সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত ‘আপ’ৰ নতুন ৰাজ্যিক কমিটী গঠন

- Advertisement -
- Advertisement -
- Advertisement -

♦ ৪৩ জনীয়া কমিটীৰ সৈতে সংলগ্ন কৰা হৈছে ১১ জনীয়া মুখপাত্ৰ কমিটী
♦ দুগৰাকী সাধাৰণ সম্পাদক, ৩ উপ সভাপতি, ১২ সাংগঠনিক সম্পাদক, ১২ যুটীয়া সম্পাদক, ১১ মুখপাত্ৰ

গুৱাহাটীঃ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠন হ’ল নতুন কমিটী। ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ ১৫ দিনৰ ভিতৰতে ধানোৱাৰে গঠন কৰিলে ৪৩ জনীয়া শক্তিশালী কমিটী। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপৰি ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ পূৰ্বে আপৰ সাংগঠনিক ভেটি সুদৃঢ় ৰূপে গঢ়ি তুলিবলৈ উজনি, নামনি, বৰাক, ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ সৰহসংখ্যক জিলাৰ পৰাই নতুন সমিতিত বিষয়ববীয়া অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বে উপ সভাপতি হিচাপে দায়িত্ব পালন কৰা ৰাজীৱ শইকীয়াক নতুন কমিটীৰ সাধাৰণ সম্পাদক(সাংগঠনিক)ৰ গুৰুদায়িত্ব অৰ্পণ কৰা হৈছে। সভাপতি ধানোৱাৰৰ নেতৃত্বত গঠিত কমিটীত উপ সভাপতি হিচাপে দায়িত্ব লাভ কৰিছে তিনিগৰাকী জ্যেষ্ঠ নেতাই। তেওঁলোক ক্ৰমে ডঃ মামুন ইমদাদুল হক চৌধুৰী, সৌমিক সেনগুপ্ত আৰু অনুৰূপা ডেকাৰজা। পূৰ্বে দলৰ মুখপাত্ৰৰ দায়িত্ব পালন কৰি অহা প্ৰাক্তন এচিএছ পুনম গগৈক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। ৰাজ্যিক মিডিয়া সমন্বয়ক পদত গুৰপ্ৰীত সিং উপ্পল, সম্পাদক (প্ৰশাসন) ৰ দায়িত্বত ভিক্টৰ গগৈ, দলীয় ইভেণ্ট তত্বাৱধায়ক পদত ঋষিৰাজ কৌণ্ডিন্য, মহিলা শক্তিৰ ৰাজ্যিক সভাপতি হিচাপে জিএমচিৰ ৱাৰ্ড কমিছনাৰ মাছুমা বেগম, ৰাজ্যিক স্বেচ্ছাসেৱক প্ৰশিক্ষণ সমন্বয়ক জয়ন্ত কুমাৰ কলিতা, ৰাজ্যিক তথ্য প্ৰযুক্তি কোষৰ দায়িত্বত অম্লানজ্যোতি হাতীবৰুৱা, ৰাজ্যিক গৱেষণা আৰু বিশ্লেষণ বিভাগৰ দায়িত্বত লক্ষ্মীকান্ত ডুবে, ৰাজ্যিক যুৱ শক্তিৰ তত্বাৱধায়ক ৰুদ্ৰাংকুৰ হাজৰিকা, ৰাজ্যিক যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া, আইন কোষৰ সমন্বয়ক আলাউদ্দিন আহমেদ, চি ৱাই এছ এছৰ ৰাজ্যিক তত্বাৱধায়ক দিব্যজ্যোতি কুলী, চি ৱাই এছ এছৰ সভাপতি পদত সৃজয় চন্দ্ৰ বড়োক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। তদুপৰি ৪৩ জনীয়া কমিটীত ১২ গৰাকী সাংগঠনিক সম্পাদক আৰু ১২ গৰাকী যুটীয়া সম্পাদক অন্তৰ্ভুক্ত কৰা হৈছে। সংবাদ মাধ্যমত দলৰ বক্তব্য প্ৰকাশৰ বাবে মূল ৰাজ্যিক কমিটীৰ সৈতে সংলগ্ন কৰা হৈছে ১১ জনীয়া মুখপাত্ৰ কমিটী। ৰাজ্যিক মিডিয়া সমন্বয়ক গুৰপ্ৰীত সিং উপ্পল, জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা, ৰমেন বৰঠাকুৰ, পুনম গগৈৰ সৈতে আন ৭ গৰাকীয়ে মুখপাত্ৰৰ দায়িত্ব লাভ কৰিছে। তেওঁলোক ক্ৰমে অম্লানজ্যোতি হাতীবৰুৱা, দিব্যজ্যোতি কুলী, জাৰবম কুটুম, মাছুমা বেগম, নীলমণি শইকীয়া, ৰামা পৰিহাৰ আৰু ৰুদ্ৰাংকুৰ হাজৰিকা। ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত আজি নতুন কমিটী ঘোষণা হোৱাত দলীয় কৰ্মী, সমৰ্থক সকল উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। নতুন ৰাজ্যিক কমিটীয়ে শীঘ্ৰেই দলৰ ছাত্ৰ, যুৱ আৰু মহিলা শক্তিৰ পূৰ্ণাংগ কমিটী সমূহ গঠন কৰিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,919FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
clear sky
22.4 ° C
22.4 °
22.4 °
86 %
2.5kmh
0 %
Thu
22 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ