অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

- Advertisement -
- Advertisement -
- Advertisement -

♦ বিজেপি দলৰ চৰকাৰে অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ (Immigration and Foreigners (Exemption) Order) যোগেদি বিভিন্ন দেশৰ পৰা অহা বিদেশীক ভাৰতত যিদৰে নাগৰিকত্ব দিবলৈ বিচাৰিছে সেই সিদ্ধান্তৰ আমি প্ৰদেশ কংগ্ৰেছে পুনৰবাৰ বিৰোধিতা কৰিছো। বিজেপি দলে সদায়েই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ধৰণৰ ৰাজনীতি কৰি পশ্চিমবংগত বঙালীসকলৰ ভোট ল’বলৈ বিচাৰে আৰু এনে সিদ্ধান্তৰ দ্বাৰা আমাৰ অসমৰ পৰিস্থিতি তেওঁলোকে অস্থিৰ কৰি তোলে।

এহাতে বিজেপি দলে এনে পদক্ষেপৰ দ্বাৰা পশ্চিমবংগৰ সমগ্ৰ বঙালী হিন্দু মানুহৰ ভোট ল’বলৈ যায় আৰু আনহাতে ইয়াৰ দ্বাৰা অসমত গোটেই বঙালী সমাজক বাংলাদেশী সজাই তুলিবলৈ বিচাৰে। আমি বিজেপি দলৰ এনে প্ৰচেষ্টাক গৰিহণা দিছো। বিজেপি দলৰ এনে ৰাজনীতিৰ ফলস্বৰূপে অসমত বসবাস কৰা বঙালী মানুহৰ ওপৰত যেনেদৰে বাংলাদেশী বুলি এক পৰিচয় দিব বিচাৰিছে, তাৰবাবে আমাৰ সমাজৰ মাজত এক অস্থিৰতাৰ সৃষ্টি কৰিছে। বিজেপি চৰকাৰে অসমৰ বঙালী মানুহক যেন অপমান কৰাৰ এক সিদ্ধান্ত ল’বলৈ বিচাৰিছে! আমি কংগ্ৰেছ দলে বিজেপি দলৰ এনে কাৰ্য্যৰ পুনৰবাৰ গৰিহণা দিবলৈ বিছাৰিছো। মই অসমৰ বঙালী অধ্যুষিত বিভিন্ন ঠাই যেনে হোজাই, হাইলাকান্দি যি ঠাইলৈকে গৈছো অসমৰ সকলো বঙালী মানুহে কয় যে বিজেপি দলে অসমৰ বঙালীসকলক অপমান কৰাৰ এইয়া কি ধৰণৰ কাম কৰিছে?

আমি সকলোৱে অসম চুক্তি মানি চলো, কিন্তু বিজেপি দলে অসম চুক্তি অমান্য কৰে আৰু এই চুক্তিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰে। অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি কংগ্ৰেছ দলে কেতিয়াও আপোচ নকৰো বুলি বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আমাৰ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়া ডাঙৰীয়া আৰু প্ৰাক্তন সভাপতি ৰিপুন বৰা ডাঙৰীয়াই পূৰ্বে ইতিমধ্যেই সংবাদমেলযোগে অসমৰ ৰাইজক দলীয় স্থিতি অৱগত কৰিছে। মই মাথো এই আইনৰ দ্বাৰা বিশেষকৈ অসমৰ বঙালী সমাজকো আঘাত দিয়া এনে সিদ্ধান্তৰ বাবে বিজেপি চৰকাৰক গৰিহণা দিছো।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,068FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
23.6 ° C
23.6 °
23.6 °
71 %
5.8kmh
37 %
Sat
24 °
Sun
24 °
Mon
28 °
Tue
26 °
Wed
24 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15
Video thumbnail
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি | Successful NASA's Artemis-2 Mission | #notun_somoy
03:15
Video thumbnail
আধুনিক জীৱনশৈলী আৰু প্ৰদূষণৰ ভয়াৱহ পৰিণতি || #notun_somoy
03:37
Video thumbnail
ঘোষিত হ’ল ২০২৬ বৰ্ষৰ মেট্ৰিকৰ ফলাফল | উত্তীৰ্ণৰ হাৰ ৬৫.৬২% | SEBA 10th Result 2026 | #notun_somoy
03:12
Video thumbnail
বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব || #notun_somoy
03:30
Video thumbnail
আমেৰিকা-ইৰাণৰ মাজত আকস্মিক যুদ্ধবিৰতি | Ceasefire between America and Iran | #notun_somoy
02:50

শেহতীয়া আপডেটঃ