● মধ্যপ্ৰাচ্যত তৃতীয় সপ্তাহত ভৰি দিলে ভয়ংকৰ যুদ্ধই
● ইউৰোপীয় দেশসমূহৰ সামৰিক হস্তক্ষেপৰ পৰা বিৰত থকাৰ সিদ্ধান্ত
● যুদ্ধৰ গইনা লৈ দক্ষিণ এছিয়াতো অস্থিৰতা
আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাত শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰসমূহলৈও সম্প্ৰসাৰিত হৈছে, যিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ এক নতুন ভাবুকি কঢ়িয়াই আনিছে। ‘দ্যা ষ্ট্ৰেইটছ টাইমছ’ আৰু ‘আল আৰবিয়া’ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ইজৰাইলে তেহৰাণৰ লগতে লেবাননৰ ৰাজধানী বেইৰুটত থকা হিজবুল্লাহৰ চোৰাংচোৱা মুখ্য কাৰ্যালয় আৰু দক্ষিণ লেবাননত সামৰিক আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ইৰাণ আৰু ইয়াৰ মিত্ৰ গোটসমূহে বাগদাদত থকা আমেৰিকাৰ দূতাবাসত ড্ৰোন আৰু ৰকেট আক্ৰমণ সংঘটিত কৰিছে।ৰাষ্ট্ৰসংঘৰ সংবাদ সংস্থাই প্ৰকাশ কৰিছে যে যুদ্ধই তৃতীয় সপ্তাহত ভৰি দিয়াৰ লগে লগে কেৱল লেবাননতেই ৮ লাখৰো অধিক লোক গৃহহীন হৈছে ।
যুদ্ধৰ অৰ্থনৈতিক প্ৰভাৱে উপসাগৰীয় দেশসমূহৰ শক্তি খণ্ডটোক প্ৰভাৱিত কৰিছে। ‘দ্যা টাইমছ অৱ ইণ্ডিয়া’ আৰু ‘আল আৰবিয়া’ৰ বাতৰি অনুসৰি, ইৰাণৰ শেহতীয়া ড্ৰোন আক্ৰমণৰ ফলত আবুধাবিৰ শ্বাহ তৈলক্ষেত্ৰ আৰু শ্বাৰজাহৰ পেট্ৰলিয়াম ভঁৰালত ভয়ংকৰ অগ্নিকাণ্ডৰ সৃষ্টি হোৱাৰ লগতে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিমান চলাচল সাময়িকভাৱে বাতিল কৰিবলগীয়া হৈছে। চৌদি আৰৱে নিজৰ আকাশমাৰ্গত ৩৪ টাকৈ ড্ৰোন সফলতাৰে ধ্বংস কৰিছে যদিও, এই ধাৰাবাহিক আক্ৰমণৰ ফলত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰৰ ওপৰত আছে। ‘দ্যা গাৰ্ডিয়ান’ৰ এক প্ৰতিবেদন মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালী মুকলি কৰিবলৈ নাটো মিত্ৰদেশসমূহলৈ আহ্বান জনাইছে যদিও জাৰ্মানীকে ধৰি ইউৰোপীয় দেশসমূহে সামৰিক হস্তক্ষেপৰ পৰা বিৰত থকাৰ স্থিতি গ্ৰহণ কৰিছে।
সামৰিক উত্তেজনাৰ মাজতেই গোলকীয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কূটনৈতিক প্ৰচেষ্টাও আৰম্ভ হৈছে। ‘আল আৰবিয়া’ই প্ৰকাশ কৰা অনুসৰি, আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰত্যক্ষ যোগাযোগ পুনৰ আৰম্ভ হৈছে আৰু তেহৰাণে যুদ্ধ সমাপ্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। আন এক তাৎপৰ্যপূৰ্ণ ভূ-ৰাজনৈতিক ঘটনাক্ৰমত, কুৱেইটৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি ‘দ্যা টাইমছ অৱ ইণ্ডিয়া’ই জনাইছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইৰাণৰ আঘাতপ্ৰাপ্ত নতুন সৰ্বোচ্চ নেতা মোজতাবা খামেনেইক উন্নত চিকিৎসাৰ বাবে ৰাছিয়ালৈ নিবলৈ তেহৰাণলৈ এখন বিশেষ বিমান প্ৰেৰণ কৰিছে। ইফালে, লেবাননত ইজৰাইলৰ সম্ভাৱ্য স্থল আক্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু ব্ৰিটেইনে এক যৌথ বিবৃতি প্ৰকাশ কৰিছে।
যুদ্ধ দীঘলীয়া হোৱাৰ লগে লগে জড়িত দেশসমূহৰ সামৰিক আৰু আভ্যন্তৰীণ অৱস্থাৰ ওপৰত তীব্ৰ চাপ পৰা পৰিলক্ষিত হৈছে। ‘য়েনি ছাফাক’ৰ এক প্ৰতিবেদন অনুসৰি, ইজৰাইল চৰকাৰে তেওঁলোকৰ মিছাইল প্ৰতিৰোধক ব্যৱস্থাৰ ঘাটি পূৰণ কৰিবলৈ তাৎক্ষণিকভাৱে ৮২৫ মিলিয়ন ডলাৰৰ এক জৰুৰীকালীন বাজেটত অনুমোদন জনাইছে। আনহাতে, ইৰাণৰ আৰক্ষীয়ে যুদ্ধ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে চোৰাংচোৱাগিৰিৰ অভিযোগত ৫০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰি আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। আমেৰিকাৰ শক্তি মন্ত্ৰী ক্ৰিছ ৰাইটে এই সংঘাত কেইবা সপ্তাহৰ ভিতৰতে সমাপ্ত হোৱাৰ ইংগিত দিছে যদিও, ইৰাণে নিজৰ নতুন অস্ত্ৰভাণ্ডাৰ প্ৰদৰ্শন কৰি এক দীৰ্ঘম্যাদী যুদ্ধৰ হুংকাৰ দিয়াৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি এতিয়াও গভীৰ অনিশ্চয়তাৰ মাজত আৱদ্ধ হৈ আছে।
নিউজ ডেস্ক ৰিপৰ্ট,নতুন সময়











