১৩২ বছৰ গৰকা অসমৰ খাৰুৱা তেলৰ ইতিহাস, ১২০ বছৰ পিছত ডিগবৈৰ শোধন ক্ষমতা হ’ল ০.৫০ৰ পৰা মাত্ৰ ১ নিযুত টন

- Advertisement -
- Advertisement -
- Advertisement -
  • অদীপ কুমাৰ ফুকন

কেন্দ্ৰীয় চৰকাৰে অসমৰ ডিগবৈ তেল শোধনাগাৰৰ শোধন ক্ষমতা ০.৩৫ মিলিয়ন মেট্ৰিক টন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ পূৰ্বৰ ০.৬৫ মিলিয়ন মেট্ৰিক টনৰ পৰা ১ মিলিয়ন মেট্ৰিক টন শোধন ক্ষমতা হ’ব৷ কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰসংগত কিছু মুকলি আলোচনা কৰাৰ প্ৰয়োজন আছে৷

ভাৰতৰ খাৰুৱা তেলৰ ইতিহাস আৰম্ভ হৈছে অসমৰ ভূমিৰ পৰা৷ ১৮৮৯ৰ ১৯ অক্টোবৰ৷ ভাৰতীয় খাৰুৱা তেল উদোগৰ ইতিহাসৰ সোণালী দিন৷ ডিগবৈৰ বৰবিলত পোৱা গ’ল খাৰুৱা তেল৷ ডিগবৈত উৎপাদিত খাৰুৱা তেল শোধন কৰাৰ বাবে মাৰ্ঘেৰিটাত এটা সৰু শোধনাগাৰ স্থাপন কৰা হয় যদিও ১৯০১ চনত অসম অইল কোম্পানীয়ে ডিগবৈত আৰম্ভ কৰিলে ০.৫০ নিযুত টন ক্ষমতাসম্পন্ন শোধনাগাৰ৷ ভাৰত তথা এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ৷ ডিগবৈ শোধনাগাৰে বিশ্বৰ খাৰুৱা তেল উদ্যোগৰ ওচৰত পৰিচিত কৰাইছিল অসমক, ভাৰতক৷ ১৩২ বছৰ গৰকিলে অসমৰ তৈল ক্ষেত্ৰৰ উদ্যোগে, কিন্তু অসমৰ এই তৈল ক্ষেত্ৰখনলৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ সহযোগ আজিও প্ৰশ্নবোধক হৈ থাকিল৷ ১৯৮৯ চনত ডিগবৈৰ অসম অইল কোম্পানীক ভাৰতীয় তেল নিগম লিমিটেড (আইঅ’চিএল)ৰ লগত সংলগ্ন কৰিলে৷ ভাৰতৰ প্ৰথমটো শোধনাগাৰ প্ৰতিষ্ঠাৰ ৯৫ বছৰৰ পাছত ১৯৯৬ত ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা ভাৰত চৰকাৰে ০.৫০ৰ পৰা ০.৬৫ নিযুত টনলৈ বৃদ্ধি কৰিলে৷ ১৯৯৬ চনৰ পৰা ২৫ বছৰৰ পাছত ১২০ বছৰীয়া এছিয়াৰ প্ৰথমটো শোধনাগাৰৰ শোধন ক্ষমতা ০.৩৫ নিযুত টন বৃদ্ধি কৰি ১ নিযুত টন শোধন ক্ষমতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় চৰকাৰ তথা আইঅ’চিএলৰ এনে সিদ্ধান্তক সহজভাৱে লোৱা উচিত হ’বনে? অসমৰ তৈল ক্ষেত্ৰৰ ওপৰত আলোচনা কৰিলেই স্পষ্ট হৈ পৰে কেন্দ্ৰীয় চৰকাৰৰ চৰিত্ৰ আৰু ভাৰতীয় তেল নিগম লিমিটেডৰ অসমৰ প্ৰতি প্ৰবঞ্চনা তথা লুণ্ঠনসৰ্বস্ব চৰিত্ৰ৷

বঙাইগাঁও শোধনাগাৰ

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ‘এক্ট ইষ্ট পলিচী’ অসমৰ বাবে এক ৰাজনৈতিক শ্ল’গান হৈ থাকিব৷ তৈল খণ্ডৰ কাৰ্যালয় ডিগবৈ আৰু গুৱাহাটীৰ পৰা কলকাতালৈ স্থানান্তৰ কৰাটোৱেই ‘এক্ট ইষ্ট পলিচী’ নেকি? অসমৰ ক্ষেত্ৰত আইঅ’চিএলে ‘এক্ট ইষ্ট পলিচী’ৰ সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগীৰে কাম কৰি আহিছে৷ দেশৰ শোধনাগাৰসমূহলৈ লক্ষ্য কৰিলেই অসমৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু আইঅ’চিএলৰ বঞ্চনাৰ ছবিখন স্পষ্ট হৈ পৰে৷ অসমৰ চাৰিটা শোধনাগাৰৰ তিনিটা শোধনাগাৰ অসমৰ ৰাইজে আন্দোলন কৰি, কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰি প্ৰতিষ্ঠা কৰা৷ অসমৰ বাহিৰৰ শোধনাগাৰসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু আইঅ’চিএলে সময়ে সময়ে গ্ৰহণ কৰা সিদ্ধান্তসমূহে আমাক এনে ধৰণৰ ধাৰণা ল’বলৈ বাধ্য কৰে৷ অসমৰ খাৰুৱা তেলৰ দ্বাৰা ১৯৬৪ চনত বিহাৰৰ বাৰাউনীত ২ নিযুত টন ক্ষমতাৰ বাৰাউনী তেল শোধনাগাৰ স্থাপন কৰা হৈছিল৷ নাহৰকটীয়াৰ পৰা বাৰাউনীলৈ মুঠতে ১,১৬৭ কিলোমিটাৰ পাইপ লাইন নিৰ্মাণ কৰি খাৰুৱা তেল প্ৰেৰণ কৰা হৈছিল৷ বাৰাউনী শোধনাগাৰ স্থাপন কৰা পাঁচ বছৰৰ পাছতে ১৯৬৯ত কেন্দ্ৰীয় চৰকাৰ তথা আই অ’ চি এলে বাৰাউনী শোধনাগাৰৰ ক্ষমতা ৩ নিযুত টনলৈ বৃদ্ধি কৰিলে৷ পাছত ৬ নিযুত টনলৈ শোধন ক্ষমতা বৃদ্ধি কৰি বৰ্তমান কেন্দ্ৰীয় চৰকাৰে ৯ নিযুত টনলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ২৫ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ১৯৬২ চনতে স্থাপন হোৱা ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ শোধনাগাৰ অসমৰ গুৱাহাটীৰ নুনমাটি শোধনাগাৰৰ শোধন ক্ষমতা যোৱা ৫৯ বছৰে মাত্ৰ ৰ নিযুত টন ৰাখিলে কেন্দ্ৰীয় চৰকাৰ তথা আইঅ’চিএলে৷ শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ অক্টোবৰত নুনমাটি শোধনাগাৰৰ শোধন ক্ষমতা মাত্ৰ ০.২০ নিযুত টন বৃদ্ধি কৰি ১.২০ নিযুত টন কৰাৰ কথা ঘোষণা কৰিছে৷ অসমৰ শোধনাগাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তবিলাক পুতৌজনক নহয়নে?

ভাৰতীয় তেল নিগমৰ ১১টা তেল শোধনাগাৰৰ ভিতৰত ১৯৭৫ চনত পশ্চিমবংগৰ হালদিয়াত ২.৫ নিযুত টন ক্ষমতাসম্পন্ন শোধনাগাৰ স্থাপন কৰা হৈছিল৷ ১৯৮৯ত হালদিয়া শোধনাগাৰৰ শোধন ক্ষমতা ২.৭৫ নিযুত টনলৈ আৰু ১৯৯৭ চনত পুনৰ ৩.৭৫ নিযুত টনলৈ বৃদ্ধি কৰিলে৷ পুনৰ ২০০৫ চনত কেন্দ্ৰীয় চৰকাৰে হালদিয়া শোধনাগাৰৰ শোধন ক্ষমতা ৭.৫০ নিযুত টনলৈ বৃদ্ধি কৰিলে৷ ১৯৮২ চনত আইঅ’চিএলে উত্তৰ প্ৰদেশৰ মথুৰাত স্থাপন কৰা শোধনাগাৰৰ শোধন ক্ষমতা আছিল ৬ নিযুত টন৷ ২০০০ চনৰ জুলাইত ৮ নিযুত টনলৈ বৃদ্ধি কৰিলে৷ বৰ্তমান আইঅ’চিএলে মথুৰা শোধনাগাৰৰ শোধন ক্ষমতা ১১ নিযুত টনলৈ বৃদ্ধি কৰিলে৷ ১৯৯৮ চনত হাৰিয়ানাত ৬ নিযুত টন ক্ষমতাসম্পন্ন পাণিপথ তেল শোধনাগাৰ স্থাপন কৰিলে৷ কেন্দ্ৰীয় চৰকাৰে ২০০৬ত ১২ নিযুত টন আৰু ২০১০ত ১৫ নিযুত টনলৈ বৃদ্ধি কৰিলে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ১৫ হাজাৰ কোটি টকা বিনিয়োগ কৰি হাৰিয়ানাৰ পাণিপথ শোধনাগাৰৰ শোধন ক্ষমতা ২৫ নিযুত টনলৈ বৃদ্ধি কৰিছে৷ গুজৰাটৰ ভডোদৰা জিলাত ২ নিযুত টন ক্ষমতাসম্পন্ন কয়ালি শোধনাগাৰ স্থাপন কৰা হৈছিল ১৯৬৫ চনত৷ কয়ালি শোধনাগাৰৰ শোধন ক্ষমতা ১৯৭৪ত ৪.২ নিযুত টন, ১৯৭৮ত ৭.২ নিযুত টন, ১৯৯৯ত ১৩.৭ নিযুত টন আৰু বৰ্তমান ১৮ নিযুত টনলৈ বৃদ্ধি কৰা হ’ল৷ আইঅ’চিএলে ২০১৬ চনত ওড়িশাৰ পাৰাদ্বীপত স্থাপন কৰা তেল শোধনাগাৰৰ শোধন ক্ষমতা ১৫ নিযুত টন৷ আইঅ’চিএলৰ অধীনৰ চিপিচিএল শোধনাগাৰ ১৯৬৯ত ২.৫ নিযুত টন শোধন ক্ষমতাৰে প্ৰতিষ্ঠা হৈছিল৷ বৰ্তমান চিপিচিএলৰ শোধন ক্ষমতা ১০.৫ নিযুত টন৷

পানীপথ শোধনাগাৰ

১৯০১ চনত ডিগবৈ শোধনাগাৰ আৰম্ভ হোৱাৰ ৬১ বছৰৰ পাছত খাৰুৱা তেলৰ ৰাজ্য অসমত ১৯৬২ত দ্বিতীয়টো শোধনাগাৰ নুনমাটিত স্থাপন হ’ল৷ ১ নিযুত টন শোধন ক্ষমতাৰ নুনমাটি শোধনাগাৰৰ পাছত ১৯৭৯ত বঙাইগাঁৱত ২.৩৫ নিযুত টন ক্ষমতাৰ বঙাইগাঁও তেল শোধনাগাৰ আৰু ১৯৯৯ৰ ৯ জুলাইত ৩ নিযুত টন শোধন ক্ষমতাৰ নুমলীগড় শোধনাগাৰ স্থাপন কৰা হ’ল৷ অসমৰ চাৰিটা শোধনাগাৰৰ বৰ্তমান মুঠ শোধন ক্ষমতা মাত্ৰ ৭ নিযুত টন৷ ইতিমধ্যে নুমলীগড় শোধনাগাৰৰ ক্ষমতা ৩ নিযুত টনৰ পৰা ৯ নিযুত টন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ নুমলীগড় শোধনাগাৰৰ ৬ নিযুত টনৰ নতুন প্ৰকল্প সম্পূৰ্ণ হ’লে অসমৰ চাৰিটা শোধনাগাৰৰ মুঠ ক্ষমতা ১৩ নিযুত টনলৈ বৃদ্ধি হ’বগৈ৷ আইঅ’চিএলৰ অন্যান্য শোধনাগাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ দৰে অসমৰ শোধনাগাৰৰ ক্ষমতা বৃদ্ধি কৰিবলৈ দাবী জনালে অসমক বঞ্চিত কৰিব বিচৰা শক্তিসমূহে হয়তো যুক্তি দিব যে অসমত খাৰুৱা তেলৰ উৎপাদন কম৷ এইখিনিতে আমি নিশ্চয় প্ৰশ্ন কৰিব পাৰো যে ভাৰতৰ বিভিন্ন প্ৰান্তত থকা শোধনাগাৰসমূহৰ কোনকেইটা নিজৰ খাৰুৱা তেলৰ দ্বাৰা পৰিচালিত কৰিছে? পশ্চিম উপকূলীয় অঞ্চল আৰু অসম, গুজৰাট, ৰাজস্থানৰ বাহিৰে অন্য ৰাজ্যত খাৰুৱা তেল নাই৷ অথচ হাৰিয়ানা, পশ্চিমবংগ, বিহাৰত বৃহৎ শোধন ক্ষমতাৰ শোধনাগাৰ আছে৷ অসমত দেশৰ ২৬.৪৮ শতাংশ আৰু গুজৰাটত ১৯.৬৩ শতাংশ খাৰুৱা তেল মজুত আছে৷ পশ্চিম উপকূলীয় অঞ্চলত আছে ৩৯.৬০ শতাংশ৷ দেশৰ শোধনাগাৰসমূহৰ বাবে প্ৰয়োজনীয় খাৰুৱা তেলৰ প্ৰায় ৭৫ শতাংশ দেশৰ বাহিৰৰ পৰা অনা হয়৷ আমেৰিকা, চীন, ৰাছিয়া, চুডান, ইৰান, ইৰাক, লিবিয়া, ইজিপ্ত, অষ্ট্ৰেলিয়া, ভিয়েটনাম, ম্যানমাৰ, কাটাৰ আদি দেশৰ খাৰুৱা তেলেৰে ভাৰতৰ শোধনাগাৰে তৈলজাত সামগ্ৰী উৎপাদন কৰি আছে৷ অসমৰ বঙাইগাঁও আৰু নুনমাটি শোধনাগাৰলৈ বহিঃৰাষ্ট্ৰৰ খাৰুৱা তেল অনা হৈছে৷ নুমলীগড় শোধনাগাৰ ৯ নিযুত টন কৰাৰ বাবে ওড়িশাৰ পাৰাদ্বীপৰ পৰা বহিঃৰাষ্ট্ৰৰ খাৰুৱা তেল অনাৰ বাবে ১,৬৩০ কিলোমিটাৰ পাইপ লাইন নিৰ্মাণৰ ব্যৱস্থা আৰম্ভ হৈছে৷ অসমত অইল ইণ্ডিয়া আৰু অ’এনজিচিয়ে ৪ নিযুত টনতকৈ অধিক খাৰুৱা তেল উৎপাদন কৰি আছে৷ এনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় তেল নিগমে অসমৰ শোধনাগাৰৰ শোধন ক্ষমতা ভাৰতৰ অন্যান্য শোধনাগাৰৰ দৰে বৃদ্ধি নকৰাৰ যুক্তি কি? বৰ্তমান অসমত উৎপাদিত ৪ নিযুত টন খাৰুৱা তেলেৰে ডিগবৈ শোধনাগাৰৰ ক্ষমতা ১ নিযুতৰ পৰিৱৰ্তে ৪ নিযুত টন কৰি বঙাইগাঁও, নুনমাটি আৰু নুমলীগড় শোধনাগাৰলৈ বহিঃৰাষ্ট্ৰৰ খাৰুৱা তেল অনাৰ ব্যৱস্থা কৰি হ’লেও শোধন ক্ষমতা বৃদ্ধি কৰিব লাগে৷

কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ ২৫০ নিযুত টন শোধন ক্ষমতা ২০৪০লৈ ৪৫০ নিযুত টন কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ আইঅ’চিএলে চাৰি-পাঁচ বছৰৰ ভিতৰত নিজস্ব শোধন ক্ষমতা ৩ গুণ বৃদ্ধি কৰাৰ বাবে ১ লাখ কোটি টকা বিনিয়োগ কৰিব লৈছে৷ আমাৰ প্ৰস্তাৱ হ’ল, অসম চৰকাৰে খাৰুৱা তেলৰ ৰাজ্য অসমৰ তৈল খণ্ডৰ প্ৰসঙ্গত ভাৰতীয় তেল নিগম আৰু কেন্দ্ৰীয় চৰকাৰক ডিগবৈ, নুনমাটি আৰু বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা দেশৰ অন্য শোধনাগাৰৰ দৰে বৃদ্ধি কৰাৰ বাবে আহ্বান জনাওক৷ নুমলীগড় শোধনাগাৰৰ ক্ষমতা ৩ নিযুতৰ পৰা ৯ নিযুত কৰিব বিচৰাৰ অন্তৰালত ভাৰত-বাংলাদেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াৰ পদক্ষেপ জড়িত হৈ আছে৷ ২০১৫ চনৰ জুনত দেশৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত নুমলীগড় শোধনাগাৰৰ পৰা ১৫ বছৰলৈ বাংলাদেশলৈ ডিজেল প্ৰেৰণৰ প্ৰতিশ্ৰুতি দিছিল৷ তাৰেই ফলশ্ৰুতিত নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা ৯ নিযুত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিলে৷ প্ৰশ্ন থাকি গ’ল বাংলাদেশলৈ ১৫ বছৰৰ বাবে বিশেষ মূল্যত ডিজেল প্ৰেৰণৰ ক্ষেত্ৰত নুমলীগড়তকৈ ওচৰত থকা পাৰাদ্বীপ, বাৰাউনী বা হালদিয়া শোধনাগাৰক চিনাক্ত নকৰিলে কিয়?

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ