মেডিকেল শিক্ষাৰ্থীৰ লক্ষ্যস্থান বাংলাদেশ

- Advertisement -
- Advertisement -
- Advertisement -
  • চুবুৰীয়া ৰাষ্ট্ৰখনলৈ ধাৱমান দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰী
  • তুলনামূলকভাৱে কম খৰছী, গুণগত মান উন্নত বাবে ছাত্ৰ-ছাত্ৰীৰ বাঢ়িছে আগ্ৰহ

নিউজ ডেস্কঃ অৰ্থনৈতিকভাৱে পিছপৰা হৈয়ো বাংলাদেশ এতিয়া মেডিকেল শিক্ষাৰ প্ৰতি আগ্ৰহী অগণন মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সপোনৰ লক্ষ্য স্থান।অব্যাহত থকা ৰাজনৈতিক অশান্তিৰ মাজতো বাংলাদেশ বিশেষভাৱে চুবুৰীয়া দেশ ভাৰতৰ উচ্চাকাংক্ষী চিকিৎসা শিক্ষাৰ্থীৰ বাবে এক গন্তব্যস্থল হিচাপে পৰিগণিত হৈছে। ইয়াৰ সুলভ শিক্ষা, স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান, আৰু যথেষ্ট সুযোগৰ বাবে ই চিকিৎসা বিজ্ঞানত কেৰিয়াৰ গঢ়িবলৈ বিচৰা হাজাৰ হাজাৰ ভাৰতৰ উপৰি বহু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

Medical Colleges in Bangladesh | MBBS in Bangladesh 2024

এই ক্ৰমবৰ্ধমান ধাৰাটোৰ মূলতে হৈছে বাংলাদেশৰ চিকিৎসা শিক্ষাৰ খৰছ আনদেশৰ তুলনাতকৈ যথেষ্ট কম।ভাৰতৰ অধিকাংশ ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ে বছৰি ১২ৰ পৰা ২৫ লাখ টকাৰ ভিতৰত শৈক্ষিক মাচুল সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে বাংলাদেশে প্ৰায় ২৫ লাখ টকাত সম্পূৰ্ণ এমবিবিএছ ডিগ্ৰী প্ৰদান কৰে। সীমিত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আসনৰ বাবে তীব্র প্রতিযোগিতাৰ সন্মুখীন হোৱা ভাৰতীয় ছাত্র-ছাত্রীসকলৰ বাবে এই আর্থিক সকাহ বিশেষভাৱে আকর্ষণীয়৷

Eligibility To Study MBBS in Bangladesh - Rus Education

গুণগত পাঠ্যক্ৰম আৰু যোগ্য অধ্যাপকৰ বাবে বিখ্যাত বাংলাদেশৰ চিকিৎসা শিক্ষা ব্যৱস্থা এই আকৰ্ষণৰ আন এক মূল কাৰক। বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰতৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে বাংলাদেশৰ কেইবাখনো চিকিৎসা বিশ্ববিদ্যালয়ক স্বীকৃতি প্ৰদান কৰি শিক্ষাৰ মানদণ্ড আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পূৰণ কৰাটো নিশ্চিত কৰে। চুবুৰীয়া ৰাষ্ট্ৰীখনৰ প্ৰায় ২৫% চিকিৎসা আসন অনা-থলুৱা ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত। যাৰ বাবে ভাৰতৰ অতি প্ৰতিযোগিতামূলক ব্যৱস্থাত আসন লাভ কৰিব নোৱাৰাসকলৰ বাবে বাংলাদেশ এক পছন্দৰ স্থান হৈ পৰিছে।

লিভাৰেজ ডট বিজৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অক্ষয় চতুৰ্বেদীয়ে ব্যাখ্যা কৰে যে, “ভাৰতৰ ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়সমূহৰ তুলনাত বাংলাদেশে অধিক সুলভ বিকল্প আগবঢ়ায়।আৰু ইয়াৰ বেছিভাগ প্ৰতিষ্ঠানেই WHO আৰু MCI স্বীকৃতিপ্ৰাপ্ত।যাৰ ফলত কম খৰচত গুণগত শিক্ষা বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই এক কাৰ্য্যকৰী বিকল্প৷” বৰ্তমান বাংলাদেশত ১৯ হাজাৰৰো অধিক ভাৰতীয় নাগৰিক আছে, য’ত ৯ হাজাৰ লোকে চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি আছে। ২০২০ চনত বাংলাদেশত অধ্যয়নৰত ২,৩১৭ গৰাকী আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আছিল। ২০২১ চনত এই সংখ্যা ২২৮১ আৰু ২০২২ চনত ১৯৫৭ গৰাকী হয়গৈ।

Amid tensions in Bangladesh, Around 500 Indian Medical Students in dilemma  over academic loss and patient care

সংৰক্ষণ বিৰোধী প্ৰতিবাদ আৰু শেহতীয়া ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ ফলত বিধ্বস্ত বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশে ৪৫০০ৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উভতি যাবলৈ বাধ্য কৰাইছে। তথাপিও বাকী ছাত্ৰ-ছাত্ৰীসকলে স্বীকৃতিপ্ৰাপ্ত অৰ্হতা আৰু নিয়োগ সম্ভাৱনাৰ প্ৰতিশ্ৰুতিৰে আকৰ্ষিত হৈ পঢ়া-শুনা অব্যাহত ৰাখিছে।

MBBS In Bangladesh 2024 | Cheap Fees MBBS Admission In BD

বাংলাদেশত চিকিৎসা শিক্ষাৰ আবেদনত SAARC (South Asian Association for Regional Cooperation)ৰ ৰাষ্ট্ৰ সমূহৰ আবেদনকাৰী সকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে।ইয়াৰ দ্বাৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক নিৰ্বাচিত প্ৰতিষ্ঠানত অতি কম মাছুলৰ বিনিময়ত MBBS শিক্ষা প্ৰদান কৰে। ভাৰতত ব্যক্তিগত কলেজৰ খৰচ বহন কৰিব নোৱাৰাসকলৰ বাবে ই এক অতুলনীয় সুযোগৰ সৃষ্টি কৰিছে।

South Asian Association for Regional Cooperation (SAARC) - Gokulam Seek IAS  Academy

বাংলাদেশৰ চিকিৎসা বিজ্ঞান শিক্ষাৰ ব্যয়সাধ্যতা, উচ্চমানৰ শিক্ষা, আৰু চাকৰিৰ সুযোগৰ সমন্বয়ে হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ লগতে আন দেশৰ ছাত্র-ছাত্ৰীকো দেশখনলৈ আকৰ্ষণ কৰি আহিছে। সাম্প্ৰতিক সময়ত চিকিৎসা পেছাদাৰীৰ বিশ্বব্যাপী চাহিদা বৃদ্ধি পোৱাৰ লগে লগে বাংলাদেশে দক্ষিণ এছিয়াৰ স্বাস্থ্যসেৱাৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত এক অন্যতম অৱদানকাৰী দেশ হৈ উঠিছে।

- Advertisement -

গুৱাহাটীঃ

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ