সংকটত দেশৰ অৰ্থনীতিঃ অদীপ কুমাৰ ফুকন

- Advertisement -
- Advertisement -
- Advertisement -
  • ভাৰতবৰ্ষত অৰ্থনৈতিক বৈষম্য অতি দ্ৰুতহাৰত বৃদ্ধি পাব লৈছে
  • দৰিদ্ৰতাৰ ছবিখন লাহে লাহে স্পষ্ট হৈ পৰিছে
    – অদীপ কুমাৰ ফুকন

২০১৪ ৰ পৰা ২০১৮লৈ কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে থকা অৰবিন্দ সুব্ৰনিয়মৰ ভাৰতৰ অৰ্থনীতিৰ ওপৰত শেহতীয়া মন্তব্য অতি গুৰুত্বপূৰ্ণ৷ দ্য ৱায়াৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অৰবিন্দ সুব্ৰনিয়মে কৰণ থাপাৰক কয় যে দেশৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়৷ তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ অৰ্থনীতি চম্ভালি লোৱাৰ ক্ষেত্ৰত পুনৰ চিন্তা কৰা প্ৰয়োজন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰাক্তন মুখ্য অৰ্থনৈতিক উপদেষ্টাগৰাকীয়ে অভিযোগ কৰে যে চৰকাৰে এতিয়া পালন কৰা নীতি, উদ্যোগক ৰাজসাহাৰ্য দিয়া নীতি, জনসাধাৰণক দিয়া হিতাধিকাৰী আঁচনি আৰু বিদেশী পুঁজিক লৈ কৰা নীতিসমূহ দেশৰ অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত কামত অহা নাই৷ সুব্ৰনিয়মৰ বক্তব্য– ভাৰতীয় অৰ্থনীতি মন্থৰ হৈছে৷ দুৰ্বল উপভুক্তা, দুৰ্বল ব্যক্তিগত বিনিয়োগ, দুৰ্বল উৎপাদন আৰু দুৰ্বল ৰপ্তানিৰ সৈতে প্ৰত্যক্ষ বিদেশী বিনিয়োগ হ্ৰাস আৰু বিদেশী মুদ্ৰাৰ মজুত হ্ৰাস পাইছে৷ এই অৱস্থা আৰু অধিক ভয়াৱহ হৈ পৰিব৷ অৰবিন্দু সুব্ৰমনিয়মৰ এক গুৰুত্বপূৰ্ণ অভিযোগ– ৰাজ্যসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ উন্নত সম্পৰ্ক আৰু অধিক সহযোগিতাৰ লগতে সমন্বয়ৰ প্ৰয়োজন৷


দেশৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত আলোচনা কৰিবলৈ যাওঁতে অৰবিন্দ সুব্ৰনিয়মৰ এনে বক্তব্য অতি গুৰুত্বপূৰ্ণ৷ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভাৰতৰ অৰ্থনীতি৷ অৰ্থনীতিৰ গ্ৰাফডাল নিম্নগামী হৈছে৷ জি ডি পি বৃদ্ধি হ’লেও দেশৰ অৰ্থনৈতিক অসমতা আৰু দৰিদ্ৰতাৰ ছবিখন লাহে লাহে স্পষ্ট হৈ পৰিছে৷ ভেন্সাৰ কেপিটেল ফাৰ্ম ব্লুম ভেন্সাৰৰ অৰ্থনৈতিক প্ৰতিবেদনখনে দেশৰ বৰ্তমান অৰ্থনৈতিক দিশৰ বহু বিষয় স্পষ্ট কৰি দিছে৷ প্ৰতিবেদনখনৰ মতে ১০০ কোটি ভাৰতীয়ৰ নাই ক্ৰয় ক্ষমতা৷ ৩০ কোটি লোক কিছু সমৰ্থৱান৷ প্ৰতিবেদনখনত উল্লেখিত অতি গুৰুত্বপূৰ্ণ বিষয়টো হ’ল দেশত অৰ্থনৈতিক বৈষম্য দ্ৰুত হাৰত বৃদ্ধি পাইছে৷ ১১ বছৰে স্থবিৰ হৈ পৰিছে ভাৰতত মধ্যবিত্তৰ আয়৷ ১০ শতাংশ লোকে কুক্ষিগত কৰিছে দেশৰ ৫৭.৭ শতাংশ সম্পদ৷ ভাৰতৰ আৰ্থিক অসমতাৰ এই ভয়াৱহ ৰূপটোৱে সংকটত পেলাব দেশবাসীৰ লগতে দেশখনকো৷
প্ৰকৃতাৰ্থত বৰ্তমান ভাৰত এখন দুখীয়া আৰু অতি বৈষম্যপূৰ্ণ দেশ৷ বিশ্ব ক্ষুধা সূচকাংকত ২০১৪ ভাৰতৰ স্থান আছিল ৫৫ নম্বৰত ২০২৩ত হ’লগৈ ১১১ নম্বৰত৷ আৰ্থিক দিশেৰে ভাৰত এতিয়া দুখন৷ ৩ শতাংশ লোকৰ কোনো আয় নাই৷ ১ শতাংশ লোকৰ আয় মাহে ৪,৭৪০ টকা৷ ১৮ শতাংশ ভাৰতীয়ৰ মাহে আয় ৭,৯৮০ টকা৷ অৰ্থাৎ দৈনিক মাত্ৰ ২৬৬ টকা৷ ৭৪ শতাংশ লোকৰ মাহে আয় ১৭,১০০ টকা৷ দৈনিক ৫৭০ টকা৷ মাত্ৰ ৪ শতাংশ ভাৰতীয় লোকৰ আয় মাহে ১৭,১০০ টকাতকৈ বেছি৷ প্ৰশ্ন হয়, দেশৰ গৰিষ্ঠ সংখ্যক নাগৰিক আৰ্থিক দিশটোৰ কোনটো পৰ্যায়ত আছে? দেশৰ অৰ্থনৈতিক বিকাশ অসমান৷ ধনীসকলৰ লাভ হৈছে আৰু দৰিদ্ৰসকলে অধিক সংগ্ৰাম কৰিব লগা হৈছে৷
ভাৰত বৰ্তমান বিশ্ব অৰ্থনীতিৰ পঞ্চম বৃহত্তম দেশ৷ কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা বক্তব্যসমূহ মতে অচিৰেই ভাৰত বিশ্ব অৰ্থনিতিৰ তৃতীয় বৃহত্তম দেশ হ’ব৷ এই প্ৰসংগত কিছু আলোচনাৰ প্ৰয়োজন৷ ১৯৯১ চনত বিশ্ব অৰ্থনীতিত ভাৰত আছিল ১৫ নম্বৰত৷ ২৩ বছৰৰ পিছত ২০১৪ চনত ভাৰতৰ স্থান হ’ল ৭ নম্বৰত আৰু ৭ বছৰৰ পিছত ২০২১ ত ভাৰত বিশ্ব অৰ্থনীতিৰ ৫ম নম্বৰ স্থান দখল কৰিছে৷ সমান্তৰালভাৱে ১৯৯১ চনত চীন বিশ্ব অৰ্থনীতিৰ ৯ নম্বৰত আছিল৷ চীন ক্ৰমে ১৯৯৯ত ৭ নম্বৰত, ২০০৭ত ৩ নম্বৰত আৰু ২০২১ত ২ নম্বৰত স্থান দখল কৰিবলৈ সক্ষম হ’ল৷ বিশ্ব অৰ্থনীতিত বৰ্তমান প্ৰথম স্থানত আমেৰিকা, দ্বিতীয় স্থানত চীন, তৃতীয় স্থানত জাৰ্মানী, চতুৰ্থ স্থানত জাপান আৰু পঞ্চম স্থানত ভাৰত৷ কেন্দ্ৰীয় চৰকাৰে অচিৰেই ভাৰত বিশ্ব অৰ্থনীতিৰ তৃতীয় স্থান দখল কৰিব বুলি ঘোষণা কৰা বিষয়টোৰ কিছু আলোকপাত কৰা উচিত হ’ব৷
৩৪.৬ কোটি জনসংখ্যাৰ আমেৰিকাৰ অৰ্থনীতি ৩০.৩৩ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ৷ ১৪১.৭ কোটি জনসংখ্যাৰ চীন ১৯.৫৩ ত্ৰিলিয়ন মাৰ্কিন ডলাৰেৰে বিশ্ব অৰ্থনীতিৰ দ্বিতীয় স্থানত৷ ৮.৪৭ কোটি জনসংখ্যাৰ জাৰ্মানী ৮.৯২ ত্ৰিলিয়ন মাৰ্কিন ডলাৰেৰে তৃতীয় স্থানত৷ চতুৰ্থ স্থানত ১২.৩ কোটি জনসংখ্যাৰ জাপানৰ অৰ্থনীতি ৪.৩৮ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ৷ আৰু ১৪৫.৮ কোটি জনসংখ্যাৰ ভাৰত ৪.২৭ ত্ৰিলিয়ন মাৰ্কিন ডলাৰেৰে বিশ্ব অৰ্থনীতিৰ পঞ্চম স্থানত বৰ্তমান৷ ভাৰতে জাৰ্মানী আৰু জাপানক অতিক্ৰম কৰি তৃতীয় স্থান দখল কৰিব৷ এইটোৱেই বৰ্তমান দেশৰ ৰাজনৈতিক শ্ল’গান হৈ পৰিছে৷ আমি কিন্তু এইটো পৰ্যালোচনা কৰা নাই যে জাৰ্মানী আৰু জাপানৰ জনসংখ্যা ক্ৰমে ৮.৪৭ কোটি আৰু ১২.৩ কোটিৰ বিপৰিতে ভাৰতৰ জনসংখ্যা ১৪৫.৮ কোটি৷ এই দিশটোৰ পৰাই স্পষ্ট হৈ পৰে যে অৰ্থনীতিৰ অন্যতম চালিকা শক্তি জনমূৰি আয়ৰ ক্ষেত্ৰত ভাৰতৰ স্থান ক’ত হ’ব?
বিজেপি চৰকাৰৰ নতুন পথ নিৰ্মাণ, বিমান বন্দৰ, বন্দৰ, মেট্ৰ’, উৰণ সেতু নিৰ্মাণ অৰ্থনৈতিক নীতিৰ মূল বিষয় যেন হৈ পৰিছে৷ উৎপাদনশীল ক্ষেত্ৰখনত প্ৰত্যক্ষ সহযোগ হ্ৰাস পাইছে৷ ফলত ঋণ নিৰ্ভৰ হৈ পৰিছে, দেশৰ অৰ্থনীতি৷ বৰ্তমান চৰকাৰে জি ডি পিৰ ৮১ শতাংশতকৈ অধিক ঋণ গ্ৰহণ কৰিছে৷ ২০২৩-২৪ বৰ্ষত ১৭৩ লাখ কোটি৷ ফলত বৃহৎ অংকৰ সুত ভৰিব লগা হয় প্ৰতি বছৰে৷ দেশৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ দিশটো হ’ল বহিঃৰাষ্ট্ৰৰ লগত বজাৰ ব্যৱস্থা৷ বাণিজ্যিক ঘাটিৰ পৰিমাণ ক্ৰমে বৃদ্ধি পাইছে৷ আমদানিতকৈ ৰপ্তানিৰ বজাৰখন হ্ৰাস পোৱাত দেশৰ অৰ্থনীতিত বৰ বেয়াকৈ প্ৰভাৱ পৰিছে৷ ৪৫৮.৩ বিলিয়ন মাৰ্কিন ডলাৰৰ ১৫ানিৰ পৰিমাণৰ বিপৰীতে আমদানিৰ পৰিমাণ ৭২৫.৪ বিলিয়ন মাৰ্কিন ডলাৰ৷ বাণিজ্যিক ঘাটিৰ পৰিমাণ ২৬৭.২ বিলিয়ন ডলাৰৰ ফলত দেশৰ বিদেশী মুদ্ৰাৰ হ্ৰাস পাইছে আৰু টকাৰ মূল্য ডলাৰৰ তুলনাত ক্ৰমাৎ হ্ৰাপ পাব লৈছে৷ ২০০০ চনত ৰ ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল ৪৪.৯৬ টকা৷ ২০১৪ চনত আছিল ৬২.৩৩ টকা৷ আৰু বৰ্তমান ১ ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮৭ টকা অতিক্ৰম কৰিছে৷ অৰ্থনৈতিক ক্ষেত্ৰত ই এক ভয়াৱহ দিশ৷ দেশৰ অৰ্থনৈতিক দিশটোৰ অতি ভয়াৱহ দিশটো হ’ল বিনিয়োগকাৰীৰ আস্থা কমিছে৷ শ্বেয়াৰ বজাৰলৈ লক্ষ্য কৰিলেই সেইটো স্পষ্ট হৈ পৰিব৷
প্ৰযুক্তিগত বিকাশ তথা কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে কৰ্মসংস্থানৰ বজাৰ সংকুচিত হৈ আহিছে৷ বিশাল যুৱ শক্তিক ব্যৱহাৰ কৰাত সম্পূৰ্ণ বিফল হৈছে দেশ পৰিচালকসকল৷ দেশৰ গৰিষ্ঠ সংখ্যক কৃষি ক্ষেত্ৰত জড়িত৷ জলবায়ু পৰিবৰ্তন, প্ৰকৃত মূল্য লাভৰ পৰা বঞ্চিত দেশৰ কৃষকসকল আজি দৰিদ্ৰতাৰ ফালে গতি কৰিছে৷ বিনিয়োগকাৰীৰ আস্থা কমাৰ ফলত বেংকসমূহত অনাদায় ঋণৰ বোজা বৃদ্ধি হৈছে৷ সংকটত পৰিছে, বিত্ত প্ৰতিষ্ঠানসমূহ৷ গুৰুত্বপূৰ্ণ দিশটো হ’ল শ্ৰমৰ অভাৱত দেশৰ বৃহৎ সংখ্যক শ্ৰমিকে ইজৰাইলৰ লগতে অন্যান্য দেশলৈ আঁতৰি গৈছে৷ এনে দিশ বিলাকৰ ওপৰত মুকলি আলোচনাৰ সময় হৈছে৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ