ভোট বেংকৰ ৰাজনীতি কৰা জাতিদ্ৰোহী বিজেপিৰ স্বৰূপ উদঙালে কংগ্ৰেছে

- Advertisement -
- Advertisement -
- Advertisement -

▪️বিদেশীৰ বোজা মানি লোৱা নহ’ব, ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ বিদেশীক স্বদেশী কৰাৰ বাবে অসম চুক্তি নস্যাৎ কৰি বিজেপি চৰকাৰে অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাৰ বিৰুদ্ধে আজি গৰজি উঠিছে অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্ব। অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই যুটীয়াভাৱে আজি এখন সংবাদমেলৰ আয়োজন কৰি অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ বিজেপি চৰকাৰ আৰু তেওঁলোকৰ সংগী অগপক কঠোৰ ভাষাৰে জাতিদ্ৰোহী বুলি সমালোচনা কৰে। সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই কয়, ”অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ কোনো সদিচ্ছা নাই। ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে ‘কা’ আইনৰ জৰিয়তে বাংলাদেশসহ ৩ খন দেশৰ অমুছলমান লোকসকলক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰি অসমক বিদেশীৰ চৰণীয়া পথাৰ হ’বলৈ এৰি দিয়া বিজেপিয়ে এইবাৰ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বিদেশীক স্বদেশী কৰাৰ ম্যাদ বৃদ্ধি কৰি আন এক মাধমাৰ শোধাবলৈ উদ্যত হৈছে।’’ বিদেশীক এইদৰে সময় ৰেহাই দিয়া কাৰ্যই অসমলৈ অবৈধ অনুপ্ৰৱেশকাৰী যে এতিয়াও আহি আছে সেয়া প্ৰমাণিত কৰিছে বুলিও মন্তব্য কৰে বৰাই।

তেওঁ কয়, ”প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেই অসমত থকা সকলো অবৈধ অনুপ্ৰৱেশকাৰীয়ে টালি-টোপোলা লৈ অসম এৰিব লাগিব বুলি কৈছিল। পিছে সেই প্ৰতিশ্ৰুতি অসাৰ হ’ল। অনুপ্ৰৱেশ ৰোধ কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ভোট বেংকৰ স্বাৰ্থত এই ইছ্যুটোক সদায় জীয়াই ৰাখিবহে বিচাৰিছে।’’ বৰাই ইয়াৰ জৰিয়তে বিজেপি চৰকাৰে অসমীয়া ভাষা, সংস্কৃতি আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই বুলি কৈ ভাৰতৰ সংবিধান আৰু সৰ্বোচ্চ ন্যায়ালয়ে মান্যতা দিয়া অসম চুক্তিক উলংঘা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক উক্ত অধ্যাদেশ অসমত প্ৰয়োগ কৰিব নালাগে বুলি স্পষ্টকৈ জনাবলৈও অসম চৰকাৰক সজোৰে দাবী জনায়। অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী সমস্যাৰ ভয়াৱহতা, অসম চুক্তি, বিদেশী ন্যায়াধীকৰণ, এনআৰচি আদিৰ বিষয়ে বিতংভাৱে কেন্দ্ৰক বুজাই দিব নোৱৰাটো অসম চৰকাৰৰ চূড়ান্ত বিফলতা বুলিও কয়। ‘কা’ আইন প্ৰযোজ্য কৰাৰ সময়ত চৰকাৰে অসমত ইয়াৰ সময়সীমা বৃদ্ধি কৰিব বুলি কোনেও কস্মিনকালে ভবা নাছিল যদিও এতিয়া সেয়া ১০ বছৰলৈ বৃদ্ধি কৰিলে যেতিয়া অনাগত দিনত যে আৰু বৃদ্ধি নকৰিব তাৰ কি নিশ্চয়তা আছে বুলিও প্ৰশ্ন কৰে ৰিপুণ বৰাই। ইমানৰ পিছতো ক্ষমতাৰ মোহত অন্ধ হৈ অসমৰ জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ ‘কা’ আইনৰ বিৰুদ্ধে মুখ ফুটাই মাত মাতিব নোৱৰা অগপ দলে এতিয়াও নিশ্চুপ হৈ থকা কাৰ্যতো তেওঁ আশ্চৰ্য প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ ৰাইজে অগপ দলৰ জাতীয়তাবাদৰ আঁৰৰ মুখাখন ভালকৈয়ে চিনি পাইছে। বৰাই কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট কৰি দি কয় যে কংগ্ৰেছ দলে এতিয়াও আপোচবিহীনভাৱে পূৰ্বৰ স্থিতিত অটল আছে। কেন্দ্ৰীয় চৰকাৰৰ এই আদেশক সংবিধানবিৰোধী আৰু অসমবিৰোধী আখ্যা দি আইনখন অসমত সম্পূৰ্ণৰূপে বাতিল কৰিবলৈও বৰাই দাবী জনায়।

ইফালে, সংবাদমেলত মন্তব্য কৰি ১ ছেপ্টেম্বৰৰ দিনটোত জাৰি কৰা নিৰ্দেশনাক নাগৰিকত্ব সংশোধনী আইনৰ দ্বিতীয় সংস্কাৰ আখ্যা দিয়ে দেৱব্ৰত শইকীয়াই। বিজেপি দল আৰু চৰকাৰে এক দেশ, এক ৰাষ্ট্ৰ আৰু ভোট বেংকৰ ৰাজনীতিৰে অসমীয়া জাতিসত্ত্বাক ধ্বংস কৰাৰ গভীৰ ষড়যন্ত্ৰত নামি পৰিছে বুলিও কয় বিৰোধী দলপতিগৰাকীয়ে। তেওঁ কয়, ”২০২৪ চনৰ ১৬ মে’ৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ দাড়ি-কমা অবিহনে অসম চুক্তিৰ ৫ নং, ৬ নং দফা কাৰ্যকৰী কৰা হ’ব বুলি কৈছিল৷ অসম চুক্তিৰ ৫ নং দফাত অসমৰ ক্ষেত্ৰত কোনসকল বিদেশী সেয়া উল্লেখ আছে৷ দেশৰ বাকী ঠাইত ১৯৫১ চন নাগৰিকত্বৰ ভিত্তিবৰ্ষ৷ কিন্তু অসমে ১৯৮৫ চনৰ চুক্তি অনুসৰি ১৯৭১ চনলৈ বিদেশী লৈছে৷ কিন্তু আজি চুক্তিক নস্যাৎ কৰা হৈছে৷ ৰাজীৱ গান্ধীয়ে চুক্তি স্বাক্ষৰ কৰি কৈছিল যে এনে এখন চুক্তি আহিব য’ত আমি নিজৰ নিজৰ আনন্দ প্ৰকাশ কৰিব পাৰিম৷ কোনো এটা পক্ষই বিজয়ী বুলি ভাবিব নালাগে৷ তেনে এখন আইন কৰি দিয়াৰ পিছত এই নতুন আইনৰ যোগেদি অসমীয়া মানুহক লৈ হেতালি খেলিছে৷’’ বিজেপি দল আৰু চৰকাৰে হিন্দু বাংলাদেশীক ভোটৰ ক্ষেত্ৰত ‘মোহৰা’ বনাইছে বুলিও অভিযোগ কৰে দেৱব্ৰত শইকীয়াই৷ শইকীয়াই কয়, ”কেতিয়াবা কেতিয়াবা বিজেপিয়ে হিন্দু বাঙালীসকলক কয় তেওঁলোকৰ গোচৰ প্ৰত্যাহাৰ কৰা হ’ব৷ কেতিয়াবা কয় গোচৰ প্ৰত্যাহাৰ কৰা নহয়৷ পাকিস্তান, বাংলাদেশ জন্ম নোহোৱাৰ সময়তে ব্ৰিটিছ ভাৰতত জন্মগ্ৰহণ কৰা লোকক অগপ চৰকাৰৰ দিনত যি ‘ডি’ ভোটাৰৰ সংজ্ঞা সেই সংজ্ঞাত এইখন মিত্ৰজোঁটৰ চৰকাৰৰ দিনতো ‘ডি’ ভোটাৰ হৈয়ে আছে, অপমানিত হৈয়ে আছে৷’’

১৯১২ চনৰ কৰিমগঞ্জৰ বজালীঘাটত জন্মগ্ৰহণ কৰা ৰেৱতী দাস, বিপিন ৰাম দাস, মুক্তিযুঁজাৰু প্ৰফুল্ল কুমাৰ সাহা, বিএছএফত সন্তানে কাম কৰা বন্দনা দাসক ডিটেনচন কেম্পত থোৱা হৈছে বুলিও বিস্ফোৰক তথ্য দাঙি ধৰে বিৰোধী দলপতিগৰাকীয়ে৷ এনেকৈ বিজেপিয়ে অসমত থকা সকলো ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আহিছে বুলি মন্তব্য কৰে শইকীয়াই৷ নাগৰিকত্ব সংশোধনী আইনৰ পৰা অসমক বাহিৰ কৰা দিয়া, ২০১৮ চনৰ ৬ মে’ত প্ৰধানমন্ত্ৰীক পত্ৰ লিখি আইনৰ আওতাৰ পৰা অসমক বাদ দিবলৈ আৰ্জি দিয়াৰ কথাও কয় বিৰোধী দলপতিগৰাকীয়ে।

তেওঁ কয়, ”১৯৫৮ চনত জৱাহৰলাল নেহৰুৱে ভাৰতৰ বাহিৰৰ পৰা অহা শৰণাৰ্থীক দিল্লীৰ দৰে ঠাইত ঠাই দিছিল৷ আজিও যিসকল শৰণাৰ্থী আছে তেওঁলোকক তেনে ঠাইত সংস্থাপন দিয়ক৷ তেনে নকৰি সকলোকে অসমলৈ ঠেলি আছে৷’’ কিছুদিন আগতে অসম চৰকাৰৰ গৃহ বিভাগে এক নিৰ্দেশনাযোগে বিদেশী ন্যায়াধীকৰণক অমুছলমানৰ সকলো গোচৰ বাতিল কৰি তেওঁলোকক নাগৰিকত্ব ল’বলৈ উৎসাহী কৰিছে বুলিও অভিযোগ কৰে শইকীয়াই৷ বিজেপিৰ এনে চক্ৰান্তৰ বিৰুদ্ধে অসমবাসীয়ে মাৰবান্ধি প্ৰতিবাদ কৰিব লাগে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে৷

কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সুকান্ত দাসে পাছপ’ৰ্ট, ভিছা অবিহনে প্ৰৱেশ কৰিলেও নাগৰিকত্ব দিব পৰা যাবৰ দৰে বিদেশীক উৎসাহী কৰিব পৰা বক্তব্য দিয়াৰ পিছতে অসম বিজেপি কিয় মনে মনে আছে বুলিও প্ৰশ্ন কৰে শইকীয়া। তেওঁ কয়, ”দিল্লীত বিজেপি নেতাই তেনেকুৱা অসমবিৰোধী কথা ক’ব। আনপিনে গুৱাহাটীলৈ আহি বিজেপি নেতাই কয় আমি জাতি, মাটি ভেটি ৰক্ষা কৰিম, অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিম৷ এইবিলাক কৰি এতিয়া বিজেপিয়ে অসমৰ অসমীয়া মানুহক বিপাঙত পেলাইছে৷ কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আদালতলৈ গৈছে৷ গোচৰ আদালতত চলি আছে৷’’ আদালতত চলি থকা গোচৰৰ ক্ষেত্ৰত কেনেকৈ চৰকাৰে নিৰ্দেশনা দি থাকিব পাৰে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে৷

সংবাদমেলৰ আঁত ধৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। বিধায়ক ৰেকিবুদ্দিন আহমেদ, উপ-সভাপতি মেহদী আলম বৰা, জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ আৰু মুখপাত্ৰ ৰিতম সিঙো আজিৰ এই সংবাদমেলত উপস্থিত থাকে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,255FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
27.9 ° C
27.9 °
27.9 °
71%
2.1m/s
63%
Thu
27 °
Fri
32 °
Sat
31 °
Sun
34 °
Mon
32 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ