তৃতীয় পৰ্যায়ৰ ৪ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি ক্ৰমাৎ তীব্ৰতৰ

- Advertisement -
- Advertisement -
- Advertisement -

■ দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতিয়ে ক্ৰমাৎ তীব্ৰতা লাভ কৰিছে।তৃতীয় পৰ্যায়ত অহা ৭ মে’ত ৰাজ্যৰ চাৰিটা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই চাৰিটা সমষ্টিত বর্তমান বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নেতা-কৰ্মীসকলে প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন আকৰ্ষণৰ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ মনোনীত প্রার্থী বিজুলী কলিতা মেধিৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাব। আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও আজি কামৰূপ জিলাৰ বকো আৰু ছয়গাঁৱত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।

ইপিনে, কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধী ভাদ্ৰাই আজি ধুবুৰী লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। একেদৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে আজি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ গুৱাহাটীত প্ৰচাৰ চলাব ৷ অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত মুঠ ৮১ লাখ ৪৯ হাজাৰ ৯১ গৰাকী ভোটদাতাই ভোটদান কৰাৰ সুযোগ লাভ কৰিছে। ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ৯,৫১৬টা ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। ভোটদানৰ হাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি নির্বাচন আয়োগে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন সমষ্টিত ভোটদাতাক আকৰ্ষণ কৰাৰ উদ্দেশ্যে আদর্শ ভোটকেন্দ্র স্থাপনকে ধৰি ভালেমান পদক্ষেপ লোৱা হৈছে। অহা ৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোৱালপাৰাত ৪০টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালনাৰ ব্যৱস্থা গ্ৰহণ কৰা কৰিছে। উল্লেখযোগ্য যে দ্বিতীয় পর্যায়ত ৬৬.৯৯ শতাংশ পুৰুষ ভোটদাতা, ৬৬.৪২ শতাংশ মহিলা ভোটদাতা আৰু ২৩.৮৬ শতাংশ তৃতীয় লিংগৰ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে।

- Advertisement -

গুৱাহাটীঃ

Stay Connected

27,240FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
light rain
23.4 ° C
23.4 °
23.4 °
78%
9.6m/s
76%
Sun
24 °
Mon
30 °
Tue
32 °
Wed
31 °
Thu
25 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47

শেহতীয়া আপডেটঃ