সৰ্বকালৰ অভিলেখ ভংগকৰি পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ’লগৈ ৩৫ লাখ ৭৩ হেজাৰ ৯৯৫ গৰাকী

- Advertisement -
- Advertisement -
- Advertisement -

সৰ্বকালৰ অভিলেখ ভংগকৰি পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ’লগৈ ৩৫ লাখ ৭৩ হেজাৰ ৯৯৫ গৰাকী
অসমৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ছবিখন উদঙালে ৰাজ্যৰ দক্ষতা, নিয়োগ, আৰু উদ্যমিতা বিভাগে
মুঠ ৩২৪,৮৩১ গৰাকী নিবনুৱাৰে পঞ্জীয়নভুক্ত নিবনুৱাৰ শীৰ্ষত আছে গুৱাহাটী

নিউজ ডেস্কঃ

অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। ৰাজ্যৰ দক্ষতা, নিয়োগ, আৰু উদ্যমিতা বিভাগে প্ৰকাশ কৰা এক তথ্য অনুসৰি ৰাজ্যখনৰ ৫৫টা নিয়োগ বিনিময় কেন্দ্ৰত মুঠ ৩৬,৪৬,৬৯৫ খন আবেদন লাভ কৰা হৈছিল যদিও ইয়াৰে ৬৯,৫৫৮ খন আবেদন বাতিল আৰু ২৯,৪৯ খন আবেদন বিচাৰাধীন হৈ আছে । যাৰ ফলত এতিয়া পঞ্জীয়নভুক্ত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা ৩৫ লাখ ৭৩ হেজাৰ ৯৯৫ গৰাকী হৈছেগৈ।

মুঠ ৩২৪,৮৩১ গৰাকী নিবনুৱাৰে পঞ্জীয়নভুক্ত নিবনুৱাৰ শীৰ্ষত আছে গুৱাহাটী। তাৰ পিছতে বৰপেটাত ২১৭,৫০৪ গৰাকী, নলবাৰীত ২০৫,৭৪৫ গৰাকী, লখিমপুৰত ১৬৪,৯৩৮ গৰাকী, শিলচৰত ১৫৯,৯৪৩ গৰাকী, যোৰহাটত ১৫১,৯৪৪ গৰাকী, ধুবুৰীত ১৩৫,৩০৪ গৰাকী, আৰু শিৱসাগৰ ১২৫,২৫১ টকা। আন আন জিলা যেনে মংগলদৈ, গোলাঘাট, তেজপুৰ, আৰু কোকৰাঝাৰতো এক লাখৰো অধিক পঞ্জীয়নভুক্ত নিবনুৱাৰ তথ্য লাভ কৰা হৈছে যিয়ে ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ছবি প্ৰতিফলিত কৰিছে।

এই শেহতীয়া পৰিসংখ্যাই নিবনুৱাসকলৰ মাজত শিক্ষাৰ স্তৰৰ ক্ষেত্ৰত এক চিন্তনীয় ধাৰা প্ৰকাশ কৰিছে। ৩৫ লাখ চাকৰি প্ৰত্যাশীসকলৰ ভিতৰত ৭৩৪,৯৩১ গৰাকী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ বিপৰীতে ১০৬,২৩৫ গৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী। ইয়াৰ উপৰিও ১,২৯৯,৫৩১ গৰাকী উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰা আৰু ৪৮৮,৩৩৩ গৰাকী দশম শ্ৰেণীত উত্তীৰ্ণ ।আনকি কাৰিকৰীভাৱে দক্ষ শ্ৰমিক শক্তিৰ মাজতো ১৪,১০১ গৰাকী ঔদ্যোগিক প্ৰশিক্ষণ আৰু আই টি আই প্ৰমাণপত্ৰধাৰীৰ নিবনুৱা লগতে ৮০৪ গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী নিবনুৱা থকাৰ তথ্য সন্নিৱিষ্ট হৈছে।

বিগত নির্বাচনৰ পূর্বে ঢাক-ঢোল বজায় ২৪ লাখ চাকৰিৰ সৃষ্টিৰ প্রতিশ্রুতি দিয়া বিজেপি নেতৃত্বাধীন অসম চৰকাৰে প্রতিশ্রুতি পূৰণ নকৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ যোৱা চাৰি বছৰত এক লাখ চাকৰি দিয়া বুলি দাবী কৰাৰ পিছতো প্ৰতি বছৰে কৰ্মশক্তিত প্ৰৱেশ কৰা নতুন স্নাতকসকলৰ সংখ্যা বৃদ্ধিয়ে নিয়োগৰ সুযোগক আগুৰি ধৰিছে।ৰাজ্য প্ৰশাসনে নিয়োগ সৃষ্টিৰ সুনিৰ্দিষ্ট নীতি ৰূপায়ণ কৰাত ব্যৰ্থ হোৱাৰ ফলত নিবনুৱা সমস্যাই অধিক ভয়াৱহ ৰূপ লৈছে বুলি সমালোচকসকলে যুক্তি আগবঢ়াইছে।

অসমত ক্ৰমবৰ্ধমান নিবনুৱা সংকটে ৰাজ্যখনৰ অৰ্থনৈতিক ভৱিষ্যতৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ নীতি বিশ্লেষণকাৰী সকলে দক্ষতা বিকাশ, ঔদ্যোগিক সম্প্ৰসাৰণ, আৰু আত্মনিয়োগৰ সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা সু-গাঁথনিযুক্ত নিয়োগ নীতিৰ প্রয়োগৰ ওপৰত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছে।

সাম্প্রতিক সময়ত শাসনাধিস্থ চৰকাৰে কেৱল নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিত মত্ত থাকি ৩৫ লাখৰো অধিক পঞ্জীয়নভুক্ত নিবনুৱাৰ বিষয়টো গুৰুত্বসহকাৰে লৈ যদি কোনো স্পষ্ট সূদূৰপ্ৰসাৰী নিয়োগনীতি তৈয়াৰ নকৰে তেতিয়াহলে অসমৰ নিবনুৱা সকলৰ ভৱিষ্যত অনিশ্চিত হোৱাৰ উপৰিও বিগত বিত্তীয় বৰ্ষলৈকে ১ লাখ ৫০ হাজাৰ ৯ শ কোটি টকাৰ ঋণত ডুব গৈ থকা অসমৰ অৰ্থনৈতিক দুৰ্দশা আৰু অধিক ভয়ংকৰ হৈ পৰিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,255FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
27.9 ° C
27.9 °
27.9 °
71%
2.1m/s
63%
Thu
27 °
Fri
32 °
Sat
31 °
Sun
34 °
Mon
32 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ