মহানগৰৰ কাষতে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য

- Advertisement -
- Advertisement -
- Advertisement -

পবিতৰা অভয়াৰণ্য প্ৰকৃতিৰ এক অনন্য সৃষ্টি৷ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অনুপম৷ অসমৰ মৰিগাঁও জিলাত অৱস্থিত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য এখন প্ৰাকৃতিক সম্পদৰে সমৃদ্ধিশালী বনাঞ্চল৷ বিশ্বমানৰ বহুতো গুৰুত্বপূৰ্ণ জৈৱ বৈশিষ্টৰ আকৰ্ষণীয় ঐশ্বৰ্য সম্ভাৰেৰে পৰিপূৰ্ণ এই অভয়াৰণ্যৰ উন্নত মানবিশিষ্ট আবাসভূমিৰ বাবে ইয়াত বিশ্বৰ ভিতৰতে এশিঙীয়া গঁড়ৰ ঘনত্ব সৰ্বাধিক৷ পবিতৰা নামটো কেনেকৈ হ’ল সেই বিষয়ে এটা লোক কথা আছে৷ মায়ং ৰজাৰ এজনী অতি মৰমৰ সুন্দৰী জীয়াৰীৰ নাম আছিল পবিতৰা৷ পবিতৰাৰ অকালতে মৃত্যু হোৱাত ঠাইখনৰ নাম পবিতৰা ৰখা হয়৷

Asia Album: India's Pobitora Wildlife Sanctuary - Haven for wildlife  enthusiasts-Xinhua
পবিতৰা অভয়াৰণ্যৰ ভূমিভাগ সমতল আৰু লগত জলাশয় আছে৷ পলসুৱা মাটিৰ ঘাঁহনি আৰু চাপৰ বনাঞ্চলৰ সেৰেঙা কাঠনিৰে এই অভয়াৰণ্যখন গঠিত৷ সেউজীয়া ঘাঁহনি প্ৰায় ৬৫ শতাংশ, কাঠনি প্ৰায় ২০ শতাংশ আৰু আদ্ৰৰ্ভূমি প্ৰায় ১৫ শতাংশ৷ অৰণ্যখনত বাৰ্ষিক সৰ্বোচ্চ তাপমাত্ৰ ৩৮০ চেলচিয়াছ আৰু সৰ্বনিম্ন ৯০ চেলচিয়াছ৷ বাৰ্ষিক বৰষুণৰ পৰিমাণ গড়ে ৩,০০০ মিঃ মিঃ৷

Pobitora Wildlife Sanctuary, Guwahati - History, Timings, Entry Fee,  Location - YoMetroশতাধিক গঁড়ৰ বাসভূমি পবিতৰা৷ গঁড়ৰ বাহিৰেও বিভিন্ন জলজ প্ৰাণী, দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি এই অভয়াৰণ্যত বহু বিধ প্ৰজাতিৰ পক্ষী প্ৰত্যক্ষ কৰা হয়৷ ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ পখিলা, প্ৰজাতিৰ জলজ উদ্ভিদ, বহু বিধ প্ৰজাতিৰ মাছ আৰু ভেকুলীৰে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য সমৃদ্ধ৷ গঁড়ৰ বাহিৰেও পবিতৰাত বনৰীয়া ম’হ জাকে জাকে দেখা যায়৷ পবিতৰাত জলচৰ চৰাই– ভেলা, উলুমৰা, পানীডুবি, দৈকলা, কৈলাঙি, মণিয়ৰি, বৰবগ, তেতেৰী বগ, গো বগ, কণামুচৰি, হালখেদা, আজান, তেলীয়া সাৰেং, শামুক ভঙা, হাড়গিলা, দেও ৰাজহাঁহ, শৰালি হাঁহ, ফুটুকী হাঁহ, নলঢেকৰ, ঢেকৰ, কাম চৰাই, কালি ঘোঁৰা আদি আছে৷ গুই, ফেঁটীসাপ, অজগৰ, কাছ আদি বিভিন্ন প্ৰজাতিৰ সৰীসৃপো পৰিতৰাত দেখা যায়৷ পবিতৰা অভয়াৰণ্যৰ মাজত হাদুক বিল, পৰগো বিল, পগলা ভুৰা, তামুলী ডুবা, চিতলমাৰী বিল, ধালি বিল আদি জলাশয়ৰ কাষে কাষে ম’হৰ জাক আৰু গঁড় অতি সহজতে দেখা যায়৷

Assam's Pobitora Wildlife Sanctuary: Essential Travel Guide

কেনেকৈ যাব পাৰিঃ গুৱাহাটীৰ পৰা উজনিমুৱা বাছ বা উজনিৰ পৰা অহা নামনিমুৱা বাছেৰে আহি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চামতা তিনিআলিত নামিব লাগিব৷ তাৰ পৰা বাছ, অটো আদিৰে কলংপাৰলৈ যাব পৰা যায়৷ গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ হৈ বা জাগীৰোড আৰু মৰিগাঁৱৰ পৰাও পবিতৰালৈ যাব পাৰি৷

দূৰত্বঃ গুৱাহাটী ৰে’ল ষ্টেচন-চামতা ৩৫ কিঃ মিঃৰ৷ চামতা-কলংপাৰ ১৫ কিঃ মিঃ৷ কলংপাৰ-বন বিষয়া কাৰ্যালয় ৩ কিঃ মিঃ৷ গুৱাহাটী-নাৰেংগী চন্দ্ৰপুৰ-পবিতৰা ৪৫ কিঃ মিঃ৷

কেনেকৈ পৰিদৰ্শন কৰিব পাৰিঃ নিৰ্ধাৰিত মাচুল পৰিশোধ কৰি হাতীত উঠি আৰু জীপ গাড়ীত উঠি৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,269FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
28.4 ° C
28.4 °
28.4 °
75%
0.4m/s
29%
Thu
28 °
Fri
35 °
Sat
34 °
Sun
28 °
Mon
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08

শেহতীয়া আপডেটঃ