আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি

- Advertisement -
- Advertisement -
- Advertisement -

● আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি
● ভাৰতৰ ৭০-৯০ শতাংশ লোক ভুগিছে ভিটামিন-ডিৰ অভাৱত
● ভিটামিন-ডিৰ অভাৱে লৈছে নীৰৱ মহামাৰীৰ ৰূপ

প্ৰচুৰ সূৰ্যৰ পোহৰ থকাৰ পিছতো ভাৰতত ভিটামিন-ডিৰ অভাৱ এক নীৰৱ মহামাৰীৰ দৰে বিয়পি পৰিছে, যাক চিকিৎসা বিজ্ঞানত ‘ভিটামিন-ডি পেৰাডক্স’ বুলি আখ্যা দিয়া হৈছে। শেহতীয়া বিভিন্ন গৱেষণা আৰু আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ তথ্য অনুসৰি, সূৰ্যৰ ৰশ্মিৰ প্ৰাচুৰ্য থকাৰ পিছতো ভাৰতৰ প্ৰায় ৭০ ৰ পৰা ৯০ শতাংশ লোক এই গুৰুতৰ পুষ্টিহীনতাত ভুগিছে। এই সন্দৰ্ভত হায়দৰাবাদৰ যশোদা হাস্পতালৰ জ্যেষ্ঠ এণ্ডক্ৰিন’লজিষ্ট ডা০ ৰমন বড্ডুলাই স্পষ্ট কৰি দিয়ে যে এই পৰিস্থিতি কেৱল প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল নহয়, বৰঞ্চ ই আমাৰ আধুনিক জীৱনশৈলীৰ এক প্ৰত্যক্ষ ফলশ্ৰুতি। সু-উচ্চ অট্টালিকা, যান-বাহনৰ ধোঁৱা আৰু নগৰীয়া প্ৰদূষণে সূৰ্যৰ ৰশ্মিক ছাললৈ অহাত বাধা দিয়ে, আৰু ইয়াৰ লগতে আমাৰ খাদ্যত ভিটামিন-ডি সমৃদ্ধ মাছ বা পৰিপূৰক খাদ্যৰ অভাৱে এই সংকটক অধিক ঘনীভূত কৰি তুলিছে।

আমাৰ দৈনন্দিন ঘৰুৱা আৰু কৰ্মজীৱনৰ অভ্যাসে এই সমস্যাক এক ভয়ংকৰ ৰূপ দিছে। এপ’ল’ হাস্পতালৰ ইণ্টাৰ্নেল মেডিচিনৰ পৰামৰ্শদাতা ডা০ কৃপন কুমাৰে উল্লেখ কৰে যে দীৰ্ঘসময় ধৰি শীত-তাপ নিয়ন্ত্ৰিত কোঠাত কাম কৰা, অত্যধিক স্ক্ৰীণ টাইম, ছানস্ক্ৰীণৰ অত্যাধিক ব্যৱহাৰ আৰু মুকলি আকাশৰ তলত শাৰীৰিক ব্যায়ামৰ অভাৱে মানুহক সূৰ্যৰ পোহৰৰ পৰা আঁতৰাই নিছে। ইয়াৰ উপৰিও এই সমস্যাৰ এক গভীৰ জৈৱিক কাৰণো আছে। ডা০ বড্ডুলাৰ মতে, ভিটামিন-ডি যিহেতু চৰ্বিত দ্ৰৱণীয়, সেয়েহে আই বি এছ, চেলিয়াক ডিজিজৰ দৰে পেটৰ সমস্যা বা থাইৰয়ড আৰু পি চি অ’ এছ আদি হৰম’নৰ ভাৰসাম্যহীনতাই ইয়াৰ শোষণত বাধাৰ সৃষ্টি কৰে। ভাৰতীয় লোকৰ ছালত থকা অধিক মেলানিনে অতিবেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰা বাবে সমপৰিমাণৰ ভিটামিন উৎপন্ন কৰিবলৈ তেওঁলোকক আনৰ তুলনাত তিনিৰ পৰা পাঁচগুণ অধিক সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়।

এই পৰিসংখ্যাৰ মাজতো বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে যে জীৱনধাৰণৰ সামান্য পৰিৱৰ্তন আৰু সঠিক চিকিৎসাৰ জৰিয়তে এই সমস্যা অনায়াসে দূৰ কৰিব পাৰি। প্ৰতিৰোধৰ উপায় সন্দৰ্ভত মন্তব্য কৰি ডা০ কৃপনে কয় যে পৰ্যাপ্ত সূৰ্যৰ পোহৰ আৰু উপযুক্ত চাপলিমেণ্ট গ্ৰহণৰ জৰিয়তে সাধাৰণতে ৮ ৰ পৰা ১২ সপ্তাহৰ ভিতৰত ভিটামিন-ডিৰ স্তৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে, অৱশ্যে গুৰুতৰ অভাৱৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী নিৰীক্ষণৰ প্ৰয়োজন হ’ব পাৰে। তেওঁ লগতে সকীয়াই দিয়ে যে চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজৰ ইচ্ছা অনুসৰি ভিটামিন-ডি দৰৱ সেৱন কৰাটো অতিশয় বিপজ্জনক হ’ব পাৰে; কাৰণ অত্যাধিক মাত্ৰাই শৰীৰত বিষক্ৰিয়া, বৃক্কৰ সমস্যা আৰু কেলচিয়ামৰ ভাৰসাম্যহীনতাৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে। সেয়েহে, সূৰ্যৰ পোহৰৰ দেশত সূৰ্যৰ পৰা আঁতৰি থকাৰ এই অভ্যাস আঁতৰাবলৈ দৈনন্দিন ৰুটিনত পৰ্যাপ্ত মুকলি পৰিৱেশৰ আৱশ্যক, সুষম খাদ্যাভ্যাস গঢ়ি তোলা আৰু লক্ষণ দেখাৰ লগে লগে বিশেষজ্ঞৰ কাষ চপাতো বৰ্তমান সময়ৰ এক জৰুৰী প্ৰয়োজন হৈ পৰিছে।

নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,290FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
24.4 ° C
24.4 °
24.4 °
90%
1.5m/s
38%
Sat
24 °
Sun
35 °
Mon
35 °
Tue
36 °
Wed
35 °

শেহতীয়া আপডেটঃ