ঘৰে ঘৰে কণী ✒️অদীপ কুমাৰ ফুকন

- Advertisement -
- Advertisement -
- Advertisement -

ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা পৰিষদৰ ২০১৯১ তথ্য মতে কণীৰ জনমুৰি প্ৰয়োজন প্ৰতি বছৰে ১৮২টা৷ ভাৰতত ৬৯টাকৈ জনমুৰি কণীৰ ব্যৱহাৰ হৈ আছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা পৰিষদৰ নিধাৰিত পৰিমাণতকৈ ভাৰতৰ লগতে অসমৰত যথেষ্ট কম সংখ্যক কণীৰ ব্যৱহাৰ হয়৷

Bengal farmers bear brunt of Assam poultry ban২০১৯ত অসমৰ জনসংখ্যা ৩,৫৪,৯৮,৭১৷ জনমুৰি ৬৯টাকৈ কণীৰ ব্যৱহাৰ হয় বুলি ধৰিলে অসমত বছৰি কণীৰ প্ৰয়োজন ২৪৪.৯৪ কোটি৷ দৈনিক প্ৰয়োজন হয় ৬৭,১০,৭১৫টা৷ ৰাজ্য চৰকাৰৰ ২০১৬-১৭১ তথ্য মতে অসমে ২৭ লাখ কণী উৎপাদন কৰাৰ বিপৰীতে ৩২ লাখ কণী দৈনিক আমদানি কৰিব লগা হয়৷ কণী বজাৰৰ বেচৰকাৰী তথ্য মতে ৫২ লাখ কণী আমি অসমতে উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰি ল’ব লাগিব৷ ইয়াৰ ফলত অসমৰ ৫টা দিশত লাভ হ’ব৷ প্ৰথমটো হ’ল কমেও ৩ লাখ লোকৰ সংস্থাপনৰ পথ মুকলি হ’ব৷

Patterns and dynamics of the egg industry in India

দ্বিতীয়তে দৈনিক ২.৬০ কোটি আৰু প্ৰতি বছৰে প্ৰায় ৯৫০ কোটি টকা অসমৰ পৰা বাহিৰলৈ উলাই যোৱাৰ পথ বন্ধ হ’ব৷ তৃতীয়তে কণীৰ বাবে হাঁহ-কুকুৰাৰ এক বৃহৎ ব্যৱসায় আৰম্ভ হ’ব৷ চতুৰ্থতে হাঁহ-কুকুৰাৰ খাদ্য আৰু ঔষধৰ বাবে শিল্পায়ন গঢ়ি উঠিব৷ পঞ্চমতে প্ৰয়োজনীয় খাদ্য প্ৰস্তুত কৰাৰ বাবে কৃষি ক্ষেত্ৰৰ বিকাশ হ’ব৷
উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখ্যা ২০১৯ বৰ্ষত ৫.০৯ কোটি প্ৰায় ৫,৫৯,৮২,৮০৩ জন৷ অসমকে লৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে দৈনিক ১.০৬ কোটি কণীৰ প্ৰয়োজন৷ এই বৃহৎ বজাৰখনো অসমে দখল কৰা লক্ষ্য স্থিৰ কৰি ল’ব পাৰে৷ বছৰে প্ৰায় ২ হাজাৰ কোটি টকাৰ বজাৰ৷ ৰাজ্যৰ বাবে প্ৰয়োজনীয় কণী উৎপাদন কৰাৰ লগতে ৰপ্তানিৰ বজাৰখনৰ প্ৰতিও আমি লক্ষ্য স্থিৰ কৰি ল’ব লাগিব৷

Supply-demand Gap Pushes Up Price Of Eggs In Festive Season | Guwahati News  - Times of Indiaঅসমত ইতিমধ্যে উৎপাদন হৈ থকা কণীৰ বাহিৰেও আমি দৈনিক ৫২ লাখ কণীৰ বাহিৰেও আমি দৈনিক ৫২ লাখ কণী উৎপাদনৰ বাবে কৰ্মসূচী গ্ৰহণ কৰিব পাৰোঁ৷
ঘৰে ঘৰে কণীঃ ৫ হাজাৰ গাঁৱক জড়িত কৰি ৪০ লাখ কণী উৎপাদনৰ আঁচনি হ’ল ঘৰে ঘৰে কণী৷ আমাৰ প্ৰস্তাৱ হ’ল– কণী উৎপাদন কৰিব লাগিব, সংস্থাপনৰ পথম মুকলি হ’ব লাগিব, পুঁজিৰ বহিঃগমন বন্ধ হ’ব লাগিব, আৰু গ্ৰাম্য-অৰ্থনীতিৰ ভেটি শক্তিশালী হ’ব লাগিব৷ আমাৰ প্ৰস্তাৱ হ’ল ৰাজ্যৰ ২০০০ খন গাঁৱৰ ১০টাকৈ পৰিয়ালক দৈনিক ১০০ টাকৈ কণী উৎপাদনৰ ব্যৱস্থা কৰি দিয়া হওক৷ ২০০০ খন গাঁৱৰ প্ৰতিখনৰ পৰা ১০০০ কৈ কমী উৎপাদন হ’লে দৈনিক ২০ লাখ কণী উৎপাদন কৰিব পৰা যাব৷
ঘৰে ঘৰে কণী কাৰ্যসূচীৰ দ্বিতীয়টো পৰ্ব হ’ল ৰাজ্যৰ ২০০০ খন গাঁৱত দৈনিক ৫০০ কণী উৎপাদন হ’ব পৰাকৈ এখনকৈ পাম স্থাপন কৰা হওক৷ একেদৰে ৰাজ্যৰ ১০০০খন গাঁৱত ১০০০ কৈ দৈনিক কণী উৎপাদন কৰাৰ বাবে এখনকৈ পাম স্থাপন কৰা হওক৷ ৩০০০ খন গাঁৱৰ পৰা দৈনিক ২০ লাখ কণী উৎপাদন কৰিব পৰা যাব৷

Top Poultry Farms in Nashik - पोल्ट्री फार्म्स, नाशिक - Best Chicken Farms  - Justdialকণী উৎপাদনৰ তৃতীয়টো প্ৰস্তাৱ হ’ল ৰাজ্যৰ প্ৰতিখন জিলাত ১০ হাজাৰ কণী দৈনিক উৎপাদন কৰিব পৰাকৈ চাৰিখন বৃহৎ পাম আৰম্ভ কৰিব লাগে৷ ১২০ খন এনে স্তৰৰ পামৰ দ্বাৰা আমি ১২ লাখ কণী দৈনিক উৎপাদন কৰিবলৈ সক্ষম হ’ম৷ উল্লেখ্য যে, এনে স্তৰৰ কেইবাখনো বৃহৎ কণী উৎপাদনৰ পাম ইতিমধ্যেই অসমত গঢ়ি উঠিছে৷ বঙাইগাঁৱত অতুল ঘোষৰ নেতৃত্বত দৈনিক ৪০ হাজাৰ কণী উৎপাদন কৰি আছে৷ যোৰহাটত দুজন ডেকা অসমীয়াই দৈনিক ১১ হাজাৰ কণী উৎপাদন কৰাৰ বাবে বাহুবলী নামেৰে বৃহৎ পাম কৰিছে৷ আকাশজ্যোতি গগৈ আৰু অংকুৰ ডেকাৰ নেতৃত্বত বাহুবলীয়ে দৈনিক ৬০ হাজাৰ কণী উৎপাদনৰ লক্ষ্যস্থিৰ কৰি লৈছে৷

Fresh Eggs In Silchar, Assam At Best Price | Fresh Eggs Manufacturers,  Suppliers In Silcharঅসমৰ বাবে প্ৰয়োজনীয় প্ৰায় ৬৭ লাখ কণী দৈনিক উৎপাদন কৰাটো কঠিন কাম নহয়৷ তামিলনাডুত দৈনিক কমী উৎপাদন হয় ৫.১ কোটি, অন্ধ্ৰ প্ৰদেশত ৪.৫ কোটি, তেলেংগানাত ৩.৬ কোটি৷ অন্ধ্ৰ প্ৰদেশত ৰাজ্যবাসীৰ বাবে দৈনিক ২.৮ কোটি কণীৰ প্ৰয়োজন হয়৷ বাকী ১.৮ কোটিৰ কণী ৰপ্তানি কৰে৷ অসমলৈও আহে৷
৫২ লাখ কণী দৈনিক উৎপাদনৰ লক্ষ্য পূৰণ কৰাৰ বাবে চৰকাৰে বিশেষ পুঁজিৰ ব্যৱস্থা কৰাৰ লগতে বেংকসমূহৰ জড়িয়তে সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰি দিব লাগিব৷ কণী উৎপাদনৰ ক্ষেত্ৰত বিশ্ববেংক বা অন্যান্য আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰাও সাহাৰ্য তথা অনুদান লাভ কৰিব পৰা যায়৷ কণী উৎপাদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ইতিমদ্যে ঘোষণা কৰা আঁচনিসমূহ প্ৰকৃতভাৱে কাৰ্যকৰী কৰাব লাগে৷
১৯৯৯-২০০০ চনৰ পৰা আৰমভ হোৱা ‘গ্ৰাম্য পিছ চোতালৰ কুকুৰা উন্নয়ন আঁচনি’ (RBPD)-ৰ দ্বাৰা মহিলাসকলে সহায় লাভ কৰিব পাৰে৷ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা মতে ‘শূন্য মূলধন’ উৎপাদন নামেৰে অইত সামান্য খৰচত প্ৰাকৃতিকভাৱে কুকুৰা পুহি কণী উৎপাদনত গুৰুত্ব দিছে৷ কুকুৰা পামক ১০০ শতাংশ সাহাৰ্য দিয়া আঁচনি আছে৷

A Guide to Poultry Farming Business in Indiaকণী উৎপাদনৰ বাবে ব্যক্তিগত খণ্ডত সৰু, মধ্যমীয়া কণী উৎপাদনকাৰী পাম আৰু বৃহৎ আকাৰৰ ফাৰ্ম স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে পৃষ্ঠপোষকতা কৰিব লাগিব৷ চৰকাৰ যদি এইক্ষেত্ৰত দায়বদ্ধ নহয়, গুৰুত্ব নিদিয়ে, তেন্তে অসমীয়া ডেকা শক্তিয়ে নিজাববীয়াকৈ আগবঢাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ স্থায়ী বজাৰ থকা কণী ব্যৱসায়, সংস্থাপনৰ বাবে অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,923FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
clear sky
22.4 ° C
22.4 °
22.4 °
86 %
2.5kmh
0 %
Thu
22 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ