ধ্ৰুপদী ভাষা কি – জানো আহক!

- Advertisement -
- Advertisement -
- Advertisement -
দেৱাংগ ভূষণ হাজৰিকা
যোৱা ৩ অক্তোবৰ, ২০২৪ তাৰিখে কেন্দ্ৰীয় কেবিনেটে অসমীয়া, মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাক আনুষ্ঠানিকভাৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰে।
ধ্ৰুপদী ভাষা (Classical language) মানে কি আগতে জনা নাছিলো। ইণ্টাৰনেটত পোৱা বিভিন্ন লেখা আৰু বাতৰিৰ পৰা তলত দিয়া তথ্যখিনি লাভ কৰিলো :

কেন্দ্রীয় চৰকাৰে ২০০৪ চনত ভাষাৰ ক্ষেত্ৰত ধ্ৰুপদী ভাষা (classical language) নামেৰে এটা শিতান/বিভাগৰ সৃষ্টি কৰে।

দীৰ্ঘ আৰু চহকী ইতিহাস, প্ৰাচীন সাহিত্য, সাংস্কৃতিক ঐতিহ্য থকা ভাষাসমূহক সন্মান জনাই এই শিতানটো সৃষ্টি কৰা হৈছিল।

ইয়াৰ মাপকাঠিসমূহ এনেদৰে নিৰ্দ্ধাৰণ কৰা হৈছে :

ভাষাটোৰ ১৫০০-২০০০ বছৰ পুৰণি উচ্চখাপৰ প্ৰাচীন গ্ৰন্থ বা লিপিবদ্ধ ইতিহাস থাকিব লাগিব।

প্ৰজন্মৰ পৰা প্ৰজন্মই কঢ়িয়াই ফুৰা আৰু ঐতিহ্যক বহন কৰা পৰ্যাপ্ত সাহিত্যিক সমলৰ উপস্থিতি বিদ্যমান হ’ব লাগিব।

অন্য ভাষাৰ আলম নোলোৱাকৈ সৃষ্টি হোৱা এক মৌলিক ভাষিক আৰু সাহিত্যিক পৰম্পৰা থাকিব লাগিব।

ধ্ৰুপদী ভাষা আৰু সাহিত্য আধুনিকৰ পৰা পৃথক হ’ব লাগিব।অৱশ্যে ইয়াৰ পিছৰ ৰূপ বা শাখাৰ মাজত বিচ্ছিন্নতাও থাকিব পাৰে।

২০০৪ চনৰ ১২ অক্টোবৰত প্ৰথম তামিল ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল।

২০০৪ চনৰ নৱেম্বৰ মাহত সাহিত্য অকাডেমীৰ অধীনত সাংস্কৃতিক মন্ত্ৰালয়ে গঠন কৰা ভাষা বিশেষজ্ঞ সমিতি (Linguistic Experts Committee-LEC)য়ে মাপকাঠীসমূহ পৰ্যালোচনা আৰু সংশোধন কৰি ২০০৫ চনত ‘সংস্কৃত’ক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্রদান কৰে।

ইয়াৰ পিছতে তেলেগু (২০০৮) , কান্নাড়া(২০০৮), মালায়ালম(২০১৩), উড়িয়া(২০১৪) আৰু যোৱা ৩ অক্তোবৰ,২০২৪ তাৰিখে কেন্দ্ৰীয় কেবিনেটে অসমীয়া,মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাক আনুষ্ঠানিকভাৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰে।

মহাৰাষ্ট্ৰ, বিহাৰ, অসম আৰু পশ্চিম বংগৰ পৰা মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক স্বীকৃতি দিয়াৰ প্ৰস্তাৱসমূহ এল ই চিৰ দ্বাৰা পৰ্যালোচনা কৰা হৈছিল। বিস্তৃত আলোচনাৰ অন্তত সমিতিয়ে ২০২৪ চনৰ ২৫ জুলাইত অনুষ্ঠিত এখন বৈঠকত সৰ্বসন্মতিক্ৰমে এই ভাষাসমূহক ধ্ৰুপদী মৰ্যাদাৰ বাবে পৰামৰ্শ আগবঢ়ায়।

এতিয়ালৈকে শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ প্ৰসাৰৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, য’ত সংস্কৃতক প্ৰচাৰৰ বাবে ২০২০ চনত তিনিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু প্ৰাচীন তামিল গ্ৰন্থ অনুবাদ আৰু গৱেষণাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা কেন্দ্ৰীয় ধ্ৰুপদী তামিল প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে। মহীশূৰৰ কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠানৰ অধীনত কান্নাড়া, তেলেগু, মালায়ালম আৰু ওডিয়া ভাষা অধ্যয়নৰ বাবে উৎকৃষ্টতা কেন্দ্ৰও ইতিমধ্যে স্থাপন কৰা হৈছে।

অসমীয়াৰ লগতে উপৰোক্ত ভাষাসমূহক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ ফলত শৈক্ষিক, গৱেষণা, আৰ্কাইভিং, অনুবাদ আৰু ডিজিটেল মাধ্যমত নিয়োগৰ নতুন পথ মুকলি হ’ব বুলি আশা কৰিছো। প্ৰাচীন গ্ৰন্থসমূহ সংৰক্ষণ আৰু ডিজিটেলাইজেচনে এই ক্ষেত্ৰসমূহত নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে।

ধ্ৰুপদী ভাষাসমূহে ভাৰতৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ গুৰুত্বপূৰ্ণ ৰক্ষক হিচাপে কাম কৰে, যিয়ে সমগ্ৰ দেশৰ বিভিন্ন সম্প্ৰদায়ৰ ঐতিহাসিক মাইলৰ খুঁটিসমূহক প্ৰতিনিধিত্ব কৰে। এই পদক্ষেপে সাংস্কৃতিক গৌৰৱ বৃদ্ধি কৰিব আৰু এই ভাষাসমূহৰ সৈতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শৈক্ষিক সংযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

তথ্যৰ সমল: ANI, DD News,The Hindu, Notifications from Press information bureau-Ministry of Culture, Govt of India

- Advertisement -

গুৱাহাটীঃ

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ