- * পাকিস্তানৰ বিৰুদ্ধে বিদ্ৰোহী হৈ পৰিছে
বেলুচিস্তানৰ বিদ্ৰোহী শক্তি সমূহ
* বেলুচ বিদ্ৰোহীৰ ওচৰত পণবন্দী
জাফফৰ এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰী
* সম্পদৰ ওপৰত অধিকাৰ বিচাৰি
বেলুচ সকলে বিচাৰিছে অধিক স্বায়ত্তশাসনবেলুচ বিদ্ৰোহীয়ে ১১ মাৰ্চত পাকিস্তানৰ যাত্ৰীবাহী ৰেলগাড়ী জাফফৰ এক্সপ্ৰেছ অপহৰণ আৰু ১৮২ জন যাত্ৰীক পণবন্দী কৰা ঘটনাৰ পিছত আকৌ আলোচনাৰ বিষয় হৈ পৰিছে বেলুচিস্তান ৷ বেলুচিস্তান পাকিস্তানৰ দক্ষিণ- পশ্চিম অঞ্চলৰ এখন প্ৰদেশ ৷পশ্চিমে ইৰাণ , উত্তৰে আফগানিস্থান আৰু দক্ষিণে আৰৱ সাগৰ ৷৩৪৭১৯০ বৰ্গ কিলোমিটাৰৰ বেলুচিস্তান প্ৰদেশৰ জনসংখ্যা ১ কোটি ৪৯ লাখ৷ বেলুচিস্তানৰ চৰকাৰী ভাষা উৰ্দু আৰু ইংৰাজী যদিও কথিত ভাষা বেলুচ , পষ্টো , ব্ৰাহুই , সিন্ধি ৷ পাকিস্তানৰ ৪৪ অংশ ভূমি আগুৰি আছে এইখন প্ৰদেশে ৷ প্ৰাকৃতিক সম্পদত চহকী বেলুচ সকলৰ দেশ বেলুচিস্তান ৷সিন্ধু উপত্যকাৰ কেন্দ্ৰ বিন্দু বেলুচিস্তান ৷
১ ম শতিকাৰ পৰা তৃতীয় শতিকালৈ এই অঞ্চল চিথিয়ান ৰজাৰ হিন্দু বংশৰ পাৰতৰাজ সকলে শাসন কৰিছিল ৷ হিন্দু সেৱা বংশই বেলুচিস্তানৰ কিছু অংশ শাসন কৰিছিল ৷ নৱম শতিকাৰ ভিতৰত এই অঞ্চলটো সম্পূৰ্ণ ইছলামিক হৈ পৰে ৷
১৮৩৯ ত ব্ৰিটিছে বেলুচিস্তানৰ অপাৰ্চী অংশটো দখল কৰে ৷১৮৭০ ত ঔপনিৱেশিক ভাৰতত বেলুচিস্তান ব্ৰিটিছ ভাৰত সাম্ৰাজ্যৰ নিয়ন্ত্ৰণলৈ আহে ৷ - শেহতীয়া ভাবে যোৱা ১১ মাৰ্চত বেলুচিস্তান প্ৰদেশৰ বোলান জিলাত বিদ্ৰোহীয়ে পাকিস্তানৰ কুৱেটাৰ পৰা পেছাৱাৰলৈ যোৱা যাত্ৰীবাহী ৰেল জাফফৰ এক্সপ্ৰেছ অপহৰণ কৰে ৷এই ৰেল অপহৰণৰ ক্ষেত্ৰত পাকিস্তানে ভাৰতলৈ পৃষ্ঠপোষকতা কৰাৰ অভিযোগৰ আঙুলি টোৱাইছে ৷ অৱশ্যে ভাৰতে অতি স্পষ্ট আৰু দৃঢ় ভাবে এই অভিযোগক প্ৰত্যাহ্বান জনাইছে ৷
প্ৰকৃতিক সম্পদৰ ক্ষেত্ৰত পাকিস্তানৰ ভিতৰত চহকী প্ৰদেশ বেলুচিস্তান ৷চীনৰ পূজিৰে নিৰ্মাণ হৈ থকা চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ এইটো এটা গুৰুত্বপূৰ্ণ অঞ্চল ৷ তাম আৰু সোণৰ বৃহৎ ৰেকো ডিক নামৰ খনিটো কানাডাৰ প্ৰতিষ্ঠানক দিব গৈছে ৷আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ চীনৰ সহায়ত নিৰ্মাণ কৰিব লৈছে ৷এই ক্ষেত্ৰত বিদ্ৰোহী শক্তি সমূহে প্ৰতিবাদ কৰিছে ৷ বেলুচিস্তানৰ সম্পদৰ ওপৰত পাকিস্তান চৰকাৰৰ সহযোগত হোৱা শোষণৰ বিৰুদ্ধে বিদ্ৰোহ কৰি আহিছে বেলুচ সকলে ৷অশান্ত জৰ্জৰ পাকিস্তান এতিয়া অধিক অশান্তিৰ কবলত পৰিছে ৷ - সামৰিক আৰু ভূ ৰাজনৈতিক স্বাৰ্থত ব্ৰিটিছে বেলুচিস্তানক নিজৰ নিয়ন্ত্ৰণলৈ আনে ৷ মূলতঃ ইৰান আৰু আফগানিস্থানৰ পৰা আহিব লগা ভাবুকিক প্ৰত্যাহ্বান জনাবলৈ ব্ৰিটিছক প্ৰয়োজন হৈছিল বেলু্চিস্তান ৷কিন্তু ১৮৪০ ৰ পৰাই বেলুচিস্তানত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল ৷ সেয়েহে ভৰতৰ স্বাধীনতা সংগ্ৰামত বেলুচিস্তানৰ ৰাজনীতি কংগ্ৰেছৰ সমৰ্থনত আছিল ৷
বেলুচিস্তানৰ বেছি ভাগ অংশ পাকিস্তানৰ যদিও কিছু অংশ ইৰান আৰু আফগানিস্থানত ৷ পাকিস্তানৰ জনসংখ্যাৰ ৬৯ লাখ বেলুচ ৷বেলুচিস্তানৰ তিনিখন দেশৰ বেলুচ বসতি অঞ্চললৈ বৃহত্তৰ বেলুচিস্তানৰ দাবীত বিচ্ছিন্নতাবাদী সংগ্ৰাম চলি আহিছে ৷১৯৪৮ চনৰ পৰা বিশেষ ভাবে আৰম্ভ হোৱা বিদ্ৰোহ ১৯৫৮-৫৯ , ১৯৬২-৬৩ , আৰু ১৯৭৩ ৰ পৰা ১৯৭৭ লৈ তীব্ৰ ৰূপ ধাৰণ কৰে ৷ ২০০৩ চনৰ পৰা নতুন ৰূপত আৰম্ভ হৈছে বিদ্ৰোহ ৷
পাকিস্তানৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বিচৰা সকল লক্ষ্য হৈ পৰিছে বেলুচ বিদ্ৰোহীৰ ৷পাকিস্তানী নিৰাপত্তা বাহিনী আৰু বিচ্ছিন্নতাবাদী বিদ্ৰোহীৰ মাজত সংঘৰ্ষ এক নিয়মিত ঘটনা হৈ পৰিছে ৷ বেলুচ বিদ্ৰোহী সকলে অধিক স্বায়ত্ত্ব শাসন আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত অধিক অংশীদাৰিত্বৰ দাবী কৰিছে ৷২০১৯ চনত আমেৰিকাই পাকিস্তানৰ স্বাৰ্থত বেলুচ লিবাৰেশন আৰ্মিক বিশ্বব্যাপী সন্ত্ৰাসবাদী গোট হিচাপে ঘোষণা কৰিছে ৷ফলত বেলুচ সকল পাকিস্তানৰ বিৰুদ্ধে অধিক বিদ্ৰোহী হৈ পৰিছে ৷











