একালৰ এখন বোৱঁতী নৈ আজি বিশ্বৰ এটা দীঘল ডাষ্টবিন

- Advertisement -
- Advertisement -
- Advertisement -

◊ কৃত্ৰিম বান সমস্যা সমাধানৰ এক আধাৰ হ’ব পাৰে বাহিনী নৈ
◊ নৈ পৰিষ্কাৰৰ নামত মহানগৰ কৰ্তৃপক্ষৰ লুণ্ঠনৰ ক্ষেত্ৰ এখন নৈ

গুৱাহাটীৰ মাজেৰে বৈ থকা এখন নৈ। নৈখনৰ কাষত থকা গুৱাহাটীয়াই এটা সময়ত নৈখনত সাঁতুৰি-নাদুৰি সময় পাৰ কৰিছিল। নৈখনৰ পৰিষ্কাৰ পানীত ডাঙৰ হোৱা মাছ-কাছ নৈপৰীয়াৰ আছিল খাদ্য।

সেই নৈখনেই আজি এটা নলা হৈ গুৱাহাটীবাসীৰ বাবে এটা দীঘল ডাষ্টবিন হৈ পৰিল। কলা পানী আৰু আৱৰ্জনাৰে পৰিপূৰ্ণ ভয়ংকৰ দুৰ্গন্ধময় নলাটোৱেই ঐতিহাসিক বাহিনী নৈ।

মেঘালয়ৰ মাইলিয়েম সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰৱাহিত হৈছে উম্মৰিয়াং নৈ। উত্তৰ-পূব মুৱা হৈ বৈ অহা নৈখনে লংমাই আৰু উমটাচু নামৰ দুখন সৰু নৈক লগত লৈ উমটিৰংগাৰ ওচৰত অসমত সোমাই বাহিনী নৈ নামেৰে পৰিচিত হয়।

গুৱাহাটী মহানগৰক কৃত্ৰিম বানৰ পৰা মুক্ত কৰিব পৰা অন্যতম নৈখন আজি গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ কৰ্তৃপক্ষই এটা ডাষ্টবিনলৈ পৰিণত কৰিছে।

বশিষ্ঠ মন্দিৰৰ পৰা কিছু পূব দিশৰ পৰা নামি অহা বাহিনী নৈ বশিষ্ঠ চাৰিআলিৰ কাষৰ নতুন বজাৰ, বক্ৰাপাৰাৰ মাজেদি আহি ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিছে। বেলতলা বজাৰৰ কাষেৰে আহি কৃষ্ণপুৰ, সৌৰভ নগৰ, ৰুক্মিণীগাঁৱৰ মাজেৰে আহি গুৱাহাটী-শ্বিলং পথ অতিক্ৰম কৰিছে।

ডাউন টাউন হাস্পতালৰ সমুখেৰে প্ৰৱাহিত হৈ মথুৰা নগৰ, ৰাজধানী দিছপুৰৰ সন্মুখেৰে গণেশগুৰিৰ ভিতৰেদি ৰাধাগোবিন্দ বৰুৱা পথৰ কাষেৰে বৈ গৈছে। ৰাজ্যিক চিৰিয়াখানা অতিক্ৰম কৰি জোনালীৰ বাহিনী ৰাধাগোবিন্দ বৰুৱা পথ অতিক্ৰম কৰি ভৰলু নৈ নামেৰে প্ৰৱাহিত হৈছে।

৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বাহিনী নৈয়ে এতিয়া পানী কঢ়িয়াব নোৱাৰে। গুৱাহাটী মহানগৰৰ দুৰ্গন্ধময় আৱৰ্জনা আৰু ভয়ংকৰ কলা ৰঙৰ বন্ধ পানীৰে পূৰ্ণ এই বোৱঁতী নৈখন। আৰম্ভ হৈছে বেদখল পৰ্ব।
বেদখল মুক্ত কৰি বাহিনী নৈখন সম্পূৰ্ণ পৰিষ্কাৰ কৰি কেৱল পানী যোৱাৰ যদি ব্যৱস্থা কৰা হলহেতেঁন, গুৱাহাটীবাসীয়ে কৃত্ৰিম বানৰ পৰা বহুখিনি সকাহ পালেহেতেঁন।

বাহিনী নৈ পৰিষ্কাৰ কৰা হয়, কেৱল গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ প্ৰাধিকৰণৰ ফাইলৰ মাজত। কোটি কোটি টকাৰ ঠিকা দিয়া হয় পৰিষ্কাৰ কৰাৰ বাবে। ধন খৰচ কৰা হয় কিন্তু পৰিষ্কাৰ কৰা নহয় – বাহিনী নৈ কাৰোৱাৰ বাবে সোণৰ কণী পৰা হাঁহহে।

গুৱাহাটী উন্নয়ন মঞ্চই আৰ টি আইৰ জৰিয়তে লাভ কৰা তথ্যই স্পষ্ট কৰি দিছে মন্ত্ৰী অশোক সিংহলৰ নাকৰ তলেৰে কেনেকৈ লু্ণ্ঠন চলিছে। বাহিনী খনন আৰু বহল কৰি পৰিষ্কাৰ কৰাৰ বাবে গুৱাহাটী মহানগৰ কৰ্তৃপক্ষই ২০১৮-১৯ বৰ্ষত খৰচ কৰিছে ১ কোটি ৩৩ লাখ টকা। পুনৰ ২০১৯-২০ত খৰচ হ’ল ১ কোটি ৩৩ লাখ টকা। ঠিকাদাৰৰ জৰিয়তে কাম কৰা দেখুৱাই ৰাজকোষৰ ধন লুণ্ঠন হ’ল। পুনৰ ২০২৩-২৪ বৰ্ষত ৭ কোটি ৭৪ লাখ টকা খৰচ কৰা হ’ল। বাহিনী নৈ একেদৰেই থাকিল। ২০২৩-২৪ বৰ্ষৰ বাবে পুনৰ ৮ কোটি টকা ধাৰ্য কৰাৰ পদক্ষেপ।

গুৱাহাটী মহানগৰৰ দায়িত্ব থকা মন্ত্ৰী অশোক সিংহল আৰু মেয়ৰ মৃগেন শইকীয়ালৈ আমাৰ মুকলি প্ৰশ্ন – বাহিনী নৈ খনন আৰু পৰিষ্কাৰ কৰা হ’ল নে ? নে বাহিনী নৈ আপোনালোকৰ বাবে সোণৰ কণী পৰা হাঁহ?

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,922FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
26.9 ° C
26.9 °
26.9 °
63 %
3.9kmh
100 %
Thu
25 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ