অশ্বিনী গগৈৰ সৈতে ‘ইতিহাসৰ পাত লুটীয়াই’ -খণ্ডঃ ১৮

- Advertisement -
- Advertisement -
- Advertisement -

• আহোম স্বর্গদেউৰ ৰাজত্ব কালত শিক্ষা বিস্তাৰৰ লগতে পুথি ৰচনা হৈছিল
• শিক্ষা লাভৰ ক্ষেত্ৰত সম্পূর্ণ পৃষ্ঠপোষকতা কৰিছিল স্বর্গদেউসকলে

আহোম স্বর্গদেউৰ ৰাজত্ব কালত অসম শিক্ষাত পিছ পৰা আছিল বুলি ভাবিলে ভুল কৰা হ’ব৷ স্বর্গেদউসকলে নিজ ৰাজ্যৰ লগতে আৰু অন্য ঠাইত অনেক সন্ত, মহন্ত, পণ্ডিত আদি আনি ঠায়ে ঠায়ে নিষ্কৰ মাটি বৃত্তি দি তাত কাম কৰিবলৈ পাইক দিছিল৷ এইসকলৰ উপৰি স্বর্গদেউসকলে অসমৰ সকলো শাক্ত আৰু বৈষ্ণৱ সত্ৰতে নিষ্কৰ মাটি দান দিছিল আৰু সহায়ৰ বাবে পাইক দিছিল৷ এই সন্ত, মহন্ত, পণ্ডিত, সত্ৰাধিকাৰসকলে ৰজাক একো দিব নালাগিছিল৷ এওঁলোকে যুদ্ধলৈও যাব নালাগিছিল৷ এওঁলোকে ধর্মালোচনা কৰা, আনক ধর্ম-শিক্ষা আৰু সাধাৰণ শিক্ষা দিয়া কার্যত ব্যস্ত আছিল৷ তেওঁলোকৰ প্ৰত্যেকৰ ঘৰত আৰু প্ৰতিখন সত্ৰত একোটি শিক্ষা কেন্দ্ৰ আছিল৷ স্বৰ্গদেউ আৰু উচ্চ বিষয়াসকলে ঘৰতে পণ্ডিত ৰাখি নিজা সন্তানক শিক্ষা দিয়াইছিল৷
ন-গোসাঁইৰ আদিপুৰুষ পুৰুষোত্তম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কান্যকুব্জৰ পৰা অসমলৈ আহিছিল৷ স্বর্গদেউৱে তেওঁক ‘আচাৰ্য’ উপাধি দি ৰাজকুমাৰ সকলক পঢ়াবলৈ দিছিল৷ ব্ৰাহ্মণ, কায়স্থ, আহোম আদিৰ ল’ৰাই সন্ত, মহন্ত, পণ্ডিত আদিৰ ঘৰত আৰু সত্ৰবিলাকত শিক্ষা লাভ কৰিছিল৷ স্বৰ্গদেউ ৰুদ্ৰসিংহই মহন্তৰ ল’ৰাবিলাকক আউনিআটীত শিক্ষা ল’বলৈ সুবিধা কৰি দিছিল৷ ব্ৰাহ্মণৰ ল’ৰাক ৰুদ্ৰসিংহই অসমৰ বাহিৰলৈ শিক্ষা ল’বলৈ পঠাইছিল৷
আহোমসকলে লিখা-পঢ়াতকৈ সামৰিক শিক্ষাহে বিশেষভাৱে কৰিছিল৷ মহন্ত, পণ্ডিত, সত্ৰাধিকাৰ আদিয়ে লোকক শিক্ষা দিয়াৰ উপৰি নিজে পুথি ৰচনা কৰিছিল৷ স্বৰ্গদেউ আৰু উচ্চ বিষয়াসকলেও পুথি ৰচনা কৰিছিল৷
অসমীয়া ভাষাৰ লগতে সংস্কৃত আৰু আহোম ভাষাৰো চৰ্চা হৈছিল৷ এই তিনিওটা ভাষাত বুৰঞ্জী, জ্যোতিষ, ব্যাকৰণ, কাব্য, ধৰ্মগ্ৰন্থ, নাটক, উপন্যাস, সংগীত, যুদ্ধৰৰ প্ৰণালী, ৰাজনীতি আদি বিষয়ৰ ওপৰত গ্ৰন্থ ৰচনা হৈছিল৷ স্বৰ্গদেউ ৰুদ্ৰসিংহই গীত ৰচনা কৰিছিল৷
শ্ৰীমন্ত শংকৰদেৱে আৰু মাধৱদেৱে প্ৰথম অৱস্থাত আহোম সাম্ৰাজ্যতে বিভিন্ন সাহিত্যৰ সম্ভাৰ ৰচনা কৰিছিল৷ আহোম স্বৰ্গদেউৰ পৃষ্ঠপোষকতাতে খোবাৰি চৰিত, পুতলা চৰিত, ভীষ্মপৰ্ব, হিতোপদেশ, নাৰদীয় পুৰাণ, কলকী পুৰাণ, নৱৰত্ন নামৰ বৈদ্যশাস্ত্ৰ, হাতীৰ বিষয়ক হস্তীবিদ্যাৰ্নব, পশু চিকিৎসা, পুথি ঘোঁৰা নিদান, জ্যোতিষৰ পুথি ভাস্বতি, শকুন্তলা কাব্য, গীত গোবিন্দ আদি গ্ৰন্থ ৰচনা কৰা হৈছিল৷ নীতি লতাংকুৰ নামৰ ৰাজনীতি বিষয়ক পুথিও ৰচনা কৰা হৈছিল৷ যুদ্ধত কেনেকৈ জয়লাভ কৰিব পাৰি, তাৰ বাবে ৰণজয় বিধি, বৈদ্যকল্পতৰু আৰু পঞ্চৰত্ন নামৰ আয়ুৰ্বেদীয় চিকিৎসা শাস্ত্ৰৰ লগতে জ্যোতিষ শস্ত্ৰ লিখা হৈছিল৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ