ভাৰতীয় ক্ৰিকেট জগতত দ্বিতীয়গৰাকী দ্ৰাবিড়

- Advertisement -
- Advertisement -
- Advertisement -

◊ ভাৰতীয় ক্ৰিকেট জগতত দ্বিতীয়গৰাকী দ্ৰাবিড়
◊ বেটিং-বলিং উভয়তে উজলিছে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ
◊ ১৯ অনুৰ্ধ ভাৰতীয় ক্ৰিকেট দলত সমিত দ্ৰাবিড়
◊ অষ্ট্ৰেলিয়ৰ বিৰুদ্ধে খেলিব এদিনীয়া-চাৰিদিনীয়া মেচত

এগৰাকী উদীয়মান ক্ৰিকেটাৰ। নাম সমিত দ্ৰাবিড়। উপাধিটো শুনা মাত্ৰকে আপোনালোক বহুতৰে মনত হয়তো এটা বিশেষ প্ৰশ্নই টোকৰ মাৰিছে। হয় আপোনালোকৰ ধাৰণা একেবাৰে শুদ্ধ। সমিত ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ, টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা সদ্য অৱসৰপ্ৰাপ্ত মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সুযোগ্য পুত্ৰ।

পিতৃৰ পদাংক অনুসৰণ কৰি সমিতে খোজ দিছিল ক্ৰিকেটৰ জগতখনত। দ্য ৱাল ৰূপে পৰিচিত পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই সমিত শান্ত-সমাহিত, কঠোৰ পৰিশ্ৰমী। আৰু নিৰলস পৰিশ্ৰমৰ অন্তত সমিতে এইবাৰ স্থান লাভ কৰিছে দেশৰ ১৯ অনুৰ্ধ ক্ৰিকেট টীমত। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা মাটিত খেলিবলগীয়া ভাৰতৰ দলটো অলপতে বিচিচিআই-এ ঘোষণা কৰে। এই দলত স্থান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত ৰাহুল তনয়। সমিতে কয়–মই অতিকৈ সুখী অনুভৱ কৰিছোঁ। মই যথেষ্ট পৰিশ্ৰম কৰিছোঁ আৰু তাৰেই ফলশ্ৰুতিত দেশৰ হৈ খেলিবলৈ সুযোগ পাইছোঁ।

মন কৰিবলগীয়া যে বেটিং তাৰকা ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত এগৰাকী প্ৰতিভাবান অলৰাউণ্ডাৰ। বেটিং-বলিং উভয়তে উজলি উঠিছে সমিত। দলৰ বাবে তেওঁ এগৰাকী গুৰুত্বপূৰ্ণ ফাষ্ট বলাৰ। শেহতীয়াকৈ তেওঁ ঘৰুৱা ক্ৰিকেটত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰে নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বিশেষকৈ কোচবিহাৰ ট্ৰফীত সমিতৰ প্ৰদৰ্শন আছিল অনবদ্য। সমগ্ৰ টুৰ্ণামেণ্টখনত সমিতে কৰ্ণাটকৰ হৈ ১৬ টা উইকেটৰ উপৰি মুঠ ৩৮২ ৰাণ সংগ্ৰহ কৰে। ৮ খন মেচত ৩টা হাফ চেঞ্চুৰী অৰ্জন কৰা সমিতে এখন মেচত মাথোঁ ২ ৰাণৰ বাবে চেঞ্চুৰীৰ পৰা বঞ্চিত হয়। টুৰ্ণামেণ্টখনত চেম্পিয়নশ্বিপ অৰ্জন কৰা কৰ্ণাটকৰ বিজয়ত সমিতৰ অবদান নি:সন্দেহে হৈ ৰয় গুৰুত্বপূৰ্ণ। সমিতৰ বেটিঙত পিতৃ ৰাহুল দ্ৰাবিড়ৰ ষ্টাইল আৰু টেকনিকৰ ভালেখিনি সাদৃশ্য আছে বুলি বিশেষজ্ঞ মহলত আলোচিত হৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আসন্ন মেচসমূহত ৰাহুল তনয়ৰ ওপৰত বিশেষভাৱে দৃষ্টি নিবদ্ধ হ’ব ক্ৰিকেটপ্ৰেমীসকলৰ। প্ৰাপ্ত তথ্য অনুসৰি অহা ২১ ছেপ্টেম্বৰৰ পৰা পুডুচেৰীত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ ১৯ অনুৰ্ধৰ টীম দুটাৰ মাজত ৩খন এদিনীয়া মেচ অনুষ্ঠিত হ’ব। তাৰ পিছত চেন্নাইত অনুষ্ঠিত হ’ব দুখন চাৰিদিনীয়া মেচ। ভাৰতীয় দলটোক সীমিত অ’ভাৰৰ খেলসমুহত উত্তৰ প্ৰদেশৰ মোহম্মদ  আমানে নেতৃত্ব দিয়াৰ বিপৰীতে চাৰিদিনীয়া মেচকেইখনত নেতৃত্ব দিব মধ্য প্ৰদেশৰ ছোহম পাটৱৰ্ধনে।

ভাৰতীয় ক্ৰিকেটলৈ ৰাহুল দ্ৰাবিড়ৰ বৰঙণি কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ভাৰতৰ হৈ অলেখ মেচ, উইনিং ইনিংছ খেলা প্ৰাক্তন অধিনায়কগৰাকী বহুলভাৱে সমাদৃত তেওঁৰ গুৰু-গম্ভীৰ ব্যক্তিত্বৰ বাবে। এইগৰাকী মহান ক্ৰিকেটাৰৰ পুত্ৰই ভাৰতৰ হৈ খেলাৰ খবৰে দেশৰ ক্ৰিকেটপ্ৰেমীসকলক যথেষ্ট আলোড়িত কৰিব। পিতৃৰ দৰেই সমিত ক্ৰিকেটৰ পৃথিৱীখনত জিলিকি উঠক…তাকেই কামনা কৰিব অগণন ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ