▶️বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ
▶️অগপৰ প্রার্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য
১৯ জুনত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ আৰু অগপৰ প্রার্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, অগপৰ সভাপতি অতুল বৰা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে।
ইফালে কংগ্ৰেছ দলে নিৰ্বাচনত প্রার্থিত্ব আগবঢ়োৱা নাই। বিৰোধীৰ পক্ষত নিৰ্বাচনত জয়ী হ’ব পৰাকৈ বিধায়ক নাই বাবেই ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থকা বুলি দলটোৱে প্ৰকাশ কৰিছে। নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ দুয়োখন আসনেই শাসকীয় মিত্ৰজোঁটৰ দখলত আছে। বিৰোধীয়ে নিৰ্বাচনত প্রার্থিত্ব নিদিয়াৰ সিদ্ধান্তই শাসকীয় মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্ব্বিতাৰে জয়ী হোৱাতো স্পষ্ট কৰিছে। উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কার্যকাল ১৪ জুনত সমাপ্ত হ’ব।











