কেৰিয়াৰ : ২ || ভাৰতীয় ৰে’লৱেত কেনেকৈ যোগদান কৰিব পাৰি?

- Advertisement -
- Advertisement -
- Advertisement -

ভাৰতীয় ৰে’লৱে (Indian Railway)ত যোগদান কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা আছে৷ কেন্দ্ৰীয় লোকসেৱা আয়োগে অভিযান্ত্ৰিক সেৱা পৰীক্ষাৰ পৰীক্ষা (Engineering Services Examination)ৰ যোগেদি ভাৰতীয় ৰে’লৱে প্ৰথম বৰ্গৰ বিভিন্ন কাৰিকৰী সেৱাসমূহ, যেনে- ইণ্ডিয়ান ৰে’লৱে ছাৰ্ভিচ অৱ ইঞ্জিনীয়াৰ্ছ (আই আৰ এছ ই), ইণ্ডিয়ান ৰে’লৱে ছাৰ্ভিচ অৱ মেকানিকেল ইঞ্জিনীয়াৰ্ছ (আই আৰ এছ এম ই), ইণ্ডিয়ান ৰে’লৱে ছাৰ্ভিচ অৱ ইলেকট্ৰিকেল ইঞ্জিনীয়াৰ্ছ (আই আৰ এছ ই ই), ইণ্ডিয়ান ৰে’লৱে ছাৰ্ভিচ অৱ চিগনেল ইঞ্জিনীয়াৰ্ছ (আই আৰ এছ এছ ই), ইণ্ডিয়ান ৰে’লৱে ষ্টোৰ্ছ ছাৰ্ভিচ (আই আৰ এছ এছ) আদিৰ বাবে লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ বাচনি কৰে৷ প্ৰাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ/ব্যক্তিত্ব পৰীক্ষাৰ জৰিয়তে কৰে৷ লিখিত পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হয়৷ এটাক Engineering Srvices (Preliminary/Stage-1) আন আনটোক Engineering Services (Main/Stage-2) বুলি কোৱা হয়৷ পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰীত প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে৷ নিৰ্দিষ্ট শ্ৰেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়ৰ ৰেহাই সুবিধা আছে৷ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিষয় (Civil Engineering, Mechanical Engineering, Electrical Engineering, Electronics & Telecommunication Engineering আদি)ৰ স্নাতক অথবা স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাত Wireless Communications Electronics, Radio Physics or Radio Engineeringক বিশেষ বিষয়ৰ হিচাবে লৈ উত্তীৰ্ণ হোৱা সকলেও কিছুমান নিৰ্দিষ্ট পদৰ বাবে আবেদন কৰিব পাৰে৷

কেন্দ্ৰীয় লোকসেৱা আয়োগে অসামৰিক সেৱাৰ পৰীক্ষা (Civil Services Examinations)ৰ যোগেদি ভাৰতীয় ৰে’লৱে প্ৰথম বৰ্গৰ বিভিন্ন অ-কাৰিকৰী সেৱাসমূহ, যেনে- ইণ্ডিয়ান ৰে’লৱে ট্ৰেফিক ছাৰ্ভিচ (আই আৰ টি এছ), ইণ্ডিয়ান ৰে’লৱে পাৰ্ছনেল ছাৰ্ভিচ (আই আৰ এ এছ), ইণ্ডিয়ান ৰে’লৱে একাউণ্টছ ছাৰ্ভিচ (আই আৰ এ এছ), ইণ্ডিয়ান ৰে’লৱে প্ৰটেকচন ফ’ৰ্চে ছাৰ্ভিচ (আই আৰ পি এফ এছ), ইণ্ডিয়ান ৰে’লৱে মেনেজেমেণ্ট ছাৰ্ভিচ (আই আৰ এম এছ) আদিৰ বাবে লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ বাচনি কৰে৷ লিখিত পৰীক্ষা দুটা পৰ্যায়ত হয়৷ এটাক প্ৰাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটোক মূল পৰীক্ষা (Main Examination) বুলি কোৱা হয়৷ প্ৰাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ/ব্যক্তিত্ব পৰীক্ষা জৰিয়তে কৰে৷ পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগে৷ নিৰ্দিষ্ট শ্ৰেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে৷ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে৷

কেন্দ্ৰীয় লোকসেৱা আয়োগে সংযুক্ত চিকিৎসা সেৱা পৰীক্ষা (Combined Medical Service Examination)ৰ যোগেদি ভাৰতীয় ৰে’লৱে প্ৰথম বৰ্গৰ ভাৰতীয় ৰে’লৱে চিকিৎসা সেৱা (Indian Railway Medical Service, IRMS)ৰ বাবে লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ বাচনি কৰে৷ এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্ৰীয় লোকসেৱা আয়োগে সাধাৰণতে এপ্ৰিল মাহত বিজ্ঞাপন প্ৰকাশ কৰে আৰু জুলাই মাহত পৰীক্ষা পৰিচালনা কৰে৷ পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্ৰাৰ্থীৰ বয়স ৩২ বছৰ হ’ব নালাগিব৷ নিৰ্দিষ্ট শ্ৰেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে৷ এই পৰীক্ষাত বহাৰ বাবে চিকিৎসা বিজ্ঞান (M.B.B.S)ৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে৷ প্ৰাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে৷

কেন্দ্ৰীয় লোকসেৱা আয়োগে পৰিচালনা কৰা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বিজ্ঞাপন আয়োগৰ ৱেবছাইট (www.upsc.gov.in) লগতে এমপ্লয়মেণ্ট নিউজ আৰু বিভিন্ন বাতৰি কাকত/আলোচনীত প্ৰকাশ হয়৷ কেন্দ্ৰীয় লোকসৱা আয়োগে পৰিচালনা কৰা পৰীক্ষাবোৰ অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে৷ ইয়াৰ পৰিচালনা ৱেবছাইট ঠিকনাটো হ’ল- https://www.upsconline.nic.in৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,923FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
24 ° C
24 °
24 °
78 %
2.7kmh
61 %
Thu
23 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ