দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে ৭ মে’ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ

- Advertisement -
- Advertisement -
- Advertisement -

◊ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে অহা ৭ মে’ত ভোটগ্রহণ কৰা হ’ব। পূৰ্বে এই পৰ্যায়ত ৯৪ টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও মধ্য প্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীগৰাকী বিনাপ্রতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি হোৱাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিৰ সংখ্যা ৯৩ লৈ হ্ৰাস পাই। এই পৰ্যায়ত ১,৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকী স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে। আনহাতে ৪১১ গৰাকী প্ৰাৰ্থী ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ আৰু ৭১২ গৰাকী ৪১ৰ পৰা ৬০ৰ ভিতৰৰ। উল্লেখযোগ্য যে, প্রথম পৰ্যায়ত ১৯ এপ্ৰিলত দেশৰ ১০২টা সমষ্টিত আৰু দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ৮৮টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হৈছিল। আনহাতে, প্রথম পৰ্যায়ত ১,৬২৫ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত ১,১৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, পশ্চিমবংগৰ ৪ তথা গোৱা, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ দুখনকৈ আসনৰ বাবে ভোটগ্রহণ কৰা হ’ব। এইটো পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যকে ধৰি দেশৰ ১৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ নিৰ্বাচনী প্ৰক্ৰিয়া সামৰণি পৰিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ