শোণিতপুৰত হস্তীৰ বসতি জনিত সমস্যা আৰু সংঘাতৰ ৰেহৰূপ

- Advertisement -
- Advertisement -
- Advertisement -

শোণিতপুৰত হস্তীৰ বসতি জনিত সমস্যা আৰু সংঘাতৰ ৰেহৰূপ
হাতীৰ বসতি স্থানৰ সংকোচন আৰু প্ৰব্ৰজন পথত বাধা আৰোপ
খাদ্যাভ্যাসৰ পৰিৱৰ্তন ঘটিছে হস্তীকুলৰ
মানুহেই হাতীক অধিক মানৱ বৈৰী হ’বলৈ বাধ্য কৰিছে

শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হস্তীৰ বসতি জনিত সমস্যা সমূহ লক্ষ্য কৰিলে দেখা যায় যে ই এক ভিন্ন মুখী সমস্যা। ইয়াক শ্ৰেণীবদ্ধ ৰূপত এনেদৰে দেখা যায়।
( ১) হাতীয়ে হিমালয়ৰ পাদদেশত থকা জলাশয় সমৃদ্ধ অৰণ্য অঞ্চলত প্ৰাকৃতিক ভাৱে বিজাৰিত হোৱা তৰাগছ, কলগছ,ঔটেঙা আদি উদ্ভিদ সমূহ খাদ্য হিচাপে গ্ৰহণ কৰি বৰ্তি থাকে। অৰণ্যভূমি বিনষ্টিকৰণৰ লগে লগে এই খাদ্য সম্ভাৰ সমূহৰ নাটনীয়ে দেখা দিছে। ঔটেঙা গছৰ ফল হাতীৰ অতি প্ৰিয় খাদ্য। কিন্তু ঔ গছৰ খৰি অতি উন্নত মানৰ বুলি বিবেচিত হোৱাৰ বাবে চোৰাং খৰিকটীয়াৰ হাতত পৰি এই প্ৰজাতিৰ উদ্ভিদ প্ৰায় দুষ্প্ৰাপ্য হোৱাৰ নিচিনা হৈছে। আনহাতে তৰাগছ মানুহৰ খাদ্যৰ উপৰিও বিভিন্ন ৰচী জাতীয় বস্তু তৈয়াৰৰ উপযোগী হোৱাৰ বাবে অধিক হাৰত বিনষ্ট হৈছে। মানুহৰ এনে অগ্ৰাসনৰ ফলত হস্তীকুল মানুহৰ বসতি অঞ্চললৈ প্ৰব্ৰজিত হ’বলৈ বাধ্য হৈছে।
(২) সকলো জীৱ প্ৰজাতিৰে সময় সাপেক্ষ জনসংখ্যা বৃদ্ধি এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। সময়ৰ লগে লগে হাতীৰ জনসংখ্যা বৃদ্ধি আৰু সিহঁতৰ বসতি অঞ্চলৰ সংকোচন হাতীৰ বাবে এক পাৰিপাৰ্শ্বিক বসতি স্থান জনিত সমস্যাত পৰিণত হৈছে। ফলস্বৰূপে পূৰ্বৰ বনাঞ্চলত গঢ় লৈ উঠা বনগাঁও সমূ্হৰ শস্যক্ষেত্ৰ আৰু জনবসতি অঞ্চলত হাতীৰ উপদ্ৰৱ হাতীৰ বাবে নিজ বাসভূমিত দখলীস্বত্বৰ প্ৰত্যাহ্বানৰ ফলাফল।
(৩) নিৰবিচ্ছিন্ন বসতি বনাঞ্চলৰ পৰা পূৰ্বে উল্লেখ কৰা বিচ্ছিন্ন বনাঞ্চল সমূহলৈ ঋতু ভেদে প্ৰব্ৰজন কথাতো হাতীৰ এক স্বাভাৱিক চৰিত্ৰ আৰু পৰম্পৰা। এনে ভ্ৰমণৰ জৰিয়তে হাতীয়ে বিচ্ছিন্ন বনাঞ্চল সমূহৰ পৰা খাদ্যৰ প্ৰয়োজন পূৰণ কৰে। কিন্তু হাতীৰ প্ৰব্ৰজন পথত বৰ্তমান গঢ় লৈ উঠা জনবসতি অঞ্চল সমূহে সিহঁতৰ প্ৰব্ৰজন পথত বাধাৰ সৃষ্টি কৰিছে। ফলস্বৰূপে সেই পথত গঢ় লৈ উঠা কৃষিক্ষেত্ৰ আৰু বসতি অঞ্চলত হাতীৰ উপদ্ৰৱ এক নৈমিত্তিক ঘটনাত পৰিণত হৈছে। এই কথা হস্তী বিষাৰদৰ কথাতো উল্লেখ আছে যে হাতীৰ প্ৰব্ৰজন পথ প্ৰতিবছৰে একেই থাকে।
(৪) হাতীৰ প্ৰব্ৰজন পথ সমূহ মানুহে অৰ্থনৈতিক আৰু বসতিৰ প্ৰয়োজনত নিজৰ অধীনলৈ আনি হাতীৰ স্বাভাৱিক অহা-যোৱাত হেঙাৰ তৰিছে। হাতীৰ ভূল নথকাৰ পিছতো মানুহে হাতীৰ প্ৰতি নেতিবাচক মনোভাব গ্ৰহণ কৰিছে। হাতীৰ যাত্ৰাপথত গঢ়ি উঠা ঘৰ দুৱাৰ, কাৰখানা, শস্যক্ষেত্ৰ, পকীদেৱাল, উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ তাঁৰ আদি হাতীয়ে ধ্বংস কৰি নিজৰ ভ্ৰমণ পথ সুচল কৰিবলৈ চলোৱা সংগ্ৰামৰ বাবে মানুহে ওলোটাই হাতীকে দোষাৰোপ কৰিবলৈ লৈছে আৰু বিষক্ৰিয়া ঘটাই হস্তীনিধনো ঘটাইছে।

হাতীৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তনো হস্তী উপদ্ৰৱৰ এক গুৰুতৰ কাৰণঃ
জনবসতিৰ সংস্পৰ্শলৈ অহাৰ ফলত হাতীৰো স্বভাৱ জনিত কিছুমান পৰিৱৰ্তন পৰিলক্ষিত হৈছে। পূৰ্বতে বনাঞ্চলীয় ফল-মূল আৰু উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল হাতীয়ে বৰ্তমান জনবসতি পূৰ্ণ অঞ্চল আৰু শস্য পথাৰৰ মাজেৰে ভ্ৰমণ কৰিবলৈ লৈছে। ইয়াৰ ফলত হস্তীকুলৰ খাদ্যাভ্যাসৰ লক্ষণীয় পৰিৱৰ্তন ঘটিছে। ধান, কুঁহিয়াৰ, ৰঙালাও আদি সিহঁতৰ খাদ্য তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। কেৱল ইমানেই নহয়, জনজাতীয় বনগাঁও সমূহত পোৱা থলুৱা সুৰাৰ সোৱাদ হাতীৰ বাবে আকৰ্ষণীয় খাদ্য হিচাপে পৰিগণিত হৈছে। সেয়েহে বহুতো চাহ বাগিচা আৰু জনজাতীয় গাঁৱত সম্প্ৰতি হাতীয়ে এই খাদ্য বিচাৰি উপদ্ৰৱ কৰাও দেখা গৈছে। ইমান অত্যাচাৰৰ পিছত হাতীক ভেতিবলৈ গৈ মানুহে হাতীক অধিক হিংস্ৰ আৰু মানৱ বৈৰী হ’বলৈ বাধ্য কৰি তুলিছে।

ইয়াৰ পিছৰ প্ৰতিবেদনত উল্লেখ কৰা হ’ব হাতী মানুহৰ সংঘাতৰ সমাধানৰ সম্যক পথৰ সন্ধান আৰু ৰাজনৈতিক ভোটলিপ্সাৰ ফলাফল।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,923FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
24 ° C
24 °
24 °
78 %
2.7kmh
61 %
Thu
23 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ