্তিক লৈ বিপক্ষ দলসমূহ কিমান সতৰ্ক আৰু চিন্তিত।

লক্ষণীয়ভাৱে, ২০২৬ চনৰ টি-20 বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰিব, যাৰ বাবে ভাৰতে ঘৰুৱা পৰিবেশৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। ফিল ছাল্টেও এই কথা উল্লেখ কৰি কয় যে বিশ্বকাপৰ দৰে বিশ্বজোৰা মঞ্চত ভাৰতক তেওঁলোকৰ নিজৰ মাটিত মুখামুখি হবলৈ পোৱাটো তেওঁৰ বাবে এক উত্তেজনাপূৰ্ণ অভিজ্ঞতা হ’ব। ঘৰুৱা দৰ্শকৰ সমৰ্থন আৰু চিনাকি পিট্ছৰ পৰিবেশে যে ভাৰতীয় দলক প্ৰতিপক্ষতকৈ মানসিকভাৱে আগুৱাই ৰাখিব, সেয়া ক্ৰিকেট বিশ্লেষকসকলেও ইতিমধ্যে উল্লেখ কৰিছে।

ছাল্টৰ দৰে এজন আগশাৰীৰ বিদেশী ক্ৰিকেটাৰে ভাৰতক প্ৰতিযোগিতাৰ ‘আটাইতকৈ শক্তিশালী দল’ বুলি দিয়া স্বীকৃতিয়ে স্বাভাৱিকতে ভাৰতীয় শিবিৰৰ মনোবল বৃদ্ধি কৰিব। এতিয়া সমগ্ৰ ক্ৰিকেটপ্ৰেমীৰ চকু থাকিব আগন্তুক প্ৰতিযোগিতাখনত মেন ইন ব্লু’ৱে ঘৰুৱা মাটিত কেনে প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়, তাৰ ওপৰত।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,631FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
light rain
25.6 ° C
25.6 °
25.6 °
94%
1.8m/s
100%
Sun
26 °
Mon
32 °
Tue
31 °
Wed
32 °
Thu
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ